DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, August 16, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

জনসংযোগৰ বিজ্ঞাপন বিসংগতি : যুটীয়া সঞ্চালকক নিলম্বন কৰি দায় সৰাৰ চেষ্টা

অনির্বান পাঠক by অনির্বান পাঠক
March 10, 2019 7:15 pm
dipr-assam-570x320
343
VIEWS
Share on FacebookShare on Twitter

অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগে শেহতীভাৱে অনুষ্ঠিত কৰা বিভাগটোৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ নিযুক্তি প্ৰক্ৰিয়াত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগক কেন্দ্ৰ কৰি ৰাজ্যত তোলপাৰ লাগি আছে। তেনে সময়তে নিলম্বিত হ’ল বিভাগটোৰ এজন উচ্চ পদস্থ বিষয়া।

জানিব পৰা মতে কৰ্তব্যত গাফিলতিৰ বাবে চাকৰিৰ পৰা নিলম্বিত হ’ল তথ্য আৰু জনসংযোগ বিভাগৰ যুটীয়া সঞ্চালক কনকেশ্বৰ বৰগোহাঁই।

বিভাগটোৰ এটা সূত্ৰই জানিবলৈ দিয়া মতে বাতৰিকাকতলৈ প্ৰেৰণ কৰা শেহতীয়া কেইবাটাও বিজ্ঞাপনত হোৱা ব্যাপক বিসংগতিৰ বাবে বৰগোহাঁইৰ বিৰুদ্ধে চৰকাৰে এই ব্যৱস্থা গ্ৰহণ কৰিছে।

সূত্ৰটোৱে প্ৰকাশ কৰা মতে যোৱা ২৮ ফেব্ৰুৱাৰিতেই যুটীয়া সঞ্চালক গৰাকীৰ নিলম্বনৰ নিৰ্দেশ জাৰি হৈছিল। কিন্তু তেওঁ এই নিৰ্দেশৰ চিঠিখন ৮ মাৰ্চতহে লাভ কৰে।

উল্লেখ্য যে, তথ্য আৰু জনসংযোগ বিভাগৰ পৰা বাতৰি কাকতত প্ৰকাশৰ বাবে বিজ্ঞাপন সমুহ বিভাগটোৰ কনিষ্ঠ বিষয়া-কৰ্মচাৰীয়ে সাজু কৰে। ইয়াৰ পাছত সেই বিজ্ঞাপনটো যুটীয়া সঞ্চালকগৰাকীয়ে চুড়ান্ত কৰাৰ নিয়ম।

বিজ্ঞাপনটো চুড়ান্ত হোৱাৰ পাছত সেইটো তথ্য আৰু জনসংযোগ বিভাগৰ অ’ এছ ডি ৰাজীৱ প্ৰকাশ বৰুৱাৰ ওচৰলৈ অনুমোদনৰ বাবে পঠোৱা হয়। বৰুৱাই আকৌ বাধ্য ছাত্ৰৰ দৰে সেইটো মুখ্য মন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষীকেশ গোস্বামীক দেখুৱাই চূড়ান্ত কৰা বুলিও জানিব পৰা গৈছে।

এতিয়া প্ৰশ্ন হ’ল, যুটীয়া সঞ্চালক কনকেশ্বৰ বৰগোহাঁইক বিজ্ঞাপনত হোৱা ভুলৰ সমস্ত দোষ জাপি দি নিলম্বন কৰিলে, কিন্তু সেই ভুলৰ বাবে বিভাগটোৰ অ’ এছ ডি ৰাজীৱ প্ৰকাশ বৰুৱা বা মুখ্য মন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষিকেশ গোস্বামী জগৰীয়া নহয় নেকি? কাৰণ কাকতত প্ৰকাশিত বিজ্ঞাপন সমুহৰ অনুমোদনৰ সময়ত তাত থকা ভুলবোৰ ৰাজীৱ প্ৰকাশ বৰুৱা বা হৃষিকেশ গোস্বামীৰ দৃষ্টিগোচৰ নহয় নেকি?

উল্লেখ্য যে, অসম চৰকাৰৰ জনসম্পৰ্ক ৰক্ষাৰ দায়িত্বত থকা এই গুৰুত্বপূৰ্ণ বিভাগটোৰ পৰা প্ৰকাশিত বিজ্ঞাপনত এটাৰ পাছত আনটো ভুল প্ৰকাশ পাইছিল। জানিব পৰা মতে বিজ্ঞাপন প্ৰকাশত হোৱা ভুলৰ ভিতৰত যোৱা ১৭ জানুৱাৰিত ‘শিল্পী দিৱস’ৰ দিনা বাতৰি কাকতত প্ৰকাশিত বিজ্ঞাপনত হোৱা ভুল অন্যতম।

সেইদিনাৰ বহুকেইখন দৈনিক কাকতত প্ৰকাশ পোৱা চৰকাৰী বিজ্ঞাপনটোত জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘বিশ্বশিল্পী’ শীৰ্ষক বিখ্যাত কবিতাটোৰ এটা পংক্তি ভুলকৈ উপস্থাপন হৈছিল। এই বিষয়ে নৰ্থ-ইষ্ট নাওত ১৭ জানুৱাৰিতেই এটা বাতৰিও প্ৰকাশ পাইছিল। লগতে এই ঘটনাক কেন্দ্ৰ কৰি বিদ্বৎ মহলত বিষয়টোৱে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল।

ইয়াৰ পূৰ্বে ২০১৮ বৰ্ষৰ শিশু দিৱসৰ এদিন পূৰ্বেই অৰ্থাৎ ১৩ নৱেম্বৰৰ দিনাই ৰাজ্যখনৰ প্ৰধান দৈনিক বাতৰিকাকতসমূহত ‘স্বাধীন ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুলৈ অসমবাসীৰ হৈ আজি তেখেতৰ জন্মদিৱসত জনাইছোঁ সশ্ৰদ্ধ প্ৰণাম’ বুলি বিজ্ঞাপন প্ৰকাশ পাইছিল।

উল্লেখযোগ্য যে অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগৰ দায়িত্বহীনতাৰ উদাহৰণ কেৱল এয়াই নহয়। ইয়াৰ আগতে যোৱা অক্টোবৰ মাহতো বন্য প্ৰাণী সপ্তাহ পালনক লৈ এনে বিভ্ৰান্তিকৰ বিজ্ঞাপন প্ৰকাশ কৰি চৰকাৰখনক লজ্জানত কৰাৰ ঘটনা সংঘটিত কৰিছিল।

সেইবাৰ সমগ্ৰ দেশতে বিভিন্ন ৰাজ্যই অক্টোবৰৰ ২ তাৰিখৰ পৰা ৮ তাৰিখলৈকে ৬৪ সংখ্যক বন্যপ্ৰাণী সপ্তাহ উদযাপন কৰাৰ বাবে সাজু হোৱাৰ সময়তে একমাত্ৰ ব্যতিক্ৰম হিচাপে অসমে অক্টোবৰৰ ১ তাৰিখৰ পৰা ৭ তাৰিখলৈ বন্যপ্ৰাণী সপ্তাহ পালন কৰাৰ কথা অসম চৰকাৰৰ জনসংযোগ বিভাগৰ বিজ্ঞাপন যোগে প্ৰকাশ কৰিছিল।

ৰাজ্যখনৰ প্ৰধান দৈনিক বাতৰি কাকতসমূহত ১ অক্টোবৰত এক সম্পূৰ্ণ পৃষ্ঠাৰ বিজ্ঞাপনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ফটোৰ লগতে অসম গৌৰৱ এশিঙিয়া গঁড় তথা অন্য বন্যপ্ৰাণীৰ ফটোসহ বন্যপ্ৰাণী সপ্তাহ ১ অক্টোবৰৰ পৰা ৭ অক্টোবৰলৈ বুলি প্ৰকাশ পাইছিল।

উক্ত বিজ্ঞাপনটো তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ বিজ্ঞাপন নং জনসংযোগ/ডি /৫৩১৫/১৮ নং যোগে প্ৰকাশ পাইছিল।

এনেদৰে এটাৰ পাছত আনটো ভুলেৰে একপ্ৰকাৰ অভিলেখ গঢ়াৰ পাছত এতিয়া কেৱল এজন যুটীয়া সঞ্চালকক নিলম্বন কৰিয়েই দায় সাৰিব বিচাৰিছে নেকি চৰকাৰ তথা বিয়াগোম বিভাগটোৱে?

Recent News

Independence day

স্বাধীনোত্তৰ ভাৰতৰ পাঁচ ঐতিহাসিক তথা গুৰুত্বপূৰ্ণ ঘটনাৱলী আৰু সিদ্ধান্ত

‘Vande Mataram’ instead of hello মহাৰাষ্ট্ৰৰ চৰকাৰী বিষয়াসকলে ফোনকলৰ উত্তৰ দিওঁতে ‘হেল্ল’’ৰ সলনি ক’ব লাগিব ‘বন্দে মাতৰম’

‘Vande Mataram’ instead of hello মহাৰাষ্ট্ৰৰ চৰকাৰী বিষয়াসকলে ফোনকলৰ উত্তৰ দিওঁতে ‘হেল্ল’’ৰ সলনি ক’ব লাগিব ‘বন্দে মাতৰম’

Independence Day

বিজ্ঞান আৰু প্ৰযুক্তিৰ ৭৫ বছৰ

ৰুশ্বদী সুস্থ হৈ উঠা বুলি জানি মুখলৈ পানী আহিল লেখকগৰাকীৰ প্ৰাক্তন পত্নী ভাৰতীয় মডেল পদ্ম লক্ষ্মীৰ

ৰুশ্বদী সুস্থ হৈ উঠা বুলি জানি মুখলৈ পানী আহিল লেখকগৰাকীৰ প্ৰাক্তন পত্নী ভাৰতীয় মডেল পদ্ম লক্ষ্মীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd