২০১৪ চনৰ আদিবাসী হত্যাত জড়িত দুৰ্ধৰ্ষ এন ডি এফ বি(স)ৰ সদস্যক গ্ৰেপ্তাৰ

চিৰাং জিলাৰ ৰুনিখাতাত দেওবাৰে নিশা সেনা-আৰক্ষীয়ে এক অভিযান চলাই মাৰণাস্ত্ৰসহ এজন দুৰ্ধৰ্ষ এন ডি এফ বি(স)ৰ সদস্য গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আটকাধীন এন ডি এফ বি(স)ৰ সদস্যজনক কামাখ্যা দৈমাৰী বুলি চিনাক্ত কৰা হৈছে।

আটকাধীন দুৰ্ধৰ্ষ এন ডি এফ বিৰ সদস্যজন ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ নিয়াৰ মষ্ট ৱাণ্টেড লিষ্টত অন্তৰ্ভুক্ত আছিল। এই আটকাধীন এন ডি এফ বিৰ সদস্যজন ২০১৪ চনত আদিবাসীৰ ওপৰত হোৱা নৰসংহাৰৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত আছিল।

উল্লেখযোগ্য যে ২০১৫ চনৰ আগষ্টত দুৰ্ধৰ্ষ এন ডি এফ বিৰ সদস্য কামাখ্যা দৈমাৰীক গ্ৰেপ্তাৰ কৰি গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল। কিন্তু কাৰাগাৰৰ পৰা আদালতলৈ নিয়াৰ অৱস্থাতে আৰক্ষীৰ হাতৰ পৰাই পলায়ন কৰিছিল কামাখ্যাই।

ইয়াৰ পিছতে কামাখ্যাই পুনৰ এন ডি এফ বিত যোগদান কৰি ৰাষ্ট্ৰ বিৰোধী কাৰ্যকলাপত জড়িত আছিল। আৰু কালি সেনা-আৰক্ষীয়ে যুটীয়া অভিযান চলাই দুৰ্ধৰ্ষ এন ডি এফ বিৰ সদস্যজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

সদস্যজনৰ পৰা সেনা-আৰক্ষীৰ দলটোৱে এটা পিষ্টল, চাৰি জাঁই সক্ৰিয় গুলী আৰু বহুতো গুৰুত্বপূৰ্ণ নথি-পত্ৰ জব্দ কৰিবলৈ সক্ষম হয়।