ৰে’ল গাৰ্ডক গে’ট ৰখীয়াৰ ভূমিকাৰে লামডিং সংমণ্ডলৰ নতুন সংযোজন মুকলি

NF railway lumding

এতিয়াৰ পৰা নগাঁও জিলাৰ হয়বৰগাঁও আৰু মৈৰাবাৰী সংযোগী ৰে’ললাইনৰ প্ৰত্যেকখন ৰে’ল গে’টতে ৰখীয়াৰ ভূমিকা পালন কৰিব ৰে’ল গাৰ্ডে। এন এফ ৰে’লৱেৰ লামডিং সংমণ্ডলৰ প্ৰৱন্ধক আশিস শৰ্মাই আজি এই কথা সদৰী কৰে।

হয়বৰগাঁ‌ও ৰে’লষ্টেচনত অনুষ্ঠিত এক সংবাদমেলত এই কথা সদৰী কৰি শৰ্মাই কয় যে কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী পীযুষ গোৱেলৰ নিৰ্দেশনাত সৰ্বভাৰতীয় প্ৰেক্ষাপটত প্ৰথমবাৰৰ বাবে যোৱা ১৪ ছেপ্টেম্বৰৰ পৰা হয়বৰগাঁ‌ও-মৈৰাবাৰী সংযোগী ৰে’ললাইনৰ জুৰীয়া আৰু বটদ্ৰবা ষ্টেচনত থকা ৰে’লগেটৰ ৰখীয়া আৰু ৰে’লগাড়ীৰ গাৰ্ডৰ জৰিয়তে এই ব্যৱস্থা কৰা হৈছিল আৰু এই পৰ্যন্ত সফলো হৈছো।

হয়বৰগাঁ‌ৱৰ পৰা মৈৰাবাৰীলৈকে থকা ৫০ টা ৰে’ল গে’টত এতিয়াৰ পৰা এই ব্যৱস্থাৰে ৰে’ল চলাচল কৰিবলৈ এন এফ ৰে’লৱেই সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি তেওঁ জানিবলৈ দিয়ে।

আনহাতে, বিষয়াগৰাকীয়ে নগাঁও ষ্টেচনৰ নিচেই কাষতে অবৈধভাৱে চলি থকা ড্ৰাগছ আৰু অসামাজিক কাৰ্যকলাপসমূহ অতি শীঘ্ৰে বন্ধ কৰিব বুলি সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত জানিব দিয়ে। ইয়াৰ উপৰি তেওঁ শেনচোৱা ৰে’ল জংঞ্চনটোৰ প্লেটফ’ৰ্মটো যাত্ৰীসকলৰ সুবিধাৰ্থে ওখ কৰিব বুলি কৈ জংঞ্চনটো অত্যাধুনিক কৰাৰ বাবে এক প্ৰকল্প তৈয়াৰ কৰি প্ৰাককলন দিয়া হৈছে বুলিও জানিব দিয়ে।

আজিৰ সংবাদমেলখনত সাংবাদিকে নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত ৰে’ল বিভাগৰ মাটি অবৈধভাৱে বেদখল কৰি থকা কথা প্ৰবন্ধকগৰাকীক অৱগত কৰে। এন এফ ৰে’লৱেৰ মালিগাঁ‌ও সংমণ্ডলৰ মুখ্য জনসম্পৰ্ক ৰক্ষী বিষয়া প্ৰণৱজ্যোতি শৰ্মাই আঁ‌ত ধৰা সংবাদমেলখনত এন এফ ৰে’লৱেৰ কেইবাজনো বিষয়া-কৰ্মচাৰী উপস্থিত থাকে।