• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

যৌতুকৰ বলি নৱবিবাহিতা: এডাল সোণৰ চেইনৰ বাবেই বিয়াৰ চাৰিদিন পাছতে কইনাক হত্যা !

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 13, 2026 5:07 pm
48
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিয়াৰ আনন্দ মাৰ নাযাওঁতেই বিহাৰৰ আৰাহ অঞ্চলত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা। বিয়াৰ মাত্ৰ চাৰিদিন পিছতে এগৰাকী ২৩ বছৰীয়া নৱবিবাহিত কইনাক হত্যা কৰা হৈছে। এই দুৰ্ভগীয়া কইনাগৰাকীৰ নাম সঞ্জু কুমাৰী। অভিযোগ অনুসৰি, কেৱল এটা সোণৰ চেইনৰ দাবী পূৰণ নকৰাৰ বাবেই তেওঁক যৌতুকৰ বলি সজোৱা হ’ল। ঘটনাৰ পিছৰে পৰা সঞ্জুৰ স্বামীকে ধৰি শহুৰেকৰ ঘৰৰ আন লোকসকল পলাই গৈছে যদিও আৰক্ষীয়ে ইতিমধ্যে শাহুৱেকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। এই ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

যোৱা ৭ মে’ তাৰিখে সঞ্জুৰ বিয়া বিনোদ পাল নামৰ এজন যুৱকৰ লগত হৈছিল। বিয়াত সঞ্জুৰ পৰিয়ালে নিজৰ সামৰ্থ্য অনুসৰি যথেষ্ট যৌতুক দিছিল। নগদ চাৰি লাখ টকা, এখন মটৰ চাইকেল, ফ্ৰীজ, প্ৰেচাৰ কুকাৰ, প্ৰয়োজনীয় আচবাব আৰু সোণ-ৰূপৰ অলংকাৰ আদি সকলোবোৰ বস্তুৱেই তেওঁলোকে দিছিল। কিন্তু ইমানবোৰ বস্তু পোৱাৰ পিছতো বিনোদ আৰু তেওঁৰ পৰিয়াল সন্তুষ্ট হোৱা নাছিল। মাত্ৰ এটা নিৰ্দিষ্ট সোণৰ চেইনৰ বাবে বিয়াৰ পিছদিনাৰ পৰাই সঞ্জুৰ ওপৰত আৰম্ভ হৈছিল অকথ্য নিৰ্যাতন। স্বামী বিনোদে তাইক শাৰীৰিকভাৱে প্ৰহাৰ কৰাৰ লগতে পৰিয়ালৰ আন সদস্যসকলে মানসিকভাৱে হাৰাশাস্তি আৰু ঠাট্টা-মস্কৰা কৰিবলৈ আৰম্ভ কৰিছিল।

Apply Now

সঞ্জুৰ ককায়েক শিৱম পালে চকুলো টুকি সংবাদ মাধ্যমৰ আগত কয় যে তেওঁলোকে সকলো বস্তু দিছিল, কেৱল সেই সোণৰ চেইনটোহে দিবলৈ বাকী আছিল। বিয়াৰ দিনাই দৰাঘৰীয়াই এই চেইনটোৰ দাবী কৰিছিল আৰু পিছত দিয়া হ’ব বুলি সঞ্জুৰ পৰিয়ালে কথা দিছিল। কিন্তু শহুৰেকৰ ঘৰৰ মানুহে ধৈৰ্য্য ধৰিবলৈ টান পালে। তেওঁলোকে সঞ্জুক অহৰহ ইতিকিং কৰি কৈছিল যে তাইৰ পৰিয়ালে বিয়াত ইমানবোৰ মানুহক নিমন্ত্ৰণ কৰি খুৱাব পাৰিলে, অথচ এটা সোণৰ চেইন দিব নোৱাৰিলে।

নিয়ম অনুসৰি ১৩ মে’ তাৰিখে সঞ্জু নিজৰ পিতৃগৃহলৈ যোৱাৰ কথা আছিল। কিন্তু তাৰ দুদিন আগতেই, অৰ্থাৎ ১১ মে’ তাৰিখে তাইক হত্যা কৰা হয়। শিৱমে জনোৱা মতে, সঞ্জুক ঘৰৰ মানুহৰ লগত কথা পাতিবলৈ বাধা দিয়া হৈছিল। কেনেবাকৈ সুযোগ পাই তাই ককায়েকক ফোন কৰি কান্দি কান্দি কৈছিল যে তাইক তাত ভয়ংকৰভাৱে অত্যাচাৰ কৰিছে আৰু তাই তাত অলপো সুখী নহয়। কথাখিনি কোৱাৰ লগে লগেই শাহুৱেকে তাইৰ হাতৰ পৰা ফোনটো কাঢ়ি লয়। শাহুৱেকে শিৱমক ভাবুকি দি কয় যে তেওঁৰ ভনীয়েক আৰু জীয়াই নাথাকে, এইবাৰ কেৱল তাইৰ মৃতদেহটোহে ঘৰলৈ যাব। তাৰ কিছু সময় পিছতেই ফোনটোত এটা ভয়ংকৰ চিঞৰ শুনা গৈছিল আৰু লাইনটো কাটি গৈছিল।

এই কথা শুনাৰ পিছত শিৱম আৰু পৰিয়ালৰ আন মানুহ লৰালৰিকৈ সঞ্জুৰ শহুৰেকৰ ঘৰলৈ যায়। কিন্তু তালৈ গৈ তেওঁলোকে দেখে যে ঘৰটোত তলা ওলমি আছে আৰু সকলো অভিযুক্ত পলাইছে। তাতোকৈ মৰ্মান্তিক কথাটো হ’ল, তেওঁলোক যোৱাৰ আগতেই সঞ্জুৰ মৃতদেহটো দাহ কৰা হৈছিল। উপায়হীন হৈ পৰিয়ালটোৱে আৰক্ষীৰ ওচৰত এখন এজাহাৰ দাখিল কৰে। আৰক্ষীয়ে শাহুৱেকক গ্ৰেপ্তাৰ কৰিছে আৰু দাহ কৰা মৃতদেহটোৰ অৱশিষ্ট ফৰেনছিক পৰীক্ষাৰ বাবে পঠিয়াইছে। বাকী পলাতক অপৰাধীসকলক বিচাৰি আৰক্ষীৰ অভিযান অব্যাহত আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“সূৰ্য, বতাহ বা পানীৰ কোনো ধৰ্ম নাই”- বন্দে মাতৰম বিতৰ্কৰ মাজতে কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা

“সূৰ্য, বতাহ বা পানীৰ কোনো ধৰ্ম নাই”- বন্দে মাতৰম বিতৰ্কৰ মাজতে কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা

August 26, 2026 4:29 pm
নেপালত ভয়ংকৰ বান: বানত উটি গ’ল ১০০০-ৰো অধিক লোক

নেপালত ভয়ংকৰ বান: বানত উটি গ’ল ১০০০-ৰো অধিক লোক

August 26, 2026 3:32 pm
প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ সমীপৰ পৰা উচ্ছেদ হ’ব তিনিটাকৈ বস্তি! ৬ সপ্তাহৰ সময়সীমা দিল্লী উচ্চ ন্যায়ালয়ৰ

প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ সমীপৰ পৰা উচ্ছেদ হ’ব তিনিটাকৈ বস্তি! ৬ সপ্তাহৰ সময়সীমা দিল্লী উচ্চ ন্যায়ালয়ৰ

August 26, 2026 2:37 pm
নিউয়ৰ্কৰ মেডিচন স্কোৱাৰ গাৰ্ডেনত মোহন ভাগৱতৰ ভাষণ: অনুষ্ঠানক লৈ অসন্তুষ্টি প্ৰকাশ মেয়ৰ জোহৰান মামদানীৰ

নিউয়ৰ্কৰ মেডিচন স্কোৱাৰ গাৰ্ডেনত মোহন ভাগৱতৰ ভাষণ: অনুষ্ঠানক লৈ অসন্তুষ্টি প্ৰকাশ মেয়ৰ জোহৰান মামদানীৰ

August 26, 2026 12:51 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“সূৰ্য, বতাহ বা পানীৰ কোনো ধৰ্ম নাই”- বন্দে মাতৰম বিতৰ্কৰ মাজতে কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা

“সূৰ্য, বতাহ বা পানীৰ কোনো ধৰ্ম নাই”- বন্দে মাতৰম বিতৰ্কৰ মাজতে কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা

August 26, 2026 4:29 pm
নেপালত ভয়ংকৰ বান: বানত উটি গ’ল ১০০০-ৰো অধিক লোক

নেপালত ভয়ংকৰ বান: বানত উটি গ’ল ১০০০-ৰো অধিক লোক

August 26, 2026 3:32 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd