অৱশেষত সন্ত্ৰাসবাদীক ধনৰ যোগান ধৰাৰ অভিযোগত অভিযুক্ত কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিকক যাৱজ্জীৱন কাৰাদণ্ড বিহিলে আদালতে।
আজি কঠোৰ নিৰাপত্তাৰ মাজেৰে নিয়াৰ আদালতে মালিকৰ বিৰুদ্ধে এই শাস্তি ঘোষণা কৰে। শাস্তি ঘোষণাৰ আগৰে পৰাই কাশ্মীৰত বিৰাজ কৰে এক চেপা উত্তেজনাই। হাজাৰ হাজাৰ নিৰাপত্তা বাহিনীৰ জোৱানে সমগ্ৰ কাশ্মীৰতে পানী নসৰকা নিৰাপত্তা বেহু গঢ়ি তোলে।
মালিকক মৃত্যুদণ্ড বিহাৰ বাবে নিয়াৰ অধিবক্তাই আবেদন জনাইছিল যদিও আদালতে তেওঁক যাৱজ্জীৱন কাৰাদণ্ড বিহে।
ইপিনে আজি আদালতত বিচ্ছিন্নতাবাদী নেতাজনৰ মৃত্যুদণ্ডৰ দাবীত জনায় এন আই এয়ে।
আদালতে এনআইএক মালিকৰ আৰ্থ-সামাজিক স্থিতিৰ বিষয়ে শপতনামা দিবলৈ কৈছিল।
মালিকৰ সকলো বোৰ দিশ প্ৰকাশ কৰি এখন শপতনামা দাখিল কৰিবলৈও নিৰ্দেশ দিয়া হৈছে।
য়াছিন মালিকৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ধাৰা ১৬ (সন্ত্ৰাসবাদী কাৰ্য), ১৭, (সন্ত্ৰাসবাদী কাৰ্যৰ বাবে পুঁজি যোগান), ১৮ (সন্ত্ৰাসবাদী কাৰ্য সংঘটিত কৰাৰ ষড়যন্ত্ৰ), আৰু ২০ (সন্ত্ৰাসবাদীৰ সদস্য হোৱা)ধাৰা আৰোপ কৰা হৈছিল।
একেদৰে তেওঁৰ বিৰুদ্ধে ইউ.এ.পি.এ. ৰ ধাৰা ১২০,১২৪-ক (ৰাজদ্ৰোহ) আৰোপ কৰা হৈছে।
মালিকৰ বিৰুদ্ধে সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবা,হিজবুল-মুজাহিদীন জম্মু আৰু কাশ্মীৰ লিবাৰেচন ফ্ৰণ্ট (জেকেএলএফ) আৰু জৈছ-ই-মহম্মদ (জেইএম) ক সহায় কৰাৰ অভিযোগ ইত্থাপন কৰা হৈছে।
ইপিনে কাশ্মীৰী বিচ্ছিন্নতাবাদী নেতা য়াছিনৰ ওপৰত ৰায় দিয়াৰ আগতে শ্ৰীনগৰত নিৰাপত্তা বাহিনীক লক্ষ্য কৰি একাংশ লোকে শিলগুটি নিক্ষেপ কৰাৰ ঘটনা ঘটিছে।
অধিক অশান্তিৰ আশংকা কৰি শ্ৰীনগৰত ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়া হৈছে। মালিকৰ শাস্তি ঘোষণাৰ পূৰ্বে আজি কাশ্মীৰৰ বহু অঞ্চল বন্ধ হৈ পৰে।