• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘মইয়ে দেশৰ ৰাষ্ট্ৰপতি, মোক অপহৰণ কৰা হৈছে’; আমেৰিকাৰ আদালতত মাদুৰোৰ প্ৰথম প্ৰতিক্ৰিয়া

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 6, 2026 8:10 am
44
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিকোলাছ মাদুৰোৱে আমেৰিকাৰ আদালতৰ কক্ষত নিজকে ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি বুলি দাবী কৰিলে। সোমবাৰে নিউয়ৰ্কৰ ফেডাৰেল আদালতত হাজিৰ হৈ তেওঁ কয় যে, “মই নিৰ্দোষী। মোক অপহৰণ কৰা হৈছে। মই মোৰ দেশৰ ৰাষ্ট্ৰপতি।”

ন্যায়াধীশে মাজভাগতে তেওঁৰ ভাষ্য মাজতে বন্ধ কৰি দিছিল যদিও পিছলৈ আনুষ্ঠানিক অভিযোগনামাৰ সময়ত মাদুৰোৱে সকলো অভিযোগ অস্বীকাৰ কৰে।

Apply Now

মাজনিশাৰ নাটকীয় সামৰিক অভিযানত মাদুৰো আৰু তেওঁৰ পত্নী চিলিয়া ফ্ল’ৰেছক গ্ৰেপ্তাৰ কৰাৰ পিছত এইটোৱেই আছিল প্ৰথমবাৰৰ বাবে আদালতত ৰাজহুৱাভাৱে হাজিৰ হোৱা ঘটনা। নীলা ৰঙৰ কাৰাগাৰৰ পোছাকত স্পেনিছ অনুবাদ শুনিবলৈ হেডফোন পিন্ধি আদালতত হাজিৰ হৈছিল মাদুৰো। একে সময়তে তেওঁৰ পত্নীও আদালতৰ কক্ষত হাজিৰ হয়।

শনিবাৰে আমেৰিকাত উপস্থিত হোৱাৰ পিছৰে পৰা ব্ৰুকলিনৰ কাৰাগাৰত বন্দী হৈ আছিল মাদুৰো দম্পতী। সোমবাৰে পুৱা কটকটীয়া নিৰাপত্তাৰ অধীনত মানহাটান আদালতলৈ অনা হয়। মাদুৰো প্ৰথমে কাৰাগাৰৰ পৰা হেলিকপ্টাৰেৰে আৰু তাৰ পিছত এখন সাজসজ্জিত বাহনত আদালতত উপস্থিত হয়। এই ঘটনাৰ প্ৰতিবাদ আৰু সমৰ্থনত আদালতৰ বাহিৰত দুয়োপক্ষৰ সৰু সৰু সমাৱেশ দেখা গৈছিল।

বিশেষজ্ঞসকলৰ মতে আন্তঃৰাষ্ট্ৰীয় কূটনীতিৰ ক্ষেত্ৰত এই গোচৰটো অভূতপূৰ্ব। কাৰণ দশক দশক ধৰি বিদেশী ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে আমেৰিকা চৰকাৰৰ এনে প্ৰথমটো বৃহৎ অপৰাধমূলক গোচৰ। ড’নাল্ড ট্ৰাম্প প্ৰশাসনে দাবী কৰিছে যে মাদুৰোক ক্ষমতাৰ পৰা আঁতৰাবলৈ এই পদক্ষেপ প্ৰয়োজনীয় আছিল আৰু ভেনিজুৱেলাত ‘নতুন প্ৰশাসনিক ব্যৱস্থা’ গঢ়ি তোলা সম্ভৱ হ’ব।

অৱশ্যে আইনী যুঁজখন সহজ নহয়। ইতিমধ্যে মাদুৰোৰ অধিবক্তাই ইংগিত দিছে যে তেওঁলোকে তেওঁক গ্ৰেপ্তাৰৰ বৈধতাক প্ৰত্যাহ্বান জনাব। তেওঁলোকৰ মতে মাদুৰোক সাৰ্বভৌম ৰাষ্ট্ৰপতি হিচাপে বিচাৰ কৰিব নোৱাৰি। যদিও আমেৰিকাই বিশেষকৈ ২০২৪ চনৰ বিতৰ্কিত নিৰ্বাচনৰ পিছত মাদুৰোক ভেনিজুৱেলাৰ বৈধ ৰাষ্ট্ৰপতি হিচাপে স্বীকৃতি নিদিয়ে।

ভেনিজুৱেলাৰ অন্তৱৰ্তীকালীন ৰাষ্ট্ৰপতি ডেলচি ৰড্ৰিগেজে প্ৰথমে কঠোৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল যদিও পিছত আমেৰিকাৰ সৈতে আলোচনাৰ দুৱাৰ মুকলি বুলি ইংগিত দিছে। তেওঁ মাদুৰোক অনতিপলমে দেশলৈ ঘূৰাই পঠিয়াবলৈ দাবী জনায়।

ইফালে, ট্ৰাম্পে স্পষ্ট কৰি দিছে যে আমেৰিকাৰ মনোযোগ ভেনিজুৱেলাৰ তেল আৰু খনিজ সম্পদৰ ওপৰত। সোমবাৰে তেলৰ দাম সামান্য বৃদ্ধি পালেও বিশেষজ্ঞসকলে কয় যে দীৰ্ঘম্যাদী অৱহেলাৰ বাবে ভেনিজুৱেলাৰ তেল উৎপাদন দ্ৰুতগতিত বৃদ্ধি কৰাটো সহজ নহয়।

২৫ পৃষ্ঠাৰ অভিযোগনামাত মাদুৰো আৰু তেওঁৰ সহযোগীসকলে আমেৰিকালৈ হাজাৰ হাজাৰ টন কোকেইন সৰবৰাহ কৰাৰ অভিযোগ উত্থাপন কৰা হৈছে। দোষী সাব্যস্ত হ’লে আজীৱন কাৰাদণ্ডৰ সন্মুখীন হ’ব পাৰে। অভিযোগনামাত কোৱা হৈছে যে ড্ৰাগছৰ ঋণ পৰিশোধ কৰিবলৈ অপহৰণ, প্ৰহাৰ আনকি হত্যাৰ নিৰ্দেশ দিয়া হৈছিল। মাদুৰোৰ পত্নী চেলিয়া ফ্ল’ৰেছৰ বিৰুদ্ধেও উৎকোচ লোৱাৰ অভিযোগ উত্থাপন হৈছে।

কিন্তু আমেৰিকাৰ চোৰাংচোৱাৰ প্ৰতিবেদনত কুখ্যাত ‘ট্ৰেন ডি আৰাগুয়া’ গেং আৰু ভেনিজুৱেলা চৰকাৰৰ মাজত কোনো প্ৰত্যক্ষ সম্পৰ্ক পোৱা নগ’ল। তথাপি আন্তঃৰাষ্ট্ৰীয় পৰ্যবেক্ষকসকলৰ মতে এই গোচৰটোক কেন্দ্ৰ কৰি লেটিন আমেৰিকা আৰু আমেৰিকাৰ মাজৰ সম্পৰ্ক আৰু অধিক উত্তেজনাৰ দিশে আগবাঢ়িছে।

এই গোচৰৰ ৰায়দানে কেৱল মাদুৰোৰ ভৱিষ্যতেই নহয়, ভেনিজুৱেলাৰ ৰাজনৈতিক মানচিত্ৰও পুনৰ সলনি কৰিব পাৰে – যিটো দিশলৈ এতিয়া বিশ্বই চাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অৰ্কিড পাৰ্কৰ নামত কৰ ফাকি: শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে তদন্তৰ অনুমতি বিচাৰিলে চৰকাৰে

অৰ্কিড পাৰ্কৰ নামত কৰ ফাকি: শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে তদন্তৰ অনুমতি বিচাৰিলে চৰকাৰে

July 16, 2026 9:00 am
ইংলেণ্ডক পৰাস্ত কৰি বিশ্বকাপৰ ফাইনেলত আৰ্জেণ্টিনা; 

ইংলেণ্ডক পৰাস্ত কৰি বিশ্বকাপৰ ফাইনেলত আৰ্জেণ্টিনা; 

July 16, 2026 7:53 am
দিনটোত ২-৩ লিটাৰ পানী খাইছে নেকি? পানী খোৱাৰ সঠিক সময় আৰু নিয়ম নাজানিলে হ’ব পাৰে বিপদ!

দিনটোত ২-৩ লিটাৰ পানী খাইছে নেকি? পানী খোৱাৰ সঠিক সময় আৰু নিয়ম নাজানিলে হ’ব পাৰে বিপদ!

July 16, 2026 6:50 am
‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

July 15, 2026 9:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অৰ্কিড পাৰ্কৰ নামত কৰ ফাকি: শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে তদন্তৰ অনুমতি বিচাৰিলে চৰকাৰে

অৰ্কিড পাৰ্কৰ নামত কৰ ফাকি: শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে তদন্তৰ অনুমতি বিচাৰিলে চৰকাৰে

July 16, 2026 9:00 am
ইংলেণ্ডক পৰাস্ত কৰি বিশ্বকাপৰ ফাইনেলত আৰ্জেণ্টিনা; 

ইংলেণ্ডক পৰাস্ত কৰি বিশ্বকাপৰ ফাইনেলত আৰ্জেণ্টিনা; 

July 16, 2026 7:53 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd