যাত্ৰীৰ অতিৰিক্ত ভিৰ নিয়ন্ত্ৰণৰ বাবে উত্তৰ পূব সীমান্ত ৰে’লৱেৰ সাপ্তাহিক বিশেষ ৰে’ল সেৱাৰ প্ৰৱৰ্তন

গ্ৰীষ্মকালৰ সময়ত যাত্ৰীসকলৰ সুবিধাৰ্থে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ দ্বাৰা যাত্ৰীৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি আৰু দুযোৰ সাপ্তাহিক বিশেষ ৰে’ল আৰম্ভ কৰাৰ এক  পদক্ষেপ গ্ৰহণ কৰা হৈছে। এই বিশেষ ৰে’লৰ এখন ৰে’ল গুৱাহাটী আৰু আনন্দ বিহাৰ টাৰ্মিনেলৰ মাজত আৰু আনখন নিউ তিনিচুকীয়াৰ পৰা ভগত কি কোঠিলৈ চলাচল কৰিব। দুয়োখন বিশেষ ৰে’ল সাপ্তাহিক ভিত্তিত উভয় দিশত চাৰিটাকৈ ট্ৰিপৰ বাবে চলাচল কৰিব।

এই এক্সপ্ৰেছ ৰে’লসমূহে উত্তৰ-পূৰ্ব্বাঞ্চল, উত্তৰ বংগ, বিহাৰ আৰু ভাৰতৰ উত্তৰাঞ্চলৰ মাজত ৰে’ল পৰিসেৱা উন্নত কৰাৰ লগতে বাণিজ্য আৰু অন্যান্য অৰ্থনৈতিক কাৰ্যকলাপো বৃদ্ধি কৰিব। এই ৰে’লসমূহৰ নিয়মীয়া সেৱাসমূহ নিম্নলিখিত বিৱৰণ অনুসৰি চলাচল কৰিব।

ৰে’ল নং ০৫৬৭১ (গুৱাহাটী-আনন্দ বিহাৰ টাৰ্মিনেল) বিশেষ ৰে’লখন প্ৰতি বুধবাৰে ২৪জুলাইৰ পৰা ১৪ আগষ্ট, ২০২৪লৈ ১৫:০০ বজাত গুৱাহাটীৰ পৰা প্ৰস্থান কৰি শুক্ৰবাৰে ৮:৫০বজাত আনন্দ বিহাৰ টাৰ্মিনেলত গৈ উপস্থিত হ’ব।

উভতনি যাত্ৰাৰ দিশত ৰে’ল নং ০৫৬৭২ (আনন্দ বিহাৰ টাৰ্মিনেল-গুৱাহাটী) বিশেষ ৰে’লখন প্ৰতি শুক্ৰবাৰে আনন্দ বিহাৰ টাৰ্মিনেলৰ পৰা ২৬জুলাইৰ পৰা ১৬আগষ্ট, ২০২৪ লৈ ২৩:৪৫ বজাত প্ৰস্থান কৰি দেওবাৰে ১৪:১৫ বজাত গুৱাহাটীত আহি উপস্থিত হ’ব।

এই বিশেষ ৰে’লখন কামাখ্যা, ৰঙিয়া, নিউ বঙাইগাঁও, কোকৰাঝাৰ, নিউ আলিপুৰদুৱাৰ, নিউ কোচবিহাৰ, নিউ জলপাইগুড়ী, কিষাণগঞ্জ, মালদা টাউন, ভাগলপুৰ, জামালপুৰ, গয়া, পণ্ডিত দীন দয়াল উপাধ্যায় আৰু প্ৰয়াগৰাজ হৈ উভয় দিশত চলাচল কৰিব। এই ৰে’লসমূহত যাত্ৰীসকলৰ বাবে এটা এচি ৩-টায়াৰ, আঠটা শ্লীপাৰ শ্ৰেণী আৰু দহটা সাধাৰণ দ্বিতীয় শ্ৰেণীৰ ডবা থাকিব।

আনহাতে, ৰে’ল নং ০৫৯১৯ (নিউ তিনিচুকীয়া – ভগত কি কোঠী) বিশেষ ৰে’লখন প্ৰতি সোমবাৰে ২২জুলাইৰ পৰা ১২আগষ্ট, ২০২৪ লৈ ১২:৪৫বজাত নিউ তিনিচুকীয়াৰ পৰা প্ৰস্থান কৰি বৃহস্পতিবাৰে ৭:১৫বজাত ভগত কী কোঠিত গৈ উপস্থিত হ’ব।

উভতনি যাত্ৰাৰ দিশত ৰে’ল নং ০৫৯২০ (ভগত কি কোঠি – নিউ তিনিচুকীয়া) বিশেষ ৰে’লখন প্ৰতি শুক্ৰবাৰে ভগত কি কোঠীৰ পৰা ২৬জুলাইৰ পৰা ১৬আগষ্ট, ২০২৪ তাৰিখলৈ ০৫:৩০ বজাত প্ৰস্থান কৰি সোমবাৰে ০৪ বজাত নিউ তিনিচুকীয়া ষ্টেচনত গৈ উপস্থিত হ’ব।

এই বিশেষ ৰে’লখন শিমলুগুড়ী, ডিফু, লামডিং জংচন, কামাখ্যা, ৰঙিয়া, নিউ বঙাইগাঁও, নিউ আলিপুৰদুৱাৰ, নিউ কোচবিহাৰ, কিষাণগঞ্জ, কাটিহাৰ, হাজীপুৰ, গোৰখপুৰ, গাজিয়াবাদ, ৰোহটক, সুৰতগড়, লালগড় জংচন, মেৰত ৰোড আৰু যোধপুৰ জংচন হৈ চলাচল কৰিব।

এই ৰে’লসমূহত যাত্ৰীসকলৰ বাবে দুটা এচি ৩-টায়াৰ, এঘাৰটা শ্লীপাৰ শ্ৰেণী আৰু আঠটা সাধাৰণ দ্বিতীয় শ্ৰেণীৰ ডবা থাকিব।

এই পথসমূহেৰে যাত্ৰা কৰা অন্যান্য ৰে’লৰ প্ৰতীক্ষাসূচীত থকা যাত্ৰীসকলে গ্ৰীষ্মকালীন সময়ত এই বিশেষ ৰে’লসমূহত আৰামদায়ক ভ্ৰমণ কৰাৰ সুযোগ লাভ কৰিব পাৰিব।

এই ৰে’লখনৰ ষ্টপেজ আৰু সময়ৰ বিস্তৃত বিৱৰণ আইআৰচিটিচি ৱেবছাইটত উপলব্ধ থকাৰ লগতে উত্তৰ পূব সীমান্ত ৰে’লৱেৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্মতো প্ৰকাশ কৰা হৈছে। যাত্ৰীসকলক তেওঁলোকৰ যাত্ৰা আৰম্ভ কৰাৰ পূৰ্বে উক্ত বিস্তৃত বিৱৰণসমূহ অৱলোকন কৰাৰ বাবে অনুৰোধ কৰা হৈছে।