NORTHEAST NOW (Assamese)

২১ ডিচেম্বৰত ৰাজ্যত সংখ্যালঘুৰ বাবে নতুন ৰাজনৈতিক দল ঘোষণাৰ প্ৰস্তুতি

December 17, 2020 8:50 pm · মুৰলী বৰুৱা

ভাৰতবৰ্ষ স্বাধীন হোৱা ৭৩ বছৰ পাৰ হৈ গল। কিন্তু আজিলৈকে অসমৰ সংখ্যালঘুৰ সমস্যাৰ সমাধান হোৱা নাই।

যুগ যুগ ধৰি অসমত সংখ্যালঘু মানুহ লাঞ্ছিত -বঞ্চিত হৈ আছে। যাৰ বাবেই অসমৰ সংখ্যালঘু মানুহৰ সমস্যা সমাধানৰ বাবে নতুন ৰাজনৈতিক আঞ্চলিক দল গঠন কৰা হ’ব বুলি জানিব দিয়ে দলৰ মুখ্য  আহ্বায়ক অধিবক্তা ৰেজাউল কৰিমে।

তেওঁ কয় যে অহা ২১ ডিচেম্বৰত দিনৰ ১১ বজাত গুৱাহাটী প্ৰেছ ক্লাৱত ঘোষণা হ’ব সংখ্যালঘুৰ নতুন ৰাজনৈতিক দলৰ।

তেওঁ কয় যে প্ৰতিটো ৰাজনৈতিক দলেই সংখ্যালঘুৰ ভোট লৈ শাসনৰ গাদীত বহিছে যদিও আজিলৈকে কোনো এটা দলেই সংখ্যালঘুৰ সমস্যাৰ সমাধান কৰা নাই ।

অসম চুক্তি মতে অসমত থকা সংখ্যালঘু ৰাইজৰ নাগৰিকত্বৰ প্ৰমাণ থকা স্বত্বেও সাংবিধানিক সম অধিকাৰ, সম মৰ্য্যাদা, সম উন্নয়ন আৰু মৌলিক অধিকাৰৰ পৰা বঞ্চিত কৰি আহিছে ইমান দিনে।

অসমৰ সংখ্যালঘু মুছলিম আৰু বঙালীক “সন্দেহযুক্ত”,  “অনুপ্ৰৱেশকাৰী “, ” বাংলাদেশী “,  আদি অপবাদ দি চৰকাৰী সা – সুবিধাৰ পৰাও বঞ্চিত কৰাৰ ষড়যন্ত্ৰ যুগ যুগ ধৰি চলি  আহিছে।

ভাৰতীয় নাগৰিকৰ লগত কৰা এনে কাৰ্য অসাংবিধানিক।

অসমত থকা সংখ্যালঘু লোক সকলো অসমীয়া জাতিৰে অংশ।

অসমীয়া জাতি শক্তিশালী কৰিবলৈ শংকৰ – আজানৰ মিলন ভূমি অসমত থকা সকলো ধৰ্মলম্বী, জাতি-জনগোষ্ঠী, বৰ্ণ-ভাষা ভাষী, সংখ্যালঘু, দলিত, আদিবাসী, পিছপৰা সম্প্ৰদায় সকলোৰে সম-সাংবিধানিক অধিকাৰ , সম- মৰ্য্যাদা, সম-উন্নয়ন, ন্যায়, নিৰাপত্তা দি ভয়মুক্ত কৰা  আৰু সম বিকাশৰ বাবে এই দলটোৱে কাম কৰি যাব বুলি মুখ্য আহ্বায়ক অধিবক্তা ৰেজাউল কৰিম এক বিবৃতি যোগে জানিবলৈ দিয়ে।

Related News