ট্ৰায়েল হিচাপে প্ৰথমবাৰৰ বাবে কেইবা হাজাৰ ৰোগীক কৰ্কট ৰোগৰ প্ৰতিষেধক দিব ব্ৰিটেইনে

ফটোঃ সংগ্ৰহীত।

ব্ৰিটেইনৰ নেশ্যনেল হেল্থ চাৰ্ভিচে (এন এইচ এছ) বিশ্ববিখ্যাত ঔষধ কোম্পানী ফাইজাৰে কৰা কেন্সাৰ ভেকচিন পৰীক্ষাৰ বাবে ৰোগীক বাছনি কৰিছে। গৱেষকসকলে আশা কৰিছে যে এই প্ৰযুক্তিয়ে কেন্সাৰ কোষ ধ্বংস কৰাত সহায় কৰিব। ফাইজাৰৰ ক’ৰোনা ভেকচিনত ব্যৱহৃত একেটা mRNA প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে।

ব্ৰিটিছ সংবাদ মাধ্যম দ্য গাৰ্ডিয়ানৰ প্ৰতিবেদন অনুসৰি চিকিৎসা পৰীক্ষাত উত্তীৰ্ণ হোৱা ৰোগীয়েহে এই পৰীক্ষাত অংশগ্ৰহণ কৰিব পাৰিব। ৰোগীৰ তেজ আৰু টিছ্যুৰ নমুনা লৈ প্ৰতিটো জেব মানুহৰ ডি এন এৰ লগত খাপ খুৱাই ল’বলৈ চিকিৎসকে অত্যাধুনিক এম আৰ এন এ প্ৰযুক্তি ব্যৱহাৰ কৰিব।

এই mRNA ৰ দ্বাৰা শৰীৰক যুঁজিবলৈ নিৰ্দিষ্ট ধৰণৰ ভাইৰাছৰ প্ৰটিন তৈয়াৰ কৰিবলৈ নিৰ্দেশ দিয়া হয়, যিয়ে ইয়াক Covid ৰ দৰে ৰোগৰ বীজাণুৰ বিৰুদ্ধে যুঁজিবলৈ এন্টিজেন উৎপাদন কৰাত সহায় কৰে। একেদৰে গৱেষকসকলৰ মতে mRNA প্ৰযুক্তিয়ে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাক কৰ্কট কোষ বিচাৰি উলিয়াই ধ্বংস কৰিবলৈ নিৰ্দেশ দিব।

লগতে পঢ়কঃ ভাৰতৰ দুৰ্দান্ত প্ৰদৰ্শন! আয়াৰলেণ্ডৰ বিৰুদ্ধে জয়েৰে আৰম্ভ টী-২০ বিশ্বকাপৰ অভিযান

এন এইচ এছে জনোৱা মতে, ভেকচিন লঞ্চ পেড নামেৰে জনাজাত এই কাৰ্যসূচীত ইতিমধ্যে কেইবা ডজন লোকে নামভৰ্তি কৰিছে। ইয়াৰ উপৰিও ব্ৰিটেইন আৰু ইয়াৰ আশে-পাশে থকা ৩০টা স্থানত কেইবা হাজাৰ ৰোগীক পৰীক্ষামূলক টিকাকৰণৰ ব্যৱস্থা কৰা হৈছে।

এতিয়াৰ বাবে কোম্পানীটোৱে টিকাকৰণৰ বাবে মূত্ৰাশয়, কলৰেক্টাল, বৃক্ক, হাওঁফাওঁ, ছাল আৰু পেনক্ৰিয়াচৰ কৰ্কট ৰোগীৰ সন্ধান কৰিছে বুলি বাতৰিত প্ৰকাশ পাইছে।

এন এইচ এছ ইংলেণ্ডৰ মুৰব্বী আমাণ্ডা প্ৰিচাৰ্ডে কয় যে যিহেতু এই পৰীক্ষাসমূহৰ বহুখিনি দেশৰ চিকিৎসালয়ত চলি আছে, সেয়েহে ‘আমাৰ ৰাষ্ট্ৰীয় মেচমেকিং সেৱাই নিশ্চিত কৰিব যে যাতে যিমান পাৰি সিমান যোগ্য ৰোগীয়ে এই ভেকচিন লাভ কৰে।’

লগতে পঢ়কঃ বিজেপিৰে মিতিৰালি; ২৪’ৰ নিৰ্বাচনৰ পিছত দেশত অপ্রাসংগিক হৈ পৰিল কেইবাটাও দল!

চিকাগোত অনুষ্ঠিত হোৱা আমেৰিকান ছ’চাইটি অৱ ক্লিনিকেল অংক’লজী সন্মিলনৰ পূৰ্বে ঘোষণা কৰা হৈছিল যে এন এইচ এছ কাৰ্যসূচীয়ে জাৰ্মান ভেকচিন নিৰ্মাতা বায়’এণ্টেকৰ সৈতে পৰীক্ষামূলক প্ৰক্ৰিয়া আৰম্ভ কৰিব।