• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ প্ৰতিশ্ৰুতি গুৱাহাটী সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী উপমন্যু হাজিৰকাৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 10, 2019 8:13 pm

2 min read

Upamanyu Hazarika

উপমন্যু হাজৰিকা

343
VIEWS
Share on FacebookShare on Twitter

লোকসভা নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পাছতো ভাৰতীয় জনতা পাৰ্টী আৰু অগপ দলে এই পৰ্যন্ত নিৰ্বাচনী প্ৰতিশ্ৰুতি দিব নোৱাৰা কাৰ্যক আজি তীব্ৰ ভাষাৰে গৰিহনা দিয়ে প্ৰব্ৰজন বিৰোধী মঞ্চৰ আহ্বায়ক তথা গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থী উপমন্যু হাজৰিকাই।

নেতাগৰাকীয়ে আজি এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে কয়, ‘জাতি ৰক্ষাৰ প্ৰতিশ্ৰুতি দি খিলঞ্জীয়া মানুহৰ ভোটেৰে চৰকাৰত অধিষ্ঠিত হোৱা বিজেপিয়ে যোৱা ৫ বছৰত খিলঞ্জীয়া স্বাৰ্থৰ পৰিপন্থী কাম কৰি এতিয়া নিজৰ বিফলতা ঢাকিবলৈ খিলঞ্জীয়াৰ স্বাৰ্থৰ বিষয় সমূহত নিমাত থাকিব’।

ইয়াৰ উপৰি ধৰ্মৰ নামত মেৰুকৰণ কৰি মুছলমান বাংলাদেশীৰ ভয় দেখুৱাই বিজেপিয়ে পুনৰ নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ যো-জা চলোৱা বুলিও গুৰুতৰ অভিযোগ তোলে হাজৰিকাই।

উল্লেখ্য যে এইবাৰৰ নিৰ্বাচনত চৰকাৰে খিলঞ্জীয়াৰ স্বাৰ্থ জড়িত নিৰ্বাচনী প্ৰতিশ্ৰুতি দিয়াতো বাদেই, বিষয় সমূহত নিজৰ স্থিতি ৰাজহুৱা কৰিবও বিচৰা নাই বুলি কিছুদিন পূৰ্বে আছুৰ উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যই কৰা মন্তব্যকো হাজৰিকাই আজি প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে পূৰ্ণ সমৰ্থন আগবঢ়ায়।

ইয়াৰ উপৰি ৰাজনৈতিক দল সমূহক নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ৰ লগতে খিলঞ্জীয়াৰ স্বাৰ্থ জড়িত নিৰ্বাচনী বিষয় সমূহতো নিজৰ নিজৰ স্থিতি স্পষ্ট কৰিবলৈ দাবী জনাই হাজৰিকাই।

তেওঁ লগতে কয়, ‘আগন্তুক লোকসভা নিৰ্বাচনত গুৱাহাটী সমষ্টিৰ প্ৰাৰ্থী হিচাপে মোৰ এজেণ্ডা হ’ব খিলঞ্জীয়া লোকৰ স্বাৰ্থ সুৰক্ষিত কৰা’।

ইফালে হাজৰিকাই পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ নিযুক্তিত হোৱা ব্যাপক খেলিমেলি তথা চাকৰিৰ অবাধ কেলেংকাৰিত নিমজ্জিত হৈ থকা বিজেপি চৰকাৰক খিলঞ্জীয়াৰ স্বাৰ্থ জড়িত নিৰ্বাচনী বিষয় সমূহত নিজৰ স্থিতি ৰাজহুৱা কৰিবলৈ দাবী জনায়।

Recent News

WhatsApp Image 2021-01-19 at 12.33.02 PM

ধোনীৰ অভিলেখ ভংগ; দ্ৰুততম ভাৰতীয় উইকেটকীপাৰ হিচাপে মাইলষ্ট’ন স্পৰ্শ ঋষভ পন্টৰ

Aditya singh airport4

কৰ’নাৰ আতংক! তিনিমাহ ধৰি এয়াৰপ’ৰ্টতে লুকাই থাকিল এইগৰাকী ব্যক্তি

TOI-561b

সৌৰজগতৰ বাহিৰত নতুন গ্ৰহৰ সন্ধান! পৃথিৱীৰ সৈতে ইয়াক কিদৰে তুলনা কৰিছে বিজ্ঞানীয়ে?

Dilip Saikia

জয়ৰ সম্ভাৱনা থকা প্ৰাৰ্থীয়েহে পাব টিকট: বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd