সিংঘু সীমান্তৰ নৃশংস হত্যাকাণ্ডৰ গোচৰত এজনক গ্ৰেপ্তাৰ

Singhu Border Murder Case

সিংগু সীমান্তৰ কৃষক প্ৰতিবাদস্থলীত এজন ৩৫ বছৰীয়া ব্যক্তিক নিৰ্মমভাৱে হত্যা কৰাৰ এদিন পিছত আৰক্ষীয়ে শনিবাৰে সৰ্বজিৎ সিঙ নামৰ এজন নিহাং শিখক গ্ৰেপ্তাৰ কৰিছে।

হত্যাকাণ্ডত তেওঁৰ প্ৰত্যক্ষ ভূমিকাৰ বাবে শুক্ৰবাৰে নিশা আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰাৰ পিছত সিঙক জিম্মাত লোৱা হৈছিল বুলি আৰক্ষীয়ে কয়। সৰ্বজিত সিঙক সাত দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰা হৈছে।

আৰক্ষীৰ সূত্ৰই কয় যে সিঙ যোৱা বছৰ ডিচেম্বৰৰ প্ৰথম সপ্তাহত নিহাং শিখসকলৰ দল এটাৰ লগত সিংঘু সীমান্তত উপস্থিত হৈছিল।

সোনপতৰ আৰক্ষী অধীক্ষক জশনদীপ সিং ৰন্ধাৱাই কয়, “এজন নিহাং শিখক জিম্মাত লোৱা হৈছে। তেওঁক আজি আদালতত হাজিৰ কৰোৱা হ’ব। আমি হত্যাত তেওঁৰ ভূমিকাৰ তদন্ত কৰি আছো। সিংগু সীমান্তত শিখসকলৰ পবিত্ৰ গ্ৰন্থ গুৰু গ্ৰন্থ চাহিবাক অপমান কৰাৰ দাবী এতিয়াও প্ৰমাণিত হোৱা নাই। এয়া তদন্তৰ বিষয়।”

শুকুৰবাৰে নিশা প্ৰকাশ পোৱা কেইবাটাও ভিডিঅ’ত সৰ্বজিৎ সিঙে লখবীৰ সিঙক হত্যা কৰাত জড়িত বুলি স্বীকাৰ কৰে আৰু অভিযোগ কৰে যে লখবীৰ সিঙ নামৰ এজন ব্যক্তিয়ে পবিত্ৰ গ্ৰন্থখন কলুষিত কৰাৰ বাবে তেওঁক হত্যা কৰা হয়।

আৰক্ষীয়ে শুক্ৰবাৰে হত্যা আৰু লিঞ্চিঙৰ অভিযোগত অজ্ঞাত ব্যক্তিৰ বিৰুদ্ধে এখন এজাহাৰ পঞ্জীয়ন কৰিছিল। আৰক্ষীয়ে কৈছিল যে তেওঁলোকে শুক্ৰবাৰে পুৱা প্ৰায় ৫ বজাত তথ্য পাইছিল যে নিহাঙ শিখসকলে এজন ব্যক্তিক ফাঁচী দিছিল। ব্যক্তি জনক বেৰিকেডত বান্ধি দিছিল আৰু তেওঁৰ হাত কাটি পেলোৱা হৈছিল।

আৰক্ষী ঘটনাস্থলীত উপস্থিত হোৱাৰ পূৰ্বেই ভুক্তভোগীজনৰ মৃত্যু হৈছিল। নিহাং শিখ আৰু প্ৰতিবাদকাৰীসকলে প্ৰথমতে মৃতদেহটো আৰক্ষীক হস্তান্তৰ কৰিবলৈ অস্বীকাৰ কৰিছিল।

নিৰ্মম লিঞ্চিংৰ কেইবাটাও ভিডিঅ’ত আঘাতপ্ৰাপ্ত ব্যক্তিজনক তেজেৰে তুমুৰলি হৈ পৰি থকা দেখা গৈছিল।

এটা ভিডিঅ’ত, তেওঁক ওলোটাকৈ বান্ধি থোৱা দেখা গৈছিল আৰু তেওঁৰ কটা মণিবন্ধৰ পৰা তেজ ওলাই থকা দেখিবলৈ পোৱা গৈছিল।