• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Uncategorized

শান্তি চুক্তিৰ চৰ্চাৰ মাজতে নতুন উত্তেজনা, ইৰানে ভূপতিত কৰিলে আমেৰিকাৰ আন এখন ড্ৰোন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 31, 2026 8:18 am
156
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শান্তি চুক্তিৰ আলোচনা চলি থকাৰ মাজতে ইৰান আৰু আমেৰিকাৰ মাজত সংঘাত তীব্রতৰ হৈ পৰিছে। ইৰানৰ ইছলামিক ৰিভলিউশ্যনাৰী গাৰ্ড কৰ্পছে অৰ্থাৎ আইআৰজিচিয়ে আমেৰিকাৰ আন এটা ড্ৰোন ভূপতিত কৰিছে। দেওবাৰে ইৰানৰ সেনাই এই তথ্য ৰাজহুৱা কৰিছে। সেনাই জনোৱা অনুসৰি তেওঁলোকে আমেৰিকাৰ এটা এমকিউ-১ ড্ৰোন মাৰি তললৈ নমাইছে। ইৰানে এক চৰকাৰী বিবৃতিত কৈছে যে শত্ৰুতামূলক অভিযান চলোৱাৰ উদ্দেশ্যেৰে ড্ৰোনটো ইৰানৰ সাগৰীয় সীমাত প্ৰৱেশ কৰিছিল। কিন্তু তেওঁলোকে লগে লগে ড্ৰোনটো চিনাক্ত কৰে আৰু বায়ু প্ৰতিৰক্ষা মিছাইল ব্যৱহাৰ কৰি ইয়াক ধ্বংস কৰে।

ইয়াৰ পূৰ্বে যোৱা মঙলবাৰেও ইৰানৰ সেনাই আমেৰিকাৰ একেধৰণৰ এটা ড্ৰোন মাৰি পেলাইছিল বুলি জনাইছিল। ইৰানৰ সেনাই স্পষ্ট কৰি দিছে যে আমেৰিকাই যিকোনো ধৰণৰ যুদ্ধবিৰতি উলংঘা কৰিলে তাৰ উচিত প্ৰত্যুত্তৰ দিয়াৰ অধিকাৰ তেওঁলোকৰ আছে। স্থানীয় সংবাদ মাধ্যমৰ ৰিপৰ্ট অনুসৰি ইৰানৰ আকাশসীমাত প্ৰৱেশ কৰা এখন আমেৰিকান যুঁজাৰু বিমানৰ ওপৰতেও ইৰানী সেনাই গুলীবৰ্ষণ কৰিছিল। আমেৰিকাই ইৰানৰ ওপৰত নতুনকৈ আত্মৰক্ষামূলক আক্ৰমণ চলোৱাৰ কথা ঘোষণা কৰাৰ পাছতে এই ঘটনা সংঘটিত হৈছিল।

Apply Now

আমেৰিকাৰ চেন্ট্ৰেল কমাণ্ডে অৰ্থাৎ চেন্টকম-এ যোৱা সোমবাৰে দক্ষিণ ইৰানত তীব্ৰ আক্ৰমণ চলাইছিল। আমেৰিকাৰ সেনাই দক্ষিণ ইৰানৰ মিছাইল উৎক্ষেপণ কেন্দ্ৰ আৰু সাগৰত মাইন পাৰি থকা নাওসমূহৰ ওপৰত এই আক্ৰমণ কৰে। আমেৰিকাৰ সেনাৰ মুখপাত্ৰ টিম হকিঞ্চে এক বিবৃতিত জনাইছে যে নিজৰ জোৱানসকলক ইৰানী সেনাৰ ভাবুকিৰ পৰা সুৰক্ষিত কৰিবলৈ তেওঁলোকে এই আত্মৰক্ষামূলক আক্ৰমণ চলাইছিল। ইয়াৰ পাছত বৃহস্পতিবাৰেও আমেৰিকাই ইৰানৰ এটা সামৰিক ঘাটিত নিশাটোৰ ভিতৰতে আক্ৰমণ কৰে। ৱাছিংটনে দাবী কৰিছে যে এই সামৰিক ঘাটিটোৱে অঞ্চলটোত থকা আমেৰিকান সেনা আৰু ব্যৱসায়িক জাহাজসমূহৰ বাবে বিপদৰ সৃষ্টি কৰিছিল।

এই ধাৰাবাহিক আক্ৰমণৰ পাছত আমেৰিকাৰ বিষয়াসকলে ইয়াক সম্পূৰ্ণৰূপে প্ৰতিৰক্ষামূলক বুলি অভিহিত কৰিছে। তেওঁলোকে জোৰ দি কৈছে যে আমেৰিকা আৰু ইৰানৰ মাজৰ যুদ্ধবিৰতি এতিয়াও বাহাল আছে বুলি ধৰি লোৱা হৈছে। ইফালে ইৰানৰ সংবাদ সংস্থা ফাল্ছে জনোৱা অনুসৰি হৰমুজ প্ৰণালীত অৱস্থিত ইৰানৰ বন্দৰ চহৰ বন্দৰ আব্বাছৰ পূব দিশত বৃহস্পতিবাৰে নিশা প্ৰায় ডেৰ বজাত তিনিটাকৈ ডাঙৰ বিস্ফোৰণৰ শব্দ শুনা গৈছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

তিনি বছৰৰো অধিক সাংবাদিকতাৰ অভিজ্ঞতা থকা অঞ্জুমান ভৰদ্বাজে বৰ্তমান 'নৰ্থইষ্ট নাও'ৰ অসমীয়া সংস্কৰণৰ কপি সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। উত্তৰ-পূৰ্বাঞ্চল, ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাজনীতি, পৰিবেশ, ক্ৰীড়া আৰু স্বাস্থ্য সম্পৰ্কীয় বিষয়ত তেওঁৰ বিশেষ আগ্ৰহ আছে। ঔষধ প্ৰতিৰোধী যক্ষ্মাৰোগৰ প্ৰতিবেদন প্ৰস্তুতৰ বাবে ভৰদ্বাজে ২০২৫-২৬ বৰ্ষৰ 'ৰীচ্চ মিডিয়া ফেল’শ্বিপো' (REACH Media Fellowship) লাভ কৰিছে। [email protected]

Stay Connected

  • 117k Fans

Recent News

ৰাজধানীত বস্তি ঢাকি ব্ৰিকছ সন্মিলনৰ প্ৰস্তুতি! চৰকাৰৰ সৌন্দৰ্যবৰ্ধনক লৈ সৰ্বত্ৰে চৰ্চা

ৰাজধানীত বস্তি ঢাকি ব্ৰিকছ সন্মিলনৰ প্ৰস্তুতি! চৰকাৰৰ সৌন্দৰ্যবৰ্ধনক লৈ সৰ্বত্ৰে চৰ্চা

September 12, 2026 3:17 pm
সুৰাৰ দোকান ১৩ দিন বন্ধ থাকিলে হাস্পাতলত ভিৰ বাঢ়ি যাব নিচাসক্তৰ; কিয় ক’লে বোম্বে উচ্চ ন্যায়ালয়ে

সুৰাৰ দোকান ১৩ দিন বন্ধ থাকিলে হাস্পাতলত ভিৰ বাঢ়ি যাব নিচাসক্তৰ; কিয় ক’লে বোম্বে উচ্চ ন্যায়ালয়ে

September 12, 2026 2:40 pm
চাকৰি দিয়াৰ নামত কেলেংকাৰী; বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ, ভগ্নীৰ বিৰুদ্ধে ১৮ কোটি টকা সংগ্ৰহৰ অভিযোগ

চাকৰি দিয়াৰ নামত কেলেংকাৰী; বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ, ভগ্নীৰ বিৰুদ্ধে ১৮ কোটি টকা সংগ্ৰহৰ অভিযোগ

September 12, 2026 12:55 pm
উত্তৰাখণ্ডৰ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত মোক্ষম আঘাত! দলৰ সকলো পদ ত্যাগ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ

উত্তৰাখণ্ডৰ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত মোক্ষম আঘাত! দলৰ সকলো পদ ত্যাগ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ

September 12, 2026 12:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাজধানীত বস্তি ঢাকি ব্ৰিকছ সন্মিলনৰ প্ৰস্তুতি! চৰকাৰৰ সৌন্দৰ্যবৰ্ধনক লৈ সৰ্বত্ৰে চৰ্চা

ৰাজধানীত বস্তি ঢাকি ব্ৰিকছ সন্মিলনৰ প্ৰস্তুতি! চৰকাৰৰ সৌন্দৰ্যবৰ্ধনক লৈ সৰ্বত্ৰে চৰ্চা

September 12, 2026 3:17 pm
সুৰাৰ দোকান ১৩ দিন বন্ধ থাকিলে হাস্পাতলত ভিৰ বাঢ়ি যাব নিচাসক্তৰ; কিয় ক’লে বোম্বে উচ্চ ন্যায়ালয়ে

সুৰাৰ দোকান ১৩ দিন বন্ধ থাকিলে হাস্পাতলত ভিৰ বাঢ়ি যাব নিচাসক্তৰ; কিয় ক’লে বোম্বে উচ্চ ন্যায়ালয়ে

September 12, 2026 2:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd