কৃষক নেতা অখিল গগৈৰ বিৰুদ্ধে এন আই এ (NIA)ৰ গোচৰ ৰুজু
যোৱা ১২ ডিচেম্বৰৰ নিশা যোৰহাটৰ পৰা গ্ৰেপ্তাৰ কৰা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈৰ বিৰুদ্ধে এন আই এ (NIA)য়ে গোচৰ ৰুজু কৰিছে।
জানিব পৰা মতে কৃষক নেতা গৰাকীৰ বিৰুদ্ধে যোৱা ১২ ডিচেম্বৰত ডিব্ৰুগড়ত অনু্ষ্ঠিত কৰা সংবাদমেলত ৰাষ্ট্ৰবিৰোধী কাৰ্যত উচতনি দিয়াৰ অভিযোগত উক্ত গোচৰ ৰুজু কৰা হৈছে।
উক্ত গোচৰৰ জেৰাৰ বাবে তেওঁক যিকোনো মুৰ্হূতত দিল্লীলৈও নিয়া হ’ব পাৰে বুলি একাংশই আশাংকা প্ৰকাশ কৰিছে।
১২ ডিচেম্বৰৰ সন্ধিয়া প্ৰায় ৮ বজাত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা গৰাকীক জেষ্ঠ অধিবক্তা হেমেন বৰাৰ বাসগৃহলৈ যোৱাৰ সময়তে গ্ৰেপ্তাৰ কৰা হয়।
তেওঁৰ উপৰি নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত সমগ্ৰ ৰাজ্য উত্তাল হৈ থকাৰ সময়তে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা ধৈৰ্য্য কোঁৱৰকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা হৈছে।
নেতা গৰাকীক বেআইনী কাৰ্য্যকলাপ [Unlawful Activities (Prevention) Act] আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হয়।