জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন (‘কা’) বাতিলৰ দাবীত আজি উত্তাল হৈ পৰে নগাঁও চহৰ।
নগঞা ছাত্ৰ শক্তিৰ উদ্যোগত নগাঁও চহৰৰ মতিৰাম বৰা উদ্যানৰ সন্মুখত ছাত্ৰ সকলে ‘কা’ বাতিলৰ দাবীত ৰণ- হুংকাৰ শীৰ্ষক এক প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰে।
ছাত্ৰ শক্তিৰ হৈ ছাত্ৰ নেতা ৰূপম বৰাই প্ৰতিবাদী কাৰ্য্যসূচীত ভাষণ প্ৰদান কৰি কয়- কেন্দ্ৰীয় চৰকাৰে ‘কা’ আইনৰ জৰিয়তে অসমীয়া জাতিৰ অস্তিত্ব বিপন্ন কৰিব বিচাৰিছে।
‘কা’ আইনে অসমৰ খিলঞ্জীয়া ভাষা- সংস্কৃতিৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিব।
তেওঁ লগতে কয়-‘কা’ আইনৰ আওতাৰ পৰা মেঘালয়, নাগালেণ্ড, অৰুণাচল, ত্ৰিপুৰা আদি ৰাজ্যক বাহিৰত ৰাখি কেৱল অসমত এই আইন জাপি দি অসমৰ থলুৱা খিলঞ্জীয়াক নি:শেষ কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে কেন্দ্ৰীয় চৰকাৰ।
কেন্দ্ৰীয় চৰকাৰৰ এনে জাতি ধ্বংসী সিদ্ধান্ত আমি কেতিয়াও সফল হ’বলৈ নিদিও। ‘কা’ বাতিল হ’বই লাগিব।
ছাত্ৰ সকলে ‘কা’ আমি নামানো, ‘কা’ বাতিল কৰক, প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী হায় হায়, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল হায় হায়, ‘কা’ ৰ বিৰুদ্ধে ৰাজপথলৈ ৰাইজ ওলাই আহক আদি বিভিন্ন ধ্বনি দি পৰিৱেশ উত্তাল কৰি তোলে।
শিল্পী পাৰ্থ শইকীয়াই জাতীয় চেতনামূলক গীত পৰিৱেশন কৰে। নগঞা ছাত্ৰ শক্তিৰ গীতে মাতে মুখৰিত হৈ পৰিল নগাঁৱৰ মতিৰাম বৰা উদ্যান।
ছাত্ৰ নেতা যুগস্নাভ বড়োয়ে ভাষণ প্ৰদান কৰি বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ আৰু সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন অসমৰ মিত্ৰজোঁটৰ চৰকাৰক কঠোৰ সমালোচনা কৰি কয়-‘কা’ আমি কোনো কাৰণতে মানি নলও।
‘কা’ই অসমৰ জাতীয় জীৱনলৈ ভাবুকি কঢ়িয়াই আনিব। ‘কা’ বাতিলৰ বাবে ৰাজপথলৈ ৰাইজক ওলাই আহি শক্তিশালী আন্দোলন গঢ়ি তুলিবলৈ ছাত্ৰ নেতা আহ্বান জনায়। নগঞা ছাত্ৰ সকলে পৰৱৰ্তী পৰ্যায়ত ‘কা’ বাতিলৰ দাবীত তীব্ৰ আন্দোলন গঢ়ি তোলা হ’ব বুলি চৰকাৰক সতৰ্ক কৰি দিয়ে।