NORTHEAST NOW (Assamese)

নাইজেৰিয়াত সেনাবাহিনীৰ বিমান আক্ৰমণত নিহত ৭০জন সন্ত্ৰাসবাদী

April 18, 2022 8:29 am · এন ই নাও নিউজ, গুৱাহাটী

নাইজেৰিয়াৰ উত্তৰ সীমান্তত দেশখনৰ সেনা বাহিনীৰ বামান আক্ৰমণত ৭০জন সন্ত্ৰাসবাদী নিহত হৈছে। নাইজেৰিয়াৰ সেনা বিমানবাহিনীয়ে দাবী কৰিছে যে নিহত সন্ত্ৰাসবাদীসকল আইএছআইএছৰ সদস্য।

শনিবাৰে নাইজেৰিয়া আৰু নাইজাৰৰ যৌথ বিমান বাহিনীৰ অভিযানত সন্ত্ৰাসবাদীৰ কেইজন নিহত হোবা বুলি এক বিবৃতিত দাবী কৰা হৈছে। দেওবাৰে এই বাতৰি বিভিন্ন আন্তৰ্জাতিক সংবাদ মাধ্যমৰ জৰিয়তে পোহৰলৈ আহে।

বাতৰি অনুসৰি, নাইজেৰিয়াৰ বিমানবাহিনীৰ মুখপাত্ৰ এড’ৱাৰ্ড গেবকওৱেটে জানিবলৈ দিয়ে যে ইছলামিক ষ্টেট (আই এছ) গোষ্ঠীৰ সন্ত্ৰাসবাদী সক্ৰিয় হৈ থকা দেশখনৰ লেক ছাদ অঞ্চলত তেওঁলোকে অভিযান চলাইছিল।

লগতে পঢ়ক: কাশ্মীৰ প্ৰসংগকলৈ বিশেষ প্ৰস্তাৱ! প্ৰধানমন্ত্ৰী মোদীলৈ পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজৰ পত্ৰ

বোকো হাৰামৰ সৈতে থকা পূৰ্বৰ শত্ৰুতাৰ ফলস্বৰূপেই দুটা সন্ত্ৰাবাদী গোটেই ইয়াত এটা দশক ধৰি ৪০হাজাৰকৈয়ো অধিক লোকক হত্যা কৰিছে। তেওঁলোকৰ সন্ত্ৰাসৰ বাবেই ২০লাখতকৈয়ো অধিক লোকে ঘৰ-বাৰী এৰি গৃহহীন হৈ ফুৰিবলগীয়া হৈছে।  

এড’ৱাৰ্ড গেবকওৱেটে জানিবলৈ দিয়ে যে এই অঞ্চলত বিশাল সংখ্যক সন্দেহযুক্ত সন্ত্ৰাসবাদীৰ উপস্থিতি দেখাৰ পিছত যোৱা ১৩ এপ্ৰিলৰ পৰা অভিযান আৰম্ভ কৰা হৈছে। তাৰপিছতে এটা প্ৰশিক্ষণ শিৱিৰত চলোৱা অভিযানত ৭০ জন সন্ত্ৰাসবাদী নিহত হৈছে।

Related News