NORTHEAST NOW (Assamese)

গ্ৰেপ্তাৰৰ আশংকাই খেদিছে নিকিতাক ! এলাহাবাদ হাইকোৰ্টত অগ্ৰিম জামিন বিচাৰি দ্বাৰস্থ

December 14, 2024 8:09 pm · এন ই নাও নিউজ, গুৱাহাটী

বেংগালুৰুৰ আইটি কোম্পানীৰ কৰ্মী অতুল সুভাষৰ মৃত্যুৰ গোচৰত গ্ৰেপ্তাৰ হোৱাৰ আশংকা নিকিতা সিংহানিয়াৰ। তিনিদিনৰ ভিতৰত তেওঁক বেংগালুৰু আৰক্ষীত হাজিৰ হবলৈ কোৱা হৈছে। নিকিতা আৰু তেওঁৰ পৰিয়ালে অগ্ৰিম জামিন বিচাৰি এলাহাবাদ উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল। অতুল আত্মহত্যা কৰাৰ পাছৰে পৰা নিকিতা আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে। তেওঁলোকৰ বিৰুদ্ধে আত্মহত্যাৰ বাবে উচটনি দিয়াৰ অভিযোগ উত্থাপন হৈছে। এই ঘটনাৰ তদন্তৰ বাবে বেংগালুৰু আৰক্ষীয়ে দুটা পৃথক তদন্তকাৰী দল গঠন কৰিছে। উত্তৰ প্ৰদেশতো উপস্থিত হৈছে বাংগালুৰু আৰক্ষীৰ এটা দল। ইয়াৰ মাজতে নিকিতাই অগ্ৰিম জামিন বিচাৰি উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে। আইনী বাতৰি ৱেবছাইট বাৰ এণ্ড বেঞ্চৰ মতে অহা সপ্তাহত এই গোচৰৰ শুনানি হোৱাৰ সম্ভাৱনা আছে।

অতুল-মৃত্যুৰ গোচৰৰ তদন্ত তীব্ৰতৰ কৰি তুলিছে বেংগালুৰু আৰক্ষীয়ে। ইতিমধ্যে বেংগালুৰু আৰক্ষীৰ এটা দলে তদন্তৰ বাবে জৌনপুৰত উপস্থিত হৈছে। নিকিতাক তিনিদিনৰ ভিতৰত বেংগালুৰুৰ মাৰাঠাহল্লী থানাত হাজিৰ হবলৈ নিৰ্দেশ দিয়া হৈছে। বেংগালুৰু আৰক্ষী আয়ুক্ত বি দয়ানন্দই কয় যে আৰক্ষীয়ে প্ৰমাণ সংগ্ৰহৰ চেষ্টা চলাইছে। এই গোচৰত আৰক্ষীয়ে ন্যায় সুনিশ্চিত কৰিব বুলিও তেওঁ আশ্বাস দিয়ে।

অতুল আচলতে উত্তৰ প্ৰদেশৰ। বাংগালুৰুত কাম কৰিছিল। উত্তৰ প্ৰদেশৰ জৌনপুৰতো নিকিতাৰ ঘৰ। নিকিতা নিজেই এটা সংস্থাত কাম কৰি আছে। দুয়োৰে বিয়া হৈছিল।উত্তৰ প্ৰদেশৰ জৌনপুৰৰ পৰিয়াল আদালতত বিচাৰাধীন হৈ আছিল তেওঁলোকৰ বিবাহ বিচ্ছেদৰ গোচৰ। ইয়াৰ মাজতে অলপতে অতুলৰ মৃতদেহ ওলমি থকা অৱস্থাত উদ্ধাৰ হৈছে। মৃত্যুৰ পাছত আৰক্ষীয়ে প্ৰায় ২৪ পৃষ্ঠাৰ এখন চুইচাইড নোট উদ্ধাৰ কৰে। এটা ভিডিঅ’ও পাইছিলোঁ। চুইচাইড নোট আৰু ভিডিঅটোত নিকিতা আৰু তেওঁৰ পৰিয়ালে বিভিন্ন ধৰণে হেঁচা সৃষ্টি কৰাৰ অভিযোগ উত্থাপন হৈছে। পৰিয়াল আদালতৰ প্ৰক্ৰিয়াক লৈয়ো প্ৰশ্ন উত্থাপন হৈছে। অৱশ্যে কেন্দ্ৰীয় আইন মন্ত্ৰালয়ে কয় যে, পৰিয়াল আদালতে গোচৰসমূহ অতি সাৱধানে নিষ্পত্তি কৰিবলৈ চেষ্টা কৰে।

Related News