• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উচ্চ ৰক্তচাপ: চাহ বাগিচাৰ শ্ৰমিকৰ বাবে প্ৰয়োজন চিকিৎসাৰ ধাৰাবাহিকতা

মহেশ ডেকা by মহেশ ডেকা
April 30, 2021 7:39 pm
Tea estate(1)
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

৫৯ বছৰীয়া ষ্ট্ৰোক আক্ৰান্ত চাহ শ্ৰমিক পাৰ্বতী ৰাজপুত সুস্থ হোৱাৰ পিছত যেতিয়া চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছিল, চিকিৎসকে ২০ দিন পিছত পুনৰ এবাৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ আহিবলৈ পৰামৰ্শ দিছিল। লগতে চিকিৎসালয়ৰ পৰা যাবলৈ দিয়াৰ সময়ত লগত দি পঠিওৱা ঔষধসমূহ নিয়্মীয়াকৈ খাবলৈ কৈছিল।

কিন্তু চিকিৎসালয়ৰ পৰা ঘৰলৈ অহাৰ দুদিনমানৰ পিছত তেওঁৰ দৰব খোৱা অনিয়মীয়া হৈ পৰিল। আৰু চিকিৎসকে পৰীক্ষাৰ বাবে যাবলৈ দিছিল যদিও, তেওঁ আৰু দ্বিতীয়বাৰৰ বাবে চিকিৎসালয়লৈ নগ’ল।

Apply Now

পাৰ্বতী ৰাজপুত ডিব্ৰুগড়ৰ জিলাৰ লাহোৱালৰ গ্ৰীণউদ চাহ বাগিছাৰ শ্ৰমিক। দীৰ্ঘদিন ধৰি উচ্চ-ৰক্তচাপৰ সমস্যাত ভূগি থকা পাৰ্বতী  ৰাজপুত যোৱা বছৰ নৱেম্বৰ মাহত ষ্ট্ৰোকত আক্ৰান্তহৈ সংজ্ঞাহীন হৈ পৰিছিল।অতি সংকটজনক অৱস্থাত ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছিল।তাত তেওৰ স্বাস্থ্যৰ বিশেষ উন্নতি নোহোৱাত পিছদিনা এখন ব্যক্তিগত চিকিৎসালয়ললৈ স্থানান্তৰ কৰা হয়।প্ৰায় এসপ্তাহ হাস্পতালত থকাৰ পিছত তেও কিছু পৰিমাণে সুস্থ হোৱাত ঘৰলৈ যাবলৈ দিয়া হয়।

কেবল পাৰ্বতী ৰাজপুতেই নহয় চাহ শ্ৰমিকসকলৰ বেছি ভাগেই চিকিৎসাৰ ধাৰাবাহিকতা ৰক্ষা নকৰে। ৰোগত আক্ৰান্ত শ্ৰমিকসকলে অলপ সুস্থ হ’লেই দৰৱ খোৱা বন্ধ কৰে আৰু বাগিচাৰ কামত ধৰে।বেছিভাগ শ্ৰমিকেই পৰীক্ষাৰ বাবে দুনাই চিকিৎসকৰ ওচৰলৈ নাযায়।

আচলতে আৰ্থিক অনাটনৰ বাবেই এই শ্ৰমিকসকল অসুস্থ হ’লেও দীৰ্ঘদীন বিশ্ৰাম লৈ থাকিব নোৱাৰে আৰু শৰীৰ অলপ টঙাব পাৰিলেই বাগিচাৰ কামত যাব বিচাৰে।

আনহাতে, চাহ শ্ৰমিক সকলৰ মাজত যিহেতু এতিয়াও শিক্ষিতলোকৰ সংখ্যা নিচেই তাকৰ, সেয়ে তেওঁলোকৰ মাজত স্বাস্থ্য সচেতনতা একেবাৰে কম। স্বাস্থ্য সচেতনতাৰ অভাৱৰ বাবেই  উচ্চ-ৰক্তচাপৰ দৰে নীৰৱ ঘাতক ৰোগৰ ভয়াৱ্হতা তেওঁলোকে উপলদ্ধি কৰিব নোৱাৰে।

এই লেখকে ডিব্ৰুগড়, যোৰহাট আৰু গোলাঘাট জিলাৰ পাচখন চাহ বাগিচা ভ্ৰমণ কৰি জানিব পাৰিছিল উচ্চ-ৰক্তচাপৰ সমস্যা থকা বহু শ্ৰমিকে তেওঁলোক যে সেই ৰোগত আক্ৰান্ত সেই বিষয়ে জ্ঞাত নহয়।কাৰণ বেছিভাগ শ্ৰমিকেই ৰক্তচাপ পৰীক্ষা নকৰে। প্ৰসংগক্ৰমে,বিশেষজ্ঞ চিকিৎসকৰ মতে উচ্চ-ৰক্তচাপৰ আক্ৰান্ত হলেও সাধাৰণতে ৰোগীৰ শৰীৰত কাচিৎহে লক্ষণ ধৰা পৰে।

জ্বৰ, কাহ, বমি, ডায়েৰীয়া বা মহিলাসকলৰ প্ৰসুতিজনিত সমস্যাই দেখা দিলে চিকিৎসকৰ ওচৰলৈ গ’লেহে তেওঁলোক বহুতৰে উচ্চ-ৰক্তচাপৰ সমস্যা ধৰা পৰে।

আনহাতে, অধিকাংশ শ্ৰমিকেই যিহেতু উচ্চ-ৰক্তচাপৰ সমস্যাত ভুগি থাকিলেও নিজে গম নাপায়, সেইকাৰণে এই ৰোগত ল’ব লগীয়া সাৱ্ধানতাসমূহ তেওঁলোকে লোৱা দেখা নাযায়। ল’বলগীয়া সাৱ্ধানতাসমূহ যেনে পটেছিয়ামযুক্ত খাদ্য খোৱা (কল, কমলা, পালেং শাক, ব্ৰকলি আদি), খাদ্যত নিমখৰ পৰিমাণ কমোৱা, সুৰাপান আৰু ধুমপান সেৱন বন্ধ কৰা, ব্যায়াম কৰা, খোজকঢ়া, নিয়মীয়াকৈ ঔষধ খোৱা আৰু সময়ে সময়ে ৰক্তচাপ পৰীক্ষা কৰা আদি লোৱা দেখা নাযায়।

Parbati Rajput(1)
পাৰ্বতী ৰাজপুত

ৰক্তচাপৰ পৰিমাণ বাঢ়ি গৈ হঠাৎ ষ্ট্ৰোকত আক্ৰান্ত হয় আৰু বহু শ্ৰমিক এনেদৰে মৃত্যু মুখত পৰে।বিশেষজ্ঞ চিকিৎসকৰ মতে দীৰ্ঘদীন উচ্চ-ৰক্তচাপৰ সমস্যাত ভুগি থকা ৰোগীসকলে পিছত মগজু, কিডনী, হৃদযন্ত্ৰৰ সমস্যাত ভোগাৰো আশংকা থাকে।

ৰক্তচাপৰ সমস্যা থকা লোকসকলে ৰক্তচাপৰ নিয়্ন্ত্ৰণত ৰাখিবলৈ নিয়মীয়াকৈ ঔষধ খোৱাটো অত্যন্ত দৰকাৰী।

ৰক্তচাপ জনিত ষ্ট্ৰোকত আক্ৰান্ত হৈ মৃত্যু মুখত পৰা শ্ৰমিকৰ তথ্য পোৱা হোৱা নাই যদিও একাংশ চাহ বাগিচাৰ চিকিৎসালয়ৰ পৰা লাভ কৰা তথ্যমতে গড় হিচাপত এহেজাৰৰ পৰা পোন্ধৰ শ শ্ৰমিক থকা অসমৰ প্ৰতিখন চাহ বাগানত বছৰি ১৫-২০ জন শ্ৰমিক উচ্চ-ৰক্তচাপ জনিত ষ্ট্ৰোকত আক্ৰান্ত হৈ মৃত্যু হয়।

উল্লেখযোগ্য যে, বাগিচাৰ চিকিৎসালয়ৰ পৰা লাভ কৰা তথ্য অনুসৰি ডিব্ৰুগড়ৰ জিলাৰ লাহোৱালৰ গ্ৰীণউদ চাহ বাগিচাত ২০১৯ চনৰ অক্টোবৰ মাহৰ মাহৰ পৰা ২০২০ চনৰ জুলাই মাহৰ ভিতৰত ১৩ গৰাকী শ্ৰমিক ষ্ট্ৰোকত আক্ৰান্ত হৈ মৃত্যু হৈছে।

বাগিচাৰ মালিক/ চৰকাৰৰ কৰণীয়ঃ

ৰক্তচাপ জনিত ষ্ট্ৰোকত আক্ৰান্ত হৈ প্ৰতি বছৰে শতাধিক  চাহ শ্ৰমিকৰ মৃত্যু হয় যদিও বাগিচাৰ মালিক নাইবা চৰকাৰৰ কোনেও বিষয়টো গুৰুত্বসহকাৰে লোৱা নাই।

বাগিচাৰ মালিক পক্ষ  বা চৰকাৰৰ ফালৰ কিছু ব্যৱ্স্থা ল’লে এইৰোগ অন্তত কিছুপৰিমাণে হ’লেও নিয়ন্ত্ৰণ কৰিব পৰা যাব। বিশেষকৈ যদি প্ৰতি মাহে এবাৰকৈ শ্ৰমিকসকলৰ ৰক্তচাপ পৰীক্ষা কৰা আৰু উচ্চ-ৰক্তচাপ ধৰা পৰা শ্ৰমিকসকলক ল’ব লগীয়া সাৱ্ধানতাসমূহ লোৱাৰ বাবে সজাগ কৰা হয় তেতিয়া হ’লে ই নিঃসন্দেহে ফলপ্ৰসূ হ’ব।

সেইদৰে, চৰকাৰেও উচ্চ-ৰক্তচাপৰ সমস্যা নিয়্ন্ত্ৰণৰ বাবে পঞ্জাৱ চৰকাৰে গ্ৰহণ কৰা India Hypertension Control Initiative (IHCI) অৰ দৰে পদক্ষেপ ল’লে আশানুৰুপ ফল পোৱা যাব বুলি ক’ব পাৰি।

(এই লেখাটো ৰিটছ্ মিডিয়া ফেল’শ্বিপৰ অংশ)

মহেশ ডেকা

মহেশ ডেকা

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

September 30, 2026 7:29 pm
বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

September 30, 2026 6:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd