নেশ্যনেল ইনভেষ্টিগেশ্যন এজেন্সি (নিয়া)য়ে যোৱা ১৫মে’ত গুৱাহাটীত হোৱা গ্ৰেনেড বিস্ফোৰণৰ ঘটনাৰ সৈতে জড়িত আঠজন অভিযুক্তৰ বিৰুদ্ধে সোমবাৰে চাৰ্জশ্বীট দাখিল কৰে।
গুৱাহাটী চেন্ট্ৰেল মলৰ সন্মুখত সংঘটিত উক্ত বিস্ফোৰণত মুঠ ১২জন লোক আহত হৈছিল।
গোচৰটোৰ আঠজন অভিযুক্তৰ ভিতৰত আছে পাপু কোচ বকলিয়াল ওৰফে বিজয় অসম(৩২), জাহ্নবী শইকীয়া(৪৯), প্ৰনময় ৰাজগুৰু(৫৭), চিন্ময় লহকৰ(২৫), ইন্দ্ৰমোহন বৰা(২৫), অমৃত বল্লভ গোস্বামী(৪১),ছংকিব তালুকদাৰ(২৬) আৰু প্ৰকাশ ৰাজকোঁৱৰ(৬৩)।
তেওঁলোকক ভাৰতীয় দণ্ডবিধিৰ ধাৰা ১২০বি, ১২১, ১২১এ, ১২২, ৩০৭ আৰু ৩২৬, আৰ্মছ এক্টৰ ধাৰা ২৫(আই বি) আৰু ৩৫, এক্সপ্ল’ছিভ ছাবষ্টেন্সেছ এক্টৰ ৩ আৰু ৫ ধাৰা আৰু আন ল’ফুল এক্টিভিটিছ (প্ৰিভেনশ্যন) এক্টৰ ধাৰা ১৩,১৬,১৯,২০,২৩,৩৮ আৰু ৩৯ৰ অধীনত অভিযুক্ত কৰা হৈছে।
তেওঁলোকক যোৱা ১৫ মে’ত গুৱাহাটীৰ আৰ জি বৰুৱা পথৰ চেন্ট্ৰেল মলৰ সন্মুখত কৰ্তব্যৰত সুৰক্ষা বাহিনীৰ লোকক গ্ৰেনেড আক্ৰমণৰ ঘটনাত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল।
নিয়াই প্ৰকাশ কৰা বিবৃতি অনুসৰি, তদন্তত প্ৰকাশ পাইছে যে বিজয় অসমে যোৱা ১৫মে’ত সুৰক্ষা বাহিনীৰ লোকলৈ লক্ষ্য কৰি গ্ৰেনেডটো নিক্ষেপ কৰিছিল।
উক্ত কাৰ্যত তেওঁক সহায় কৰিছিল চিন্ময় লহকৰে।
চিন্ময় লহকৰে এখন মটৰ চাইকেল চলাই আহিছিল আৰু বিজয় অসম মটৰ চাইকেলখনৰ পাছত উঠি আহিছিল।
জাহ্নৱী শইকীয়াই বিজয় অসমক “পৰিবহন আৰু আশ্ৰয় আগবঢ়াইছিল’ আৰু বেআইনী কামকাজত সক্ৰিয়ভাৱে জড়িত আছিল বুলি বিবৃতিটোত কোৱা হয়।
জাহ্নৱী শইকীয়া লগতে “সন্ত্ৰাসবাদী কাৰ্যকলাপৰ ষড়যন্ত্ৰত জড়িত থকাৰ লগতে ঘৰটোও লৈছিল,’’-বিবৃতিটোত কোৱা হয়।
“নিয়া’ৰ বিবৃতিটোত কোৱা হৈছে যে প্ৰানময় ৰাজগুৰু আৰু ছাংকিব তালুকদাৰ “বেআইনী কাৰ্যকলাপ, ষড়যন্ত্ৰ আৰু ঘটনাটো সংঘটিত কৰাৰ ক্ষেত্ৰত বিজয় অসমক সহায় সহযোগ আগবঢ়োৱাত জড়িত আছিল’’।
ইয়াত কোৱা হৈছে যে ইন্দ্ৰ মোহন বৰাই আলফা স্বাধীনৰ সৈতে ঘনিষ্ঠভাৱে জড়িত বিজয় অসমক সহযোগ আৰু আশ্ৰয় আগবঢ়াইছিল আৰু বিদ্ৰোহী কাৰ্যকলাপ তথা বেআইনী কামকাজ কৰাত আলফাক সমৰ্থন কৰিছিল।
অমৃত বল্লভ গোস্বামী আৰু প্ৰকাশ ৰাজকোঁৱৰ “অসমত এখন স্বাধীন ৰাষ্ট্ৰ গঠনৰ আলফা স্বাধীনৰ ষড়যন্ত্ৰত জড়িত আছিল’’ বুলি বিবৃতিটোত কোৱা হয়।
আটাইকেইজন ব্যক্তি আলফা স্বাধীনৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত আছিল আৰু নিষিদ্ধ সংগঠনটোৰ সন্ত্ৰাসবাদী কাৰ্যকলাপ তথা আন বেআইনী কামকাজত সহযোগ আগবঢ়াইছিল বুলি উল্লেখ কৰি বিবৃতিটোত “আন অভিযুক্ত ব্যক্তিসকলৰ বিৰুদ্ধে অনুসন্ধান অব্যাহত ৰখা বুলি কোৱা হৈছে।