• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিয়াৰ দুমাহতে ৰক্তাক্ত ৯ বছৰীয়া প্ৰেম; পত্নীয়ে ডিঙি চেপি হত্যা কৰিলে স্বামীক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 2, 2026 10:20 am
30
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দীঘলীয়া ৯ বছৰ ধৰি প্ৰেম। তাৰ পিছত ধুমধামেৰে বিয়া। কিন্তু বিয়াৰ দুমাহৰ ভিতৰতে প্ৰেম আৰু সম্পৰ্কৰ কৰুণ পৰিণতি ঘটিল। উত্তৰ প্ৰদেশৰ বৰেলীত পত্নীয়ে হত্যা কৰিলে স্বামীক। মৃত যুৱকজনৰ নাম জিতেন্দ্ৰ কুমাৰ যাদৱ (৩৩)।

আৰক্ষীৰ সূত্ৰ অনুসৰি হত্যাকাণ্ডৰ পিছত জিতেন্দ্ৰৰ পত্নী জ্যোতি আৰু তেওঁৰ পৰিয়ালে সমগ্ৰ ঘটনাটোক আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা চলাইছিল। কিন্তু শেষত তদন্তত প্ৰকৃত সত্যটো পোহৰলৈ আহিল। এই ঘটনাত আৰক্ষীয়ে জ্যোতি, পিতৃ আৰু মাতৃক গ্ৰেপ্তাৰ কৰিছে।

Apply Now

কি ঘটিছিল? যোৱা ২৫ নৱেম্বৰত জ্যোতিৰ সৈতে বিবাহপাশত আবদ্ধ হয় জিতেন্দ্ৰ। দুয়োজনেই কামৰ কাৰণে বৰেলীত ভাড়াঘৰত বাস কৰিছিল। যোৱা ২৬ জানুৱাৰীত জিতেন্দ্ৰৰ ওলমি থকা মৃতদেহ ঘৰৰ পৰা উদ্ধাৰ কৰা হৈছিল।

জ্যোতিৰ পৰিয়ালে দাবী কৰে যে জিতেন্দ্ৰই চিপ লৈ আত্মহত্যা কৰিছে। কিন্তু মৰণোত্তৰ পৰীক্ষাৰ পিছতহে আচল গোপন কথাটো ওলাই আহিল। ডিঙি চেপি হত্যা কৰাৰ ফলত জিতেন্দ্ৰৰ মৃত্যু হোৱা বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে। ইয়াৰ পিছত আৰক্ষীৰ জেৰাৰ সময়ত জিতেন্দ্ৰৰ পত্নী জ্যোতিয়ে নিজৰ অপৰাধ স্বীকাৰ কৰে।

আৰক্ষীৰ সূত্ৰৰ মতে, বিবাহৰ কেইসপ্তাহমানৰ পিছতে দম্পতীহালৰ মাজত অশান্তি আৰম্ভ হয়। অভিযোগ অনুসৰি অনলাইন জুৱা খেলি জ্যোতিৰ ২০ হাজাৰ টকাৰ সঞ্চয় হেৰুৱাইছিল জিতেন্দ্ৰই। সেই কাৰণেই তেওঁলোকৰ মাজত কাজিয়া আৰম্ভ হৈছিল।

ঘটনাৰ দিনটোত যেতিয়া অশান্তি বাঢ়িছিল জ্যোতিয়ে পিতৃ, মাতৃ আৰু ভায়েকক ফোন কৰিছিল। অভিযোগ অনুসৰি জ্যোতিৰ ঘৰৰ মানুহে জিতেন্দ্ৰৰ হাত-ভৰি ধৰি ৰাখিছিল। ইয়াৰ পিছত জ্যোতিয়ে নিজেই জিতেন্দ্ৰক ডিঙি চেপি হত্যা কৰে।

আৰক্ষীৰ মতে, নিজৰ অপৰাধ ঢাকিবলৈ জ্যোতিয়ে জিতেন্দ্ৰক এখন মাফলাৰেৰে খিৰিকীৰ গ্ৰীলত ওলোমাই থৈছিল। যাতে সকলোৱে গোটেই ঘটনাটোক আত্মহত্যা বুলি ভাবে। অৱশ্যে জ্যোতিৰ ভাতৃ দীপক এতিয়াও পলাতক হৈ আছে। আৰক্ষীয়ে তেওঁক বিচাৰি অভিযান আৰম্ভ কৰিছে। আৰক্ষীয়ে হত্যাৰ গোচৰ ৰুজু কৰি সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নেপালৰ বিধ্বংসী বানৰ ৯ দিন পাছত জলবিদ্যুৎ প্ৰকল্পৰ সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ দুজন শ্ৰমিক

নেপালৰ বিধ্বংসী বানৰ ৯ দিন পাছত জলবিদ্যুৎ প্ৰকল্পৰ সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ দুজন শ্ৰমিক

September 4, 2026 10:40 am
ৰাজনীতিলৈ যাব দেৱাশীষ শৰ্মা, আৰণ্যক শইকীয়াক নগাঁৱৰ জিলা আয়ুক্ত হিচাপে নিযুক্তি

ৰাজনীতিলৈ যাব দেৱাশীষ শৰ্মা, আৰণ্যক শইকীয়াক নগাঁৱৰ জিলা আয়ুক্ত হিচাপে নিযুক্তি

September 4, 2026 9:32 am
এদিনতে ছয়জনক দোষী সাব্যস্ত, পাঁচজনক যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় দিলে ডিব্ৰুগড়ৰ আদালতে

এদিনতে ছয়জনক দোষী সাব্যস্ত, পাঁচজনক যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় দিলে ডিব্ৰুগড়ৰ আদালতে

September 4, 2026 8:26 am
এংজাইটি নে হাৰ্ট এটেক? দুয়োটাৰে লক্ষণ প্ৰায় একেই, জানক কেনেকৈ বুজিব পাৰ্থক্য

এংজাইটি নে হাৰ্ট এটেক? দুয়োটাৰে লক্ষণ প্ৰায় একেই, জানক কেনেকৈ বুজিব পাৰ্থক্য

September 4, 2026 7:24 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নেপালৰ বিধ্বংসী বানৰ ৯ দিন পাছত জলবিদ্যুৎ প্ৰকল্পৰ সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ দুজন শ্ৰমিক

নেপালৰ বিধ্বংসী বানৰ ৯ দিন পাছত জলবিদ্যুৎ প্ৰকল্পৰ সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ দুজন শ্ৰমিক

September 4, 2026 10:40 am
ৰাজনীতিলৈ যাব দেৱাশীষ শৰ্মা, আৰণ্যক শইকীয়াক নগাঁৱৰ জিলা আয়ুক্ত হিচাপে নিযুক্তি

ৰাজনীতিলৈ যাব দেৱাশীষ শৰ্মা, আৰণ্যক শইকীয়াক নগাঁৱৰ জিলা আয়ুক্ত হিচাপে নিযুক্তি

September 4, 2026 9:32 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd