NORTHEAST NOW (Assamese)

মহানগৰীত চিটীবাছৰ নতুন পথ নিৰ্দেশনা; ২২ টা পথৰ সলনি চলিব ৩৬ টা পথত

February 22, 2019 6:27 pm · এন ই নাও নিউজ
Updated: February 22, 2019 8:29 pm
প্ৰতিনিধিত্বমূলক চিত্ৰ

মহানগৰীত চিটী বাছৰ নতুন পথ নিৰ্দেশনা জাৰি কৰিছে অসম ৰাজ্যিক পৰিবহণ বিভাগে। এই নতুন নিৰ্দেশনা মতে ইতিমধ্যে থকা পথ নিৰ্দেশনাৰ কিছু সালসলনিৰ উপৰি নতুনকৈ কেইবাটাও স্থানলৈ আৰু কেইবাটাও পথত চিটী বাছ চলিব।

বাছ চলাচল কৰিবলগীয়া পথসমূহ আৰু বাছৰ নম্বৰসমূহ ক্ৰমিক নম্বৰ হিচাপে দিয়া হ’ল –

১. খানাপাৰাৰ পৰা দিছপুৰ, ভঙাগড় হৈ জালুকবাৰীলৈ

২. বশিষ্ঠৰ পৰা গণেশগুৰি, ভৰলুমুখ হৈ জালুকবাৰীলৈ

৩. নটবমাৰ পৰা হাতীগাঁও, পল্টন বজাৰ হৈ জালুকবাৰীলৈ

৪. ছাৰ্ছফিল্ডৰ পৰা ফেন্সী বজাৰ, কামাখ্যাগেট হৈ পাণ্ডুলৈ

৫. কাহিলীপাৰাৰ পৰা গণেশগুৰি, পল্টন বজাৰ হৈ জালুকবাৰীলৈ

৬. কাছাৰীৰ পৰা পাণবজাৰ, ভৰলুমুখ হৈ কামাখ্যা মন্দিৰলৈ

৭. ফৰেষ্টগে’টৰ পৰা শিলপুখুৰী, মাছখোৱা হৈ জালুকবাৰীলৈ

৮. খানাপাৰাৰ পৰা সৰুসজাই, গড়চুক হৈ জালুকবাৰীলৈ

৯. পল্টন বজাৰ, ভৰলুমুখ, জালুকবাৰী হৈ এয়াৰপ’ৰ্টলৈ

১০. পল্টন বজাৰৰ পৰা যোৰাবাট, তেতেলীয়া হৈ জাগীৰোডলৈ

১১. ISBTৰ পৰা বশিষ্ঠ চাৰিআলি, লাষ্টগে’ট, চানমাৰি হৈ জালুকবাৰীলৈ

১২. চন্দ্ৰপুৰৰ পৰা হাতীশিলা, নুনমাটি, গুৱাহাটী ক্লাব, ভূতনাথ হৈ জালুকবাৰীলৈ

১৩. ISBTৰ পৰা লখৰা, লালগণেশ, বিৰুবাৰী হৈ পল্টন বজাৰলৈ

১৪. ISBTৰ পৰা গড়চুক, ধীৰেণপাৰা, ফটাশিল হৈ কাছাৰীলৈ

১৫. খানাপাৰাৰ পৰা লখৰা, তেতেলীয়া, জালুকবাৰী হৈ আমিনগাঁৱলৈ

১৬. লালমাটিৰ পৰা হাতীগাঁও, বৰা ছাৰ্ভিচ, মাছখোৱা, শান্তিপুৰ, আদাবাৰী হৈ জালুকবাৰীলৈ

১৭. খানাপাৰাৰ পৰা গণেশগুৰি, জু–তিনিআলি, গীতামন্দিৰ হৈ নাৰেংগী, চচল হৈ খানাপাৰালৈ

১৮. ফৰেষ্ট গে’টৰ পৰা নুনমাটি, চানমাৰি, পাণবজাৰ, আদাবাৰী হৈ আমিনগাঁও ডি চি অফিচলৈ

১৯. বশিষ্ঠ চাৰিআলিৰ পৰা লখৰা, বৰাগাঁও, জালুকবাৰী হৈ গুৱাহাটী বিশ্ববিদ্যালয়লৈ

২০. বশিষ্ঠ মন্দিৰৰ পৰা চানমাৰি হৈ কাছাৰীলৈ

২১. কাছাৰীৰ পৰা আদাবাৰীলৈ

২২. বশিষ্ঠ মন্দিৰৰ পৰা পল্টন বজাৰ হৈ কাছাৰীলৈ

২৩. খানাপাৰাৰ পৰা গণেশগুৰি ফ্লাই অভাৰেৰে কাছাৰীলৈ

২৪. লালগণেশৰ পৰা চানমাৰি হৈ গুৱাহাটী ক্লাবলৈ

২৫. নটবমাৰ পৰা চানমাৰি হৈ গুৱাহাটী ক্লাবলৈ

২৬. পাঞ্জাবাৰীৰ পৰা চানমাৰি হৈ কাছাৰীলৈ

২৭. কাছাৰীৰ পৰা মালিগাঁও হৈ ধাৰাপুৰ চাৰিআলিলৈ

২৮. কাছাৰীৰ পৰা চানমাৰি হৈ নাৰেংগীলৈ

২৯. চন্দ্ৰপুৰৰ পৰা নুনমাটি হৈ গুৱাহাটী ক্লাবলৈ

৩০. সাতগাঁৱৰ পৰা চানমাৰি হৈ গুৱাহাটী ক্লাবলৈ

৩১. খানাপাৰাৰ পৰা লখৰা হৈ জালুকবাৰীলৈ

৩২. ISBTৰ পৰা লখৰা, লালগণেশ হৈ পল্টন বজাৰলৈ

৩৩. আদাবাৰীৰ পৰা হাজোলৈ

৩৪. আদাবাৰীৰ পৰা শুৱালকুছিলৈ

৩৫. খানাপাৰাৰ পৰা ক্ষেত্ৰীলৈ

৩৬. বৰ্ণিহাটৰ পৰা বশিষ্ঠ, লখৰা হৈ জালুকবাৰীলৈ নতুন পথ

উল্লেখযোগ্য যে পূৰ্বতে মহানগৰীত চিটীবাছ চলাচলৰ বাবে ২২ টা পথ আছিল, এতিয়া ইয়াক ৩৬ টা লৈ বৰ্ধিত কৰা হৈছে। অহা সপ্তাহৰ পৰা এই নিৰ্দেশনা কাৰ্য্যকৰী কৰা হ’ব বুলি সদৰী কৰি কামৰূপ মহানগৰ জিলা পৰিবহন বিষয়া বাপন কলিতাই নৰ্থ-ইষ্ট নাওৰ আগত কয় যে, ‘আমাৰ ফালৰ পৰা ইতিমধ্যে সকলোখিনি কৰা হৈছে, জাননী দিয়াও হৈছে। কেৱল জি এম চিয়ে পথসমূহৰ নম্বৰসমূহ লিখিবলৈ বাকী আছে, সেয়া দুই-এদিনতে হৈ উঠিব।’

আনহাতে চিটীবাছসমূহৰ পথৰ নম্বৰ অনুসৰি বাছ ষ্টপেজো বেলেগ বেলেগ হ’ব বুলি ঘোষোণা কৰে জিলা পৰিবহণ বিষয়া তথা আঞ্চলিক পৰিবহণ প্ৰাধিকাৰী বিষয়া বাপন কলিতাই।

Related News