NORTHEAST NOW (Assamese)

৭ মে’লৈ বৃদ্ধি অসমৰ নৈশ সান্ধ্য আইন,বাহাল থাকিব একে নীতি-নিৰ্দেশনা

April 30, 2021 8:15 pm · কল্পজ্যোতি শইকীয়া
Updated: April 30, 2021 8:29 pm

কৰোনাৰ ক্ৰমৰ্বধমান সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যত নৈশ সান্ধ্য আইন জাৰি কৰা হৈছে।

এই সান্ধ্য আইন সন্ধিয়া ৮ বজাৰ পৰা পুৱা ৫ বজালৈকে বলৱৎআছে। শেহতীয়াকৈ কোভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে নৈশ সান্ধ্য আইন ৭ মে’লৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। পূৰ্বে নৈশ সান্ধ্য আইন ১ মে’ত অন্ত পৰাৰ কথা আছিল।

অসমৰ মুখ্য সচিব জিঞ্চু বৰুৱাৰ স্বাক্ষৰিত নিৰ্দেশনাটোত কোৱা হৈছিল যে অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন কৰ্তৃপক্ষৰ নিৰ্দেশ মৰ্মে কিছুমান জৰুৰীকালীন সেৱাক ৰেহাই দি অসমত ২৭ এপ্ৰিলৰ পৰা অহা ১ মে’ পৰ্যন্ত নৈশ সান্ধ্য আইন বলৱৎ হৈ থাকিব।কিন্তু আজি সান্ধ্য আইনৰ ম্যাদ ৭ মে’লৈ বৃদ্ধি কৰে।নৰ্থ ইষ্ট নাওৰ সাংবাদিকক তথ্য আৰু জনসংযোগ বিভাগৰ সঞ্চালক অনুপম চৌধুৰীয়ে এই কথা জানিবলৈ দিছে।

দুৰ্যোগ ব্যৱস্থাপনা আইন, ২০০৫ৰ ধাৰা ২২(২)(এইচ)ৰ অধীনত ৰাজ্যখনত বলৱৎ কৰা সান্ধ্য আইনৰ সময়ছোৱাত ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ কাৰ্যালয়, ৰাজহুৱা জৰুৰী সেৱা অৰ্থাৎ স্বাস্থ্য, আৰক্ষী, গৃহকৰ্মী, সামিজক সুৰক্ষা, অগ্নি আৰু জৰুৰী সেৱা, খোৱা পানী সেৱা, জিলা  প্ৰশাসন, ৰাজহুৱা পৰিবহন, কোষাগাৰ কাৰ্যালয় আদিক ৰেহাই দিয়া হৈছে।

ইফালে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ ক্ষেত্ৰত সংশ্লিষ্ট কৰ্তৃপক্ষৰ পৰা বৈধ পৰিচয় থকা লোকে সেৱা আগবঢ়াব পাৰিব।

ন্যায়িক তথা আদালতৰ বিষয়া-কৰ্মচাৰী, স্বাস্থ্য সেৱাৰ সকলো ধৰণৰ স্বাস্থ্য কৰ্মী, সংবাদ মাধ্যমৰ কৰ্মীসকলকো ৰেহাই দিয়া হৈছে। অৱশ্যে তেওঁলোকেও কৰ্তৃপক্ষই প্ৰদান কৰা বৈধ পৰিচয় পত্ৰ লগত লৈ থকাতো বাধ্যতামূলক কৰা হৈছে।

গৰ্ভৱতী মহিলা আৰু ৰোগীকো সান্ধ্য আইনৰ এক্তিয়াৰ বাহিৰত ৰখা হৈছে।

আন্তঃৰাজ্যিক পৰিবহনো অব্যাহত থাকিব বুলি কোৱা হৈছে।

পৰৱৰ্তী জাননী জাৰি নকৰা পৰ্যন্ত অহা ৭ মে’লৈকে এই নিৰ্দেশনা ৰাজ্যত বলৱৎ হৈ থাকিব ।

Related News