NORTHEAST NOW (Assamese)

নতুন ষড়যন্ত্ৰ! উপগ্ৰহৰ চিত্ৰত ধৰা পৰিল সীমান্তৰ দেপচাঙত চীনে স্থাপন কৰা সামৰিক ঘাটিৰ দৃশ্য

March 2, 2021 5:20 pm · এন ই নাও নিউজ

দহ লানি আলোচনাৰ অন্তত চীনে লাডাখৰ পাংগন লেকৰ সমীপৰ পৰা সেনা অপসাৰণ কৰিবলৈ আৰম্ভ কৰিছে যদিও কাশ্মীৰ সংলগ্ন আকচাই চীনৰ অন্তৰ্গত দেপচাং অঞ্চলত শেহতীয়াকৈ চীনে বিশাল সামৰিক ঘাটি স্থাপন কৰাৰ তথ্য পোহৰলৈ আহিছে।

ভাৰতে উচ্চ প্ৰযুক্তিৰ চিন্থেটিক আপাৰ্চাৰ ৰাডাৰ ,চমুকৈ SAR ৰ জৰিয়তে সংগ্ৰহ কৰা ছবিত স্পষ্ট ভাবে দেখা গৈছে যে চীনৰ সেনাই দেপচাং অঞ্চলত গঢ়ি তুলিছে বিশাল সামৰিক ঘাটি।

লাডাখৰ দৌলত বেগ ওল্ডি নামৰ ঠাইত থকা ভাৰতীয় বায়ু সেনা বাহিনীৰ সৰ্বোচ্চ ঘাটিৰ পৰা প্ৰায় ২৪ কিলোমিটাৰ নিলগত চীনে স্থাপন কৰা সামৰিক ঘাটিত ভাৰতৰ সাৰ্বভৌমত্বৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব পৰা সকলো ধৰণৰ ব্যৱস্থাই সাজু কৰি ৰখা হৈছে।

দৰাচলতে ১৯৬২ চনৰ চীন-ভাৰত যুদদ্ধৰ সময়তে উক্ত বিবদমান স্থানত চীনে ঘাটি স্থাপন কৰিছিল যদিও সেই ঘাটি সিমান শক্তিশালী ৰূপত গঢ়ি তোলা হোৱা নাছিল।

শেহতীয়াকৈ লাডাখলৈ ভাৰতৰ সৈতে সংঘাত বৃদ্ধি পোৱাৰ সময়তে চীনে উক্ত স্থানত সামৰিক শক্তি বহু গুণে বঢ়াই তুলিছে।

চীনৰ সামৰিক ঘাটিত ভাৰতৰ সীমান্তৰ পিনে টোৱাই টেংক সাজু কৰি ৰখা হৈছে।

ভাৰতে নিশাৰ ভাগত উপগ্ৰহৰ জৰিয়তে সংগ্ৰহ কৰা ছবিত দেখা গৈছে যে চীনে উক্ত অঞ্চলত সেনাৰ বাবে কেম্প নিৰ্মাণ কৰাৰ লগতে যুদ্ধাস্ত্ৰ আদিও মজুত কৰিছে।

দেপচাঙত চীনৰ এনে সামৰিক সজ্জাৰ বিষয়টোকলৈ এতিয়া গভীৰ উদ্বেগ ব্যক্ত কৰিছে ভাৰত চৰকাৰে।

ভাৰতৰ সৈতে শান্তি বৰ্তাই ৰাখিম বুলি শেহতীয়াকৈ কথা দিয়া চীনে দৰাচলতে যে ভাৰতৰ বিৰুদ্ধে তলে তলে ষড়যন্ত্ৰ ৰচনা কৰি আহিছে সেই কথা উপগ্ৰহৰ ছবি সমূহেই প্ৰমাণ কৰিছে।

Related News