NORTHEAST NOW (Assamese)

নৱ পৰিণীতাৰ মৃত্যু : স্বামীয়ে হত্যা কৰাৰ অভিযোগ মৃতা পৰিণীতা পিতৃ পৰিয়ালৰ

January 3, 2021 4:22 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ফটো।

এগৰাকী নৱ পৰিণীতাৰ যোৱা শুকুৰাবৰে ৰহস্যজনকভাৱে মৃত্যু ঘটিছে। মৃত পৰিণীতাগৰাকীক স্বামীয়ে হত্যা কৰা বুলি পিতৃ পৰিয়ালে অভিযোগ কৰিছে।

মাত্ৰ দুমাহৰ পূৰ্বে মৃত্যু হোৱা নৱ পৰিণীতাগৰাকীৰ পিতৃ-মাতৃসহ পৰিয়াল লোকে পৰিণীতাৰ স্বামীয়ে হত্যা কৰাৰ অভিযোগত স্থানীয় উপায়ুক্তৰ কাৰ্যালয়তো ধৰ্ণা দিছে।

উল্লেখ্য যে ২২ বছৰীয়া কথুৱাৰ পল্লৱী নামৰ যুৱতী গৰাকী জম্মুৰ চাম্বা চহৰৰ অভিষেক বিদ্যালৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল।

যোৱা ৩১ ডিচেম্বৰত পল্লৱীয়ে পৰিয়ালৰ লোকলৈ হোৱাটছএপ যোগে নিজৰ জীৱন বিপদাপন্ন বুলি ছটাকৈ মেচেজ কৰিছিল বুলি পৰিয়ালৰ লোকে দাবী কৰিছে।

ইফালে মৃত পৰিণীতাগৰাকীৰ মৃতদেহ ৰাজপথত লৈ পৰিয়ালৰ লোকে অভিযুক্ত স্বামীক গেপ্তাৰৰ দাবী জনায়।

ইয়াৰ পিছতে আৰক্ষীয়ে মৃত পৰিণীতাৰ স্বামীৰ পৰিয়ালৰ সদস্যসকলক আটক কৰি তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে।

আনহাতে স্বামী পৰিয়ালে নৱ পৰিণীতাগৰাকীয়ে আত্মহত্যা কৰা বুলিহে দাবী কৰিছে।

Related News