NORTHEAST NOW (Assamese)

তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ নৱ-নিৰ্বাচিত সভাপতি আৰু সাধাৰণ সম্পাদকৰ দায়িত্ব গ্ৰহণ

March 10, 2019 7:46 pm · মানস প্ৰতিম গগৈ

তিনিচুকীয়া প্ৰেছ ক্লাবত শনিবাৰে অনুষ্ঠিত এখন সভাত ড০ ঋষি দাস আৰু ৰাণাজ্যোতি নেওগে ক্ৰমে তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ নৱ-নিৰ্বাচিত সভাপতি আৰু সাধাৰণ সম্পাদক হিচাপে আনুষ্ঠানিক ভাৱে দ্বায়িত্বভাৰ গ্ৰহণ কৰে৷

এই উপলক্ষে তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ ন- পুৰণি সমিতিৰ এখন যুটীয়া বৈঠক অনুষ্ঠিত হৈ যায়৷ বিদায়ী সভাপতি অনুজ কলিতাৰ পৌৰোহিত্যত অনুষ্ঠিত সভাৰ উদ্দেশ্য বাখ্যা কৰে বিদায়ী সাধাৰণ সম্পাদক মনোৰঞ্জন দাসে৷

প্ৰাক্তন উপ সভাপতি শান্তনু গোস্বামী অসম বাৰ্তাজীৱি সংঘৰ দক্ষিণ পূব মণ্ডলৰ উপ সভাপতি কমল তালুকদাৰ তিনিচুকীয়া প্ৰেছ ক্লাবৰ সভাপতি সৰোজ গোহাঁই সম্পাদক প্ৰনৱ ফুকন আদিৰ লগতে জিলাৰ বিভিন্ন প্ৰান্তৰ বিষয়ববীয়া আৰু কাৰ্যনিৰ্বাহক সকল উপষ্ঠিত থকা সভাখনত নৱ-নিৰ্বাচিত সভাপতি আৰু সাধাৰণ সম্পাদকক তিনিচুকীয়া প্ৰেছ ক্লাৱৰ হৈ সম্বৰ্ধনা জনোৱা হয়৷

সভাত ভাষণ প্ৰদান কৰি নৱ-নিৰ্বাচিত সভাপতি আৰু সাধাৰণ সম্পাদকে সকলোৰে সহায় সহযোগিতা বিচৰাৰ লগতে জিলাখনৰ সাংবাদিকৰ স্বাৰ্থত তথা ৰাইজৰ স্বাৰ্থত কাম কৰি যাব বুলি কয়।

Related News