নৱজাতকৰ দাম ৫ লাখ টকা ! এমাহত বিক্ৰী ১০টা নৱজাতক : চিবিআইৰ অভিযানত চাঞ্চল্যকৰ তথ্য

এটি নৱজাতকৰ দাম ৫ লাখ টকা। ৫ লাখ টকাত এমাহত বিক্ৰী কৰা হৈছে ১০ টাকৈ নৱজাতক। দিল্লীত চিবিআই-এ শিশু সৰবৰাহকাৰী চক্ৰৰ সন্ধানত চলোৱা এক অভিযানত পোহৰলৈ আহিছে এই তথ্য। 

এই সৰবৰাহৰ চক্ৰটো ধৰিবলৈ চিবিআই-এ শুকুৰবাৰে সন্ধিয়াৰ পৰা দিল্লীৰ কেশৱপুৰম আৰু দিল্লী-এনচিআৰত অভিযান আৰম্ভ কৰিছিল।

প্ৰাৰম্ভিক তদন্তৰ অন্তত চিবিআইয়ে জানিব পাৰে যে কেৱল দিল্লীতে নহয়, এই চক্ৰৰ  নেটৱৰ্ক আন ৰাজ্যতো বিয়পি পৰিছে। সেই সূত্ৰৰ ভিত্তিত চিবিআইয়ে দিল্লীৰ আশে-পাশে থকা অঞ্চলত আনকি কেইবাখনো ৰাজ্যতো তালাচী অভিযান আৰম্ভ কৰিছে। 

কেইবাদিনো ধৰি তদন্তকাৰী সংস্থাটোৱে শিশু সৰবৰাহৰ সন্দৰ্ভত তথ্য লাভ কৰি আহিছিল। সেই ভিত্তিতে এফআইআৰও দাখিল কৰা হৈছে। 

ইয়াৰ পিছতে চিবিআইয়ে অনুসন্ধান অভিযান আৰম্ভ কৰে। শুকুৰবাৰে সন্ধিয়া চিবিআইয়ে দিল্লীৰ দ্বাৰকা, উত্তৰ পশ্চিম দিল্লী, ৰোহিনী আৰু এনচিআৰৰ বিভিন্ন স্থানত অভিযান চলায়।

চিবিআইৰ সূত্ৰ অনুসৰি নৱজাতকক সামগ্ৰীৰ দৰে ক’লা বজাৰত বিক্ৰী কৰা হৈছিল। গ্ৰেপ্তাৰ কৰা লোকসকলক জেৰা কৰি শিশুকেইটাৰ ক্ৰেতা কোন সেইটো জানিবলৈ চেষ্টা চলাইছে সংস্থাটোৱে।

চিবিআইৰ সূত্ৰ অনুসৰি এই চক্ৰটোৰ অৱস্থান দিল্লীৰ লগতে ইয়াৰ বাহিৰতো উদ্ধাৰ হৈছে। কেন্দ্রীয় তদন্তকাৰী সংস্থাৰ ফায়াৰ গ্লাছৰ তলত কেইবাখনো বৃহৎ চিকিৎসালয়ো আছে৷ চিবিআইৰ সূত্রৰ মতে মুঠ ৮টা শিশুক উদ্ধাৰ কৰা হৈছে৷ তাৰ ভিতৰত দুটা নৱজাতক আছে। কেশৱপুৰম অঞ্চলৰ পৰা উদ্ধাৰ কৰা হৈছে এই নৱজাতক দুটা।