• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আফগানিস্তানৰ বিৰুদ্ধে টেষ্ট মেচৰ পূৰ্বে ভাৰতীয় ক্ৰিকেট দলত নতুন স্পিন প্ৰশিক্ষক নিযুক্তি, নিউজিলেণ্ড আৰু দক্ষিণ আফ্ৰিকাৰ পৰাজয়ৰ পিছত ল’লে শিক্ষা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 2, 2026 9:01 pm
33
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰত আৰু আফগানিস্তানৰ মাজত হ’বলগীয়া প্ৰথম টেষ্ট মেচখনৰ পূৰ্বে ভাৰতীয় ক্ৰিকেট দলে এক ডাঙৰ সিদ্ধান্ত লৈছে। টীম ইণ্ডিয়াই চাইৰাজ বহুতুলেক নতুন স্পিন বলিং প্ৰশিক্ষক হিচাপে নিযুক্তি দিছে। পূৰ্বৰ লেগ স্পিনাৰ বহুতুলে যোৱা বছৰ ৰাজস্থান ৰয়েলছৰ পৰা আঁতৰি অহাৰ পিছত এইবাৰ আই পি এল ২০২৬ বৰ্ষৰ ছিজনত পঞ্জাৱ কিংছ দলৰ সৈতে কাম কৰি আছিল। এতিয়া তেওঁ মুল্লানপুৰ টেষ্টত মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰৰ কোচিং কৰ্মচাৰীৰ দলটোত অন্তৰ্ভুক্ত হ’ব। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড অৰ্থাৎ বি চি চি আয়ে ছচিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এটা পোষ্ট কৰি এই কথা নিশ্চিত কৰিছে।

প্ৰাপ্ত খবৰ অনুসৰি ভাৰতৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰে নিজেই বি চি চি আইৰ ওচৰত চাইৰাজ বহুতুলেক স্পিন বলিং প্ৰশিক্ষক কৰিবলৈ অনুৰোধ জানাইছিল। ২০২৪ চনৰ জুলাই মাহত ৰাহুল দ্ৰাবিড়ৰ পৰা দায়িত্ব লোৱাৰ পিছৰে পৰা গম্ভীৰে কোনো স্পিন প্ৰশিক্ষক নোহোৱাকৈয়ে কাম চলাই আছিল। ইয়াৰ মাজতে ভাৰতীয় দলে ২০২৪ চনত নিউজিলেণ্ডৰ হাতত ০-৩ ব্যৱধানত আৰু ২০২৫ চনত দক্ষিণ আফ্ৰিকাৰ হাতত ০-২ ব্যৱধানত হোৱাইটৱাছ হ’বলগীয়া হৈছিল। এই পৰাজয়ৰ পিছতে হয়তো গম্ভীৰৰ চকু মুকলি হ’ল আৰু দল পৰিচালনা সমিতিয়ে স্পিন প্ৰশিক্ষকৰ প্ৰয়োজনীয়তা অনুভৱ কৰিলে। বহুতুলে এতিয়া মুল্লানপুৰত ভাৰতীয় দলৰ সৈতে যোগ দি ৱাশ্বিংটন সুন্দৰ, কুলদীপ যাদৱ, মানব সুথাৰ, গুৰনুৰ ব্ৰাৰ আৰু হৰ্ষ ডুবেৰ দৰে যুৱ স্পিনাৰসকলৰ সৈতে কাম কৰিব।

Apply Now

৫৩ বছৰীয়া চাইৰাজ বহুতুলে ক্ৰিকেট জগতৰ এজন অতি পৰিচিত প্ৰশিক্ষক। তেওঁ বেংগালুৰুৰ চেন্টাৰ অৱ এক্সেলেন্সত বিশেষজ্ঞ বলিং প্ৰশিক্ষক হিচাপে নিজৰ চাৰি বছৰীয়া সময়ছোৱাত বহুতো যুৱ স্পিনাৰৰ সৈতে কাম কৰিছে। ইয়াৰ পূৰ্বে ২০২৪ চনতো তেওঁ ভাৰতীয় দলৰ অন্তৱৰ্তীকালীন বলিং প্ৰশিক্ষক হিচাপে কাম কৰিছিল, যেতিয়া গম্ভীৰ প্ৰথমবাৰৰ বাবে মুখ্য প্ৰশিক্ষক হৈ ভ্ৰমণলৈ গৈছিল। বিভিন্ন ঘৰুৱা ক্ৰিকেট দলসমূহৰ সৈতেও তেওঁৰ কাম কৰাৰ দীৰ্ঘদিনীয়া অভিজ্ঞতা আছে। ভাৰতীয় দলত বৰ্তমান গম্ভীৰৰ উপৰিও সিতাংশু কোটক আৰু ৰায়ান টেন ডোছ আছেনি। দলটোত কেৱল স্পিন বলিং প্ৰশিক্ষকৰ অভাৱ আছিল আৰু এতিয়া ভাৰতে সেই অভাৱ পূৰণ কৰিলে। আশা কৰা হৈছে যে এতিয়া ভাৰতীয় স্পিনাৰসকলৰ প্ৰদৰ্শন অধিক উন্নত হ’ব, যিসকলক নিউজিলেণ্ড আৰু দক্ষিণ আফ্ৰিকাৰ স্পিনাৰসকলে পিছ পেলাই থৈ গৈছিল। বহুতুলে কেৱল টেষ্ট মেচতে সীমাবদ্ধ নাথাকিব, তেওঁ আটাইকেইটা ফৰ্মেটৰে প্ৰশিক্ষণ দলৰ অংশ হ’ব আৰু এই টেষ্ট মেচখনৰ পিছত তেওঁৰ পৰৱৰ্তী কাম হ’ব ভাৰত আৰু আফগানিস্তানৰ মাজৰ এদিনীয়া শৃংখলা।

চাইৰাজ বহুতুলেৰ আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ জীৱনটো যথেষ্ট উত্থান-পতনৰে ভৰা আছিল। তেওঁ ১৯৯৭ চনত ভাৰতীয় দলত অভিষেক ঘটাইছিল আৰু ২০০৩ চনত নিজৰ শেষৰখন মেচ খেলিছিল। এই বছৰবোৰত তেওঁ মাত্ৰ দুখন টেষ্ট আৰু আঠখন এদিনীয়া মেচ খেলিবলৈ সক্ষম হৈছিল। পিছে ঘৰুৱা ক্ৰিকেটত তেওঁৰ প্ৰদৰ্শন আছিল অতি চমকপ্ৰদ। প্ৰায় ২০ বছৰীয়া ক্ৰীড়া জীৱনত তেওঁ ১৮৮ খন প্ৰথম শ্ৰেণীৰ ক্ৰিকেট মেচ খেলি ৬৩০ টা ৱিকেট দখল কৰিছিল। ইয়াৰ উপৰিও তেওঁ ১৪৩ খন লিষ্ট এ মেচ খেলি নিজৰ লেগ স্পিনেৰে ১৯৭ টা ৱিকেট লাভ কৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৭০ শতাংশ পৰ্যন্ত হ্ৰাস পাব কৰ্কট ৰোগৰ ঔষধৰ দাম! কেতিয়াৰ পৰা সুবিধা লাভ কৰিব ৰোগীয়ে?

October 13, 2026 5:34 pm
৩৩ বছৰ পূৰ্বে কিদৰে দেশৰ মুখ্য প্ৰতিবাদস্থলী হৈ পৰিছিল যন্তৰ মন্তৰ?

৩৩ বছৰ পূৰ্বে কিদৰে দেশৰ মুখ্য প্ৰতিবাদস্থলী হৈ পৰিছিল যন্তৰ মন্তৰ?

October 13, 2026 4:39 pm
বিজেপি চৰকাৰৰ অমানৱীয় কাণ্ড; কিয় নিজৰ চৰকাৰৰ বিৰুদ্ধেই ধৰ্ণাত বহিল শিৱৰাজ সিং চৌহান?

বিজেপি চৰকাৰৰ অমানৱীয় কাণ্ড; কিয় নিজৰ চৰকাৰৰ বিৰুদ্ধেই ধৰ্ণাত বহিল শিৱৰাজ সিং চৌহান?

October 13, 2026 1:37 pm
হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

October 13, 2026 11:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৭০ শতাংশ পৰ্যন্ত হ্ৰাস পাব কৰ্কট ৰোগৰ ঔষধৰ দাম! কেতিয়াৰ পৰা সুবিধা লাভ কৰিব ৰোগীয়ে?

October 13, 2026 5:34 pm
৩৩ বছৰ পূৰ্বে কিদৰে দেশৰ মুখ্য প্ৰতিবাদস্থলী হৈ পৰিছিল যন্তৰ মন্তৰ?

৩৩ বছৰ পূৰ্বে কিদৰে দেশৰ মুখ্য প্ৰতিবাদস্থলী হৈ পৰিছিল যন্তৰ মন্তৰ?

October 13, 2026 4:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd