২১ ৰ নিৰ্বাচন; AJP আৰু ৰাইজৰ দল লগ লাগিলে কঁপনি তুলিব নেকি বিজেপিৰ দুৰ্গত?

আঞ্চলিকতাবাদী শক্তি একত্ৰিত হ’লেও উপকৃত হ’ব নেকি বিজেপি?

assam bjp

২০২১ ৰ নিৰ্বাচন সমাগত। ইয়াক লৈ সচেতন মহলত বিভিন্ন জল্পনা-কল্পনা তথা চৰ্চা চলা ইতিমধ্যে আৰম্ভ হৈছে।

২১ ৰ নিৰ্বাচনৰ প্ৰতিচ্ছবিখন বৰ্তমানো ধুৱলি-কুঁৱলী হৈ আছে। স্পষ্টকৈ ক’ব পৰা নাযায় যে কোনে মাৰিব শেষ হাঁহি?

তাৰ মাজতে চলিছে অন্য এক চৰ্চা। ৰাষ্ট্ৰীয়তাবাদী শক্তি বিশেষকৈ বিজেপিক উৎখাত কৰিবলৈ মতাদৰ্শ বেলেগ হ’লেও নতুনকৈ গঠন হ’ল দুটাকৈ আঞ্চলিক ৰাজনৈতিক দল।

বৰ্তমানো দুয়ো ৰাজনৈতিক দল একত্ৰিত হোৱাৰ বাবে যো-জা চলোৱা নাই যদিও ইতিমধ্যে আজি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত তথা ৭০ সংগঠনৰ উদ্যোগত গঠিত হোৱা ‘ৰাইজৰ দল’ৰ নেতৃত্বই ইতিমধ্যে স্পষ্ট কৰি দিছে যে আছু আৰু এজেৱাইচিপিৰ ঔৰসত ভুমিষ্ঠ হোৱা অসম জাতীয় পৰিষদৰ সৈতে মিত্ৰতা বা আসন বুজা-বুজিৰ বাবে প্ৰস্তুত। ইয়াৰ বাবে অসম জাতীয় পৰিষদে বিচাৰিলে আলোচনাত মিলিত হ’বলৈও প্ৰস্তুত।

এই সন্দৰ্ভত নৰ্থ ইষ্ট নাওৰ সৈতে হোবা  আছুতীয়া সাক্ষাৎকাৰত ‘ৰাইজৰ দল’ৰ মুখ্য আহ্বায়ক ৰুবুল দাসে কয় ‘২০২১ ত ৰাইজৰ দলে বিজেপিক প্ৰতিহত কৰিবলৈ সক্ষম হ’ব। আমি আহ্বান জনাওঁ অসম জাতীয় পৰিষদো আমাৰ লগত আহিব। আঞ্চলিকতাবাদী প্ৰগতিশীল ৰাজনৈতিক ধাৰা বৰ্তাই ৰখাৰ স্বাৰ্থত আমি ঐক্যবদ্ধ হৈ ২০২১ ত বিজেপিক উৎখাত কৰিবলৈ সক্ষম হ’ম।‘

ইপিনে, আন এক চৰ্চা চলিছে যে যদি এই দুই নতুন আঞ্চলিক শক্তি বা অন্য ৰাজনৈতিক শক্তি একত্ৰিত নহ’লে জনসাধাৰণৰ মাজত ভোট বিভাজন হৈ বিজেপি আৰু মিত্ৰজোঁটে সংখ্যাগৰিষ্ঠতা লাভ কৰি পুনৰ ২১ ত চৰকাৰ গঠন কৰিব।

এই সন্দৰ্ভত প্ৰশ্ন কৰা হৈছিল বীৰ লাচিত সেনাৰ নেতা তথা ‘ৰাইজৰ দল’ৰ আহ্বায়ক শৃংখল চলিহাক।

চলিহাই কয় ‘আমাৰ আৰু AJP ৰ মাজত সুস্থ আলোচনা হৈ আছে। আমাৰ মাজত আসন বুজা-বুজি হ’ব। অনাগত দিনত আমি একেলগ হ’ম।‘

এইখিনিতে স্বাভাৱিকতে ক’ব পাৰি যে প্ৰাৰ্থী যদি সবল হয় বা দুয়ো নতুন দল একত্ৰিত হৈ আসন বুজা-বুজি কৰে তেন্তে বিজেপিৰ সবল দুৰ্গত কঁপনি নিশ্চয়কৈ উঠিব।

ইপিনে, এই চৰ্চা চলি থকাৰ সময়তে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এক মন্তব্যই আচম্বিত কৰি তুলিছে সকলোকে।

তেওঁ সকলো আঞ্চলিক ৰাজনৈতিক দলক একত্ৰিত হ’বলৈ পৰামৰ্শ আগবঢ়োৱাৰ লগতে তেওঁৰ বক্তব্যৰ পৰা স্পষ্ট হৈ পৰিছে যে আঞ্চলিক ৰাজনৈতিক দল একত্ৰিত হ’লেও বিজেপিৰ ক্ষতি নহয়।

সংবাদ মাধ্যমৰ আগত হিমন্তই কয় ‘মই বিচাৰো সকলো আঞ্চলিক ৰাজনৈতিক দল একত্ৰিত হওঁক। নহ’লে নিৰ্বাচনৰ সভাত ইমান যদি নাম লৈ থাকো তেন্তে ক’ৰবাত নহয় ক’ৰবাত কোনো  দলৰ নাম ভুল হৈ যাব পাৰে। যিহেতু হাৰিবলগীয়া সকলোতে আছে ,গতিকে গোটেইকেইটা ৰাজনৈতিক দল একত্ৰিত হ’লে বিজেপিৰ বাবে সুবিধা হ’ব।‘

‘মই আঞ্চলিক ৰাজনৈতিক দল একত্ৰিত হ’লেও ৭০০-১৫০০ ভোট পাব বুলি আশা ৰাখিছো। কিন্তু ভাগ ভাগ হৈ থাকিলে এই ভোটৰ সংখ্যা ২০-২৫ লৈ আহি যাব।‘ ইতিকিং সূচকভাৱে এইদৰে কয় মন্ত্ৰী হিমন্তই।

ইপিনে, বৰ্তমানলৈকে চৰ্চিত লুৰীণজ্যোতি গগৈ, জগদীশ ভুঞা, পলাশ চাংমাই, দীপাংক নাথ, অখিল গগৈ, শৃংখল চলিহা, ৰুবুল দাস আৰু লুহিত গগৈ, ধৈয্য কোঁৱৰ, চাহজাহান আলীৰ মুখকেইখনৰ বাদে অন্য চিনাকি মুখ তেনেকৈ নাই। এই ক্ষেত্ৰত ১২৬ টা সমষ্টিত আসন বুজা-বুজি হ’লেও বিজেপি বা কংগ্ৰেছ, অগপৰ চিটিং বিধায়কক পৰাভুত কৰাৰ ক্ষেত্ৰত যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব। যিহেতু শাসকীয় বিজেপিয়ে নিজৰ সমষ্টি দখলৰ চেষ্টাত ইতিমধ্যে যুদ্ধক্ষেত্ৰত নামি পৰিছে।

আনহাতে, অন্য এক চৰ্চাও নচলা নহয়। কিছু কিছু ঠাইত জাতীয় সংগঠনসমূহৰ স্থিতি বা ভেটি মজবুত। জাতীয় সংগঠনৰ লগত বিশেষকৈ যুৱ ভোটাৰসকলো জৰিত হৈ থাকে। গতিকে জাতীয়তাবাদী ভাবধাৰাৰ সংগঠনৰ যুৱ ভোটাৰসকলে নতুন আঞ্চলিক ৰাজনৈতিক দলৰ সন্মিলিত প্ৰাৰ্থীক জয়ী কৰোৱাত কি ভূমিকা লয় তাৰ ওপৰতো যথেষ্টখিনি নিৰ্ভৰ কৰিব।

মুঠৰ ওপৰত চৰ্চাত এক নিমিলা অংকৰ সৃষ্টি হৈছে। তাৰ মাজতে সকলো ৰাজনৈতিক দলে নিজৰ প্ৰাৰ্থীক জয়ী কৰাই ২১ ত গাদী দখলৰ কুছকাৱাজ ইতিমধ্যে আৰম্ভ কৰিছে। গতিকে ২১ ৰ দিছপুৰ দখলৰ নিৰ্বাচনী যুঁজখন নিশ্চয়কৈ আকৰ্ষণীয় হৈ উঠিব।