চৰকাৰী কৰ্মচাৰীৰ বাবে সুখবৰ! অষ্টম দৰমহা আয়োগৰ প্ৰস্তাৱ; কিমান বৃদ্ধি হ’ব দৰমহা, ডি এ?

লোকসভা নিৰ্বাচনৰ পূৰ্বেই মোডী চৰকাৰে চৰকাৰী কৰ্মচাৰীৰ বাবে ৪ শতাংশ ডিয়াৰনেছ এলাৱেন্স (ডি এ) বৃদ্ধিৰ অনুমোদন জনাইছে। কেন্দ্ৰৰ এই ঘোষণাত চৰকাৰী কৰ্মচাৰীসকল যথেষ্ট সুখী।

ইয়াৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীয়ে ৪৬ শতাংশ হাৰত ডি এ লাভ কৰিছিল। কিন্তু চাৰি শতাংশ বৃদ্ধি পাই ই ৫০ শতাংশত উপনীত হয়। নিয়ম অনুসৰি যেতিয়া ডিয়াৰনেছ এলাৱেন্সৰ হাৰ পঞ্চাশ শতাংশ হয় তেতিয়াহে চৰকাৰে অষ্টম দৰমহা আয়োগ গঠনৰ কথা গুৰুত্বসহকাৰে বিবেচনা কৰিব লগা হয়।

কেন্দ্ৰীয় বাজেট ১ মাহৰ পিছত দাখিল কৰিব পাৰে। কিন্তু তাৰ আগতে নেচনেল কাউন্সিল (ষ্টাফ চাইড, কেন্দ্ৰীয় চৰকাৰৰ চাকৰিয়ালৰ বাবে যুটীয়া পৰামৰ্শদাতা সমিতি)ৰ সম্পাদক শিৱ গোপাল মিশ্ৰই অষ্টম দৰমহা আয়োগৰ গঠন সন্দৰ্ভত কেবিনেট সচিবলৈ এখন পত্ৰ প্ৰেৰণ কৰে। তাতেই চৰকাৰক অষ্টম দৰমহা আয়োগৰ প্ৰস্তাৱ দিছে।

লগতে পঢ়কঃ আজি ২১ জুন ‘আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস’, জানি লওক এইবাৰৰ বিষয়বস্তু (থিম)

পূৰ্বে ৪-৭ শতাংশ মুদ্ৰাস্ফীতি আছিল যদিও ক’ভিডৰ পিছত গড়ে ৫.৫ শতাংশলৈ বৃদ্ধি পাইছে বুলি কেবিনেট সচিবলৈ লিখা পত্ৰত মিশ্ৰই উল্লেখ কৰিছে। ২০১৬ চনৰ পৰা ২০২৩ চনলৈ দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰী আৰু সামগ্ৰীৰ খুচুৰা মূল্য তুলনা কৰিলে দেখা যায় যে স্থানীয় বজাৰ অনুসৰি ৮০ শতাংশতকৈও অধিক বৃদ্ধি পাইছে।

তেওঁ লগতে কয় যে ২০২৪ চনৰ জুলাই পৰ্যন্ত প্ৰায় ৪৬ শতাংশ ডিয়াৰনেছ এলাৱেন্স প্ৰদান কৰা হৈছে, গতিকে প্ৰকৃত মুদ্ৰাস্ফীতি আৰু কৰ্মচাৰী আৰু পেঞ্চনাৰক প্ৰদান কৰা ডি এৰ মাজত এক ব্যৱধান আছে। গতিকে ইয়াৰ পুনৰীক্ষণ আৰু সংশোধন কৰাৰ প্ৰয়োজন আছে।

মিশ্ৰই উল্লেখ কৰে যে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰৰ ডি এ ২০১৪ চনৰ ১ জানুৱাৰীৰ পৰা ৫০ শতাংশলৈ বৃদ্ধি কৰা হৈছে। কিন্তু সেই সময়সীমাৰ পিছত নিযুক্তি পোৱাসকলৰ পেঞ্চন নিয়মৰ অধীনত পেঞ্চন পুনৰ ঘূৰাই দিয়াৰ কোনো সিদ্ধান্ত লোৱা হোৱা নাই।

লগতে পঢ়কঃ মহম্মদ ছামি-ছানিয়া মিৰ্জাৰ বিবাহৰ চৰ্চা! সকলো বিৱৰি ক’লে পিতৃ ইমৰাণ মিৰ্জাই

উল্লেখ্য যে প্ৰতি দহ বছৰৰ মূৰে মূৰে কেন্দ্ৰীয় দৰমহা আয়োগ গঠন কৰা হয়। ইয়াৰ পূৰ্বে ২০১৪ চনৰ ২৮ ফেব্ৰুৱাৰীত সপ্তম দৰমহা আয়োগ গঠন কৰা হৈছিল। সেই সময়ত দিয়া পৰামৰ্শসমূহ ২০১৬ চনৰ ১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হৈছিল। অষ্টম কেন্দ্ৰীয় দৰমহা আয়োগ দহ বছৰৰ পাছত ২০২৬ চনৰ জানুৱাৰী মাহৰ পৰা আৰম্ভ কৰাৰ প্ৰস্তাৱ দিয়া হৈছে।