ভাৰতীয় নাৰ্ছ নিমিষা প্ৰিয়াৰ মৃত্যুদণ্ড বাতিল কৰা হৈছে। সোমবাৰে নিশা এই কথা ঘোষণা কৰা হয়। য়েমেন চৰকাৰৰ এই সিদ্ধান্তত নাৰ্ছগৰাকীৰ পৰিয়ালে সকাহ লাভ কৰিছে।
য়েমেনৰ হত্যাকাণ্ডৰ গোচৰত মৃত্যুদণ্ডৰ শাস্তি বিহা হৈছিল নিমিষা প্ৰিয়াক। তেওঁৰ শাস্তি বাতিল কৰিবলৈ আবেদন কৰা হৈছিল।
বাতৰি অনুসৰি, ভাৰতীয় গ্ৰেণ্ড মুফতি কাঁথাপুৰম এ পি আবুবকৰ মুছলায়াৰৰ কাৰ্যালয়ে জনোৱা মতে, ইয়াৰ পূৰ্বে নিমিষা প্ৰিয়াৰ মৃত্যুদণ্ড স্থগিত ৰখা হৈছিল। এইবাৰ বাতিল কৰা হৈছে।
ছানাত অনুষ্ঠিত উচ্চ পৰ্যায়ৰ বৈঠকত পূৰ্বে সাময়িকভাৱে স্থগিত ৰখা মৃত্যুদণ্ড সম্পূৰ্ণৰূপে বাতিল কৰাৰ সিদ্ধান্ত লোৱা হৈছে বুলিও কাৰ্যালয়টোৱে জনায়।
উল্লেখ্য যে নিমিষাৰ ঘৰ কেৰালাৰ পালাক্কাড জিলাৰ কোলেনগোড অঞ্চলত। ২০০৮ চনত য়েমেনৰ এখন চিকিৎসালয়ত কাম কৰিবলৈ যায়। পিছত নিমিষাই য়েমেনত নিজাকৈ ক্লিনিক খোলে। তেওঁৰ ব্যৱসায়িক অংশীদাৰ আছিল য়েমেনৰ নাগৰিক তালাল আব্দো মাহদি।
২০১৭ চনত নিমিষাৰ ব্যৱসায়িক বিবাদ হৈছিল তালাল আব্দো মাহদিৰ সৈতে। নিমিষাই অভিযোগ কৰে যে তালালে তেওঁৰ পাছপ’ৰ্ট জব্দ কৰি ৰাখিছিল। তালালে তেওঁক প্ৰহাৰ কৰা বুলিও অভিযোগ উত্থাপন কৰে নিমিষাই।
নিমিষাৰ বিৰুদ্ধে সেই তালালকে হত্যাৰ অভিযোগ উত্থাপন হয়। পাছপ’ৰ্ট ঘূৰাই পাবলৈ নিমিষাই টোপনিৰ বেজী দি তেওঁক হত্যা কৰা বুলি তালালৰ পৰিয়ালৰ লোকে অভিযোগ কৰে।
সেই ঘটনাৰ পিছত নিমিষাই ভাৰতলৈ পলায়ন কৰিবলৈ চেষ্টা কৰিছিল। কিন্তু তেওঁ ধৰা পৰে। ছানা’ৰ আদালতে ২০২০ চনত হত্যাৰ গোচৰত নিমিষাক দোষী সাব্যস্ত কৰি মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰিছিল। য়েমেনৰ উচ্চতম ন্যায়ালয়ে ২০২৩ চনত নিমিষাৰ মৃত্যুদণ্ড গৃহীত কৰিছিল।
যোৱা সপ্তাহত নিমিষাক ফাঁচী দিয়াৰ কথা আছিল। স্বেচ্ছাসেৱী সংগঠন ‘ছেভ নিমিষা প্ৰিয়া ইণ্টাৰনেশ্যনেল একচন কাউন্সিল’য়ে তেওঁৰ জীৱন ৰক্ষাৰ উদ্যোগ লৈছিল। ইয়াৰ পিছতে য়েমেন চৰকাৰে নিমিষাৰ ফাঁচী স্থগিত ৰখাৰ কথা ঘোষণা কৰে।
নিমিষাক বচাবলৈ হস্তক্ষেপ কৰে কাঁথাপুৰামৰ ভাৰতীয় গ্ৰেণ্ড মুফতি এ পি আবুবকাৰ মুছলাইয়াৰে। এক বিবৃতিত গ্ৰেণ্ড মুফতিয়ে কয় যে য়েমেনৰ সৈতে ভাৰতৰ কূটনৈতিক যোগাযোগ সীমিত হোৱাৰ বাবেই তেওঁ হস্তক্ষেপ কৰিছিল।