NORTHEAST NOW (Assamese)

টি-২০ লীগত খেলি অধিক উপাৰ্জন! আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ নিকোলাছ পুৰানৰ

June 10, 2025 1:10 pm · এন ই নাও নিউজ, গুৱাহাটী

ইংলেণ্ডৰ বিৰুদ্ধে হোৱাইট বলৰ শৃংখলাৰ পৰা ছুটী বিচাৰিছিল। কাৰণ, আই পি এলত লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ হৈ খেলি ক্লান্ত হৈ পৰিছিল। ক্ৰিকেট ৱেষ্ট ইণ্ডিজেও এই ছুটী প্ৰদান কৰে। কিন্তু ইয়াৰ মাজতে হঠাতে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰে নিকোলাছ পুৰানে।

মঙলবাৰে ২৯ বছৰ বয়সত এইগৰাকী বেটছমেনে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা বিদায় লয়। ছ’চিয়েল মিডিয়া পোষ্টৰ জৰিয়তে অৱসৰ লোৱাৰ সিদ্ধান্ত ঘোষণা কৰে বেটছমেনগৰাকীয়ে। ৱেষ্ট ইণ্ডিজৰ হৈ পুৰানে ৬১খন এদিনীয়া মেচ আৰু ১০৬খন টি-২০ মেচ খেলিছে। টেষ্ট মেচ খেলাৰ সুযোগ নাপালে। অৱসৰৰ বাবে সেই সুযোগ আৰু নাথাকিল।

ৱেষ্ট ইণ্ডিজৰ যিকোনো ক্ৰিকেটাৰে টেষ্ট মেচ খেলাৰ সপোন দেখে। কিন্তু টি-২০ লীগৰ যুগত ক্ৰিকেটাৰৰ মনোভাৱ সলনি হৈছে। দেশৰ হৈ খেলাৰ পৰিৱৰ্তে বিভিন্ন ফ্ৰেঞ্চাইজি টি-২০ লীগত খেলি অধিক ধন উপাৰ্জন কৰিব পাৰে। পুৰাণো সেই বাটত খোজ দিছে।

এইবাৰৰ আই পি এলত ভাল ফৰ্মত আছিল পুৰাণ। বেটছমেনগৰাকীয়ে ১৪খন মেচত ৫২৪ ৰান সংগ্ৰহ কৰে। তেওঁৰ ষ্ট্ৰাইক ৰেট আছিল প্ৰায় ২০০। ফিটনেছৰ ক্ষেত্ৰতো কোনো সমস্যা নাই। কিন্তু তথাপি এই বেটছমেনগৰাকীয়ে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলিব নিবিচাৰে। কাৰণ, বিভিন্ন দেশৰ টি-২০ লীগত খেলাটো বহুত বেছি লাভজনক। আই পি এলকে ধৰি বিভিন্ন ফ্ৰেঞ্চাইজি টি-২০ লীগত খেলি যি ধন পোৱা যায়, সেই ধন দিব নোৱাৰে ৱেষ্ট ইণ্ডিজ ক্ৰিকেট ব’ৰ্ডে। এই কাৰণেই পুৰানে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছে।

আনহাতে, যোৱা বছৰ ৱেষ্ট ইণ্ডিজ ক্ৰিকেট ব’ৰ্ডৰ চুক্তিত স্থান লাভ কৰা নাছিল পুৰানে। এই কাৰণেই তেওঁৰ খং উঠিছিল। তদুপৰি ধনৰ কথাটোও আছিল। ৱেষ্ট ইণ্ডিজৰ অধিকাংশ ক্ৰিকেটাৰে ৰাষ্ট্ৰীয় দলৰ হৈ খেলাৰ পৰিৱৰ্তে বিভিন্ন দেশৰ টি-২০ লীগত খেলিবলৈ অধিক গুৰুত্ব দিছে। পুৰাণো সেই দলত আছে। ভৱিষ্যতৰ কথা ভাবিয়েই তেওঁ টকা উপাৰ্জনৰ পথ বাছি লৈছে।

Related News