• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ট্ৰাম্পে আৰম্ভ কৰা শীতল যুদ্ধৰ অৱসান বিচাৰিলে চীনে, বিদেনক প্ৰশংসা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 3, 2021 4:58 pm

2 min read

US-China
193
VIEWS
Share on FacebookShare on Twitter

মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ বিদায় বেলা সমাগত।

বিদায়ৰ পূৰ্বে ট্ৰাম্পে ইৰান, চীন, ভাৰত আদি দেশৰ বিৰুদ্ধে এনে কেতবোৰ কঠোৰ পদক্ষেপ ঘোষণা কৰিছে যিবোৰে  আমেৰিকাৰ সৈতে থকা বহু দেশৰ সম্পৰ্ক বিঘ্নিত কৰিছে।

চীনৰ ক্ষতি কৰিব পৰা বহু কেইটা সিদ্ধান্ত গ্ৰহণেৰে ট্ৰাম্পে চীনৰ সৈতে আৰম্ভ কৰিছিল একপ্ৰকাৰৰ শীতল যুদ্ধ।

ট্ৰাম্পৰ বিদায়ৰ ক্ষণত চীনে এতিয়া সেই শীতল যুদ্ধৰ অৱসান বিচাৰিছে।

আজি চীনৰ বিদেশ দপ্তৰৰ মন্ত্ৰী য়ান ইয়ে এইবুলি কয় যে নৱ নিৰ্বাচিত মাৰ্কিন ৰাষ্ট্ৰপতি জো বিদেনৰ ওপৰত তেওঁলোকৰ পূৰ্ণ আস্থা আছে।

বিদেনৰ নেতৃত্বতে ট্ৰাম্পে বিনষ্ট কৰা চীন-মাৰ্কিন সম্পৰ্ক পুনৰ প্ৰতিষ্ঠা হ’ব বুলি তেওঁ আশা ব্যক্ত কৰে।

তেওঁ কয় যে চীনক অৱদমন কৰি ৰখাৰ বাবেই ট্ৰাম্পে চীনৰ বিৰুদ্ধে শীতল যুদ্ধ আৰম্ভ কৰিছিল।

ইয়াৰ ফলত দুয়োখন দেশেই ক্ষতিৰ সন্মুখীন হোৱা বুলি তেওঁ উল্লেখ কৰে।

বিদেনৰ উদাৰবাদী নীতিয়ে পুনৰ এই সম্পৰ্কক নতুন ৰূপ দিবলৈ সক্ষম হ’ব বুলি চীনৰ বিদেশ মন্ত্ৰীগৰাকীয়ে আশা ব্যক্ত কৰে।

উল্লেখ্য ট্ৰাম্পে গ্ৰহণ কৰা পদক্ষেপৰ বাবে চীনে এতিয়া তিব্বতৰ দালাই লামা নিৰ্বাচনৰ ক্ষেত্ৰত পূৰ্বৰ দৰে প্ৰভুত্ব খটুৱাব নোৱাৰিব।

শেহতীয়াকৈ মাৰ্কিন সংসদে গ্ৰহণ কৰিছে  Tibetan Policy and Support Act 2020 নামৰ বিশেষ বিধেয়ক খন।

মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে আজি সেই বিধেয়কত স্বাক্ষৰ কৰাৰ লগে লগে সেয়া আইনত পৰিণত হৈ পৰিল।

Tibetan Policy and Support Act 2020 আইন খনত স্পষ্ট ভাবে এই কথা উল্লেখ আছে যে তিব্বতৰ দালাই লামা নিৰ্বাচনৰ ক্ষেত্ৰত চীনে এতিয়াৰে পৰা আৰু অধিক প্ৰতাপ খটুৱাব নোৱাৰিব।

আইন খনে দালাই লামা নিৰ্বাচনৰ ক্ষেত্ৰত চীন অথবা বিশ্বৰ আন কোনো দেশৰে প্ৰভূত্ব নৰজিব বুলি উল্লেখ কৰিছে। ফলত আমেৰিকাৰ এই আইন খনকলৈ এতিয়া বিপাঙত পৰিছে চীনৰ প্ৰশাসন।

Recent News

ঐতিহাসিক লাল কিল্লাত প্ৰৱেশ প্ৰতিবাদী কৃষকৰ; উৰুৱালে নিজৰ পতাকা

ঐতিহাসিক লাল কিল্লাত প্ৰৱেশ প্ৰতিবাদী কৃষকৰ; উৰুৱালে নিজৰ পতাকা

কোকিলা গাঁও পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ

কোকিলা গাঁও পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ

Bokakhat republic day

ৰাষ্ট্ৰৰ লগতে বোকাখাততো ৭২ সংখ্যক গণৰাজ্য দিৱস উদযাপন; বিভিন্ন জনক সম্বৰ্ধনা

বেৰিকেড ভাঙি দিল্লীত প্ৰৱেশ কৃষকৰ, প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ কন্দুৱা গেছ, লাঠীচালনা

বেৰিকেড ভাঙি দিল্লীত প্ৰৱেশ কৃষকৰ, প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ কন্দুৱা গেছ, লাঠীচালনা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd