বগীবিল দলঙেৰে পৰীক্ষামূলকভাৱে ৰেল ইঞ্জিন চলালে উত্তৰ-পূৱ সীমান্ত ৰেলৱেই

Bogibeel-bridge-1-750x536

২০ ছেপ্টেম্বৰত উত্তৰ-পূৱ সীমান্ত ৰে’লৱেই বগীবিল দলঙৰ ওপৰেৰে পৰীক্ষামূলকভাৱে ৰে’ল ইঞ্জিন চলাচল কৰোৱাইছে। পৰীক্ষামূলকভাৱে চলোৱা ইঞ্জিনটো দ্বৈত ৰে’লপথচোৱাৰ এটাৰে চলোৱা হৈছিল। ৰে’ল ইঞ্জিনটো উত্তৰ ফালৰ (ধেমাজি) পৰা দক্ষিণলৈ (ডিব্ৰুগড়) চলোৱা হৈছিল।  ইয়াৰ পূৰ্বে বগীবিলৰ ওপৰেৰে ৰেলৱে মটৰ ট্ৰ’লী চলোৱা হৈছিল। ৰে’লৱেৰ এটা সূত্ৰত প্ৰকাশ যে আনটো ৰেলপথটোত অতি শীঘ্ৰেই পৰীক্ষামূলভাৱে ইঞ্জিন চালিত কৰা হ’ব।

উল্লেখ্য যে ৪.৯৪ কি:মি: দৈৰ্ঘ্যৰ বগীবিল দলংখন ভাৰতৰ ভিতৰতেই দীৰ্ঘতম ৰেলপথ-স্থলপথ দলং। বৰ্তমান দলংখন নিৰ্মাণৰ ১৭ বছৰ চলি আছে। ২০০২ চনৰ ২১ এপ্ৰিলত  ভূতপূৰ্ব প্ৰয়াত প্ৰধান মন্ত্ৰী অটলবিহাৰী বাজপায়ীয়ে এই দলংখন উদ্বোধন কৰিছিল। এই দলংখনৰ ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠৰ পৰা ৩২ মিটাৰ ওপৰত আছে। এই দলংখনৰ নক্সা ছুইডেন আৰু ডেনমাৰ্কক সংযোগ কৰা এখন দলঙৰ পৰা লোৱা হৈছে।

১৯ ছেপ্টেম্বৰত অসমৰ আৰক্ষীৰ সঞ্চালক প্ৰধান কুলধৰ শইকীয়াই আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান (বিশেষ শাখা) পল্লব ভট্টাচাৰ্যৰ সৈতে নিৰ্মাণৰ চূড়ান্ত পৰ্যায়ত থকা বগীবিল দলঙৰ নিৰাপত্তা প্ৰয়োজনীয়তাৰ পুনৰীক্ষণ কৰিছিল।

৫৫০০ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা এই বৃহৎ দলখন চলিত বছৰৰ শেষৰ ফালে যাতায়াতৰ বাবে প্ৰস্তুত হৈ পৰিব বুলি আশা কৰা গৈছে। দলংখন যাতায়াতৰ বাবে মুকলি কৰাৰ পাছত ই এই এলেকাটোৰ যোগাযোগৰ উন্নতি কৰাৰ লগে লগে ৰণনীতিমূলকভাৱেও এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব।