• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভাৰতীয় নাৰ্ছ নিমিষা প্ৰিয়াৰ মৃত্যুদণ্ড বাতিল কৰিলে য়েমেনে; পৰিয়ালে লাভ কৰিলে সকাহ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 29, 2025 8:39 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় নাৰ্ছ নিমিষা প্ৰিয়াৰ মৃত্যুদণ্ড বাতিল কৰা হৈছে। সোমবাৰে নিশা এই কথা ঘোষণা কৰা হয়। য়েমেন চৰকাৰৰ এই সিদ্ধান্তত নাৰ্ছগৰাকীৰ পৰিয়ালে সকাহ লাভ কৰিছে।

য়েমেনৰ হত্যাকাণ্ডৰ গোচৰত মৃত্যুদণ্ডৰ শাস্তি বিহা হৈছিল নিমিষা প্ৰিয়াক। তেওঁৰ শাস্তি বাতিল কৰিবলৈ আবেদন কৰা হৈছিল।

Apply Now

বাতৰি অনুসৰি, ভাৰতীয় গ্ৰেণ্ড মুফতি কাঁথাপুৰম এ পি আবুবকৰ মুছলায়াৰৰ কাৰ্যালয়ে জনোৱা মতে, ইয়াৰ পূৰ্বে নিমিষা প্ৰিয়াৰ মৃত্যুদণ্ড স্থগিত ৰখা হৈছিল। এইবাৰ বাতিল কৰা হৈছে।

ছানাত অনুষ্ঠিত উচ্চ পৰ্যায়ৰ বৈঠকত পূৰ্বে সাময়িকভাৱে স্থগিত ৰখা মৃত্যুদণ্ড সম্পূৰ্ণৰূপে বাতিল কৰাৰ সিদ্ধান্ত লোৱা হৈছে বুলিও কাৰ্যালয়টোৱে জনায়।

উল্লেখ্য যে নিমিষাৰ ঘৰ কেৰালাৰ পালাক্কাড জিলাৰ কোলেনগোড অঞ্চলত। ২০০৮ চনত য়েমেনৰ এখন চিকিৎসালয়ত কাম কৰিবলৈ যায়। পিছত নিমিষাই য়েমেনত নিজাকৈ ক্লিনিক খোলে। তেওঁৰ ব্যৱসায়িক অংশীদাৰ আছিল য়েমেনৰ নাগৰিক তালাল আব্দো মাহদি।

২০১৭ চনত নিমিষাৰ ব্যৱসায়িক বিবাদ হৈছিল তালাল আব্দো মাহদিৰ সৈতে। নিমিষাই অভিযোগ কৰে যে তালালে তেওঁৰ পাছপ’ৰ্ট জব্দ কৰি ৰাখিছিল। তালালে তেওঁক প্ৰহাৰ কৰা বুলিও অভিযোগ উত্থাপন কৰে নিমিষাই।

নিমিষাৰ বিৰুদ্ধে সেই তালালকে হত্যাৰ অভিযোগ উত্থাপন হয়। পাছপ’ৰ্ট ঘূৰাই পাবলৈ নিমিষাই টোপনিৰ বেজী দি তেওঁক হত্যা কৰা বুলি তালালৰ পৰিয়ালৰ লোকে অভিযোগ কৰে।

সেই ঘটনাৰ পিছত নিমিষাই ভাৰতলৈ পলায়ন কৰিবলৈ চেষ্টা কৰিছিল। কিন্তু তেওঁ ধৰা পৰে। ছানা’ৰ আদালতে ২০২০ চনত হত্যাৰ গোচৰত নিমিষাক দোষী সাব্যস্ত কৰি মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰিছিল। য়েমেনৰ উচ্চতম ন্যায়ালয়ে ২০২৩ চনত নিমিষাৰ মৃত্যুদণ্ড গৃহীত কৰিছিল।

যোৱা সপ্তাহত নিমিষাক ফাঁচী দিয়াৰ কথা আছিল। স্বেচ্ছাসেৱী সংগঠন ‘ছেভ নিমিষা প্ৰিয়া ইণ্টাৰনেশ্যনেল একচন কাউন্সিল’য়ে তেওঁৰ জীৱন ৰক্ষাৰ উদ্যোগ লৈছিল। ইয়াৰ পিছতে য়েমেন চৰকাৰে নিমিষাৰ ফাঁচী স্থগিত ৰখাৰ কথা ঘোষণা কৰে।

নিমিষাক বচাবলৈ হস্তক্ষেপ কৰে কাঁথাপুৰামৰ ভাৰতীয় গ্ৰেণ্ড মুফতি এ পি আবুবকাৰ মুছলাইয়াৰে। এক বিবৃতিত গ্ৰেণ্ড মুফতিয়ে কয় যে য়েমেনৰ সৈতে ভাৰতৰ কূটনৈতিক যোগাযোগ সীমিত হোৱাৰ বাবেই তেওঁ হস্তক্ষেপ কৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এইবাৰ গুজৰাটত শক্তি বৃদ্ধি কৰিছে কংগ্ৰেছে! দলত যোগদান কৰিব প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে

এইবাৰ গুজৰাটত শক্তি বৃদ্ধি কৰিছে কংগ্ৰেছে! দলত যোগদান কৰিব প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে

October 1, 2026 4:00 pm
শিলচৰ পৌৰ নিৰ্বাচনৰ পূৰ্বে বিজেপি প্ৰাৰ্থীৰ শৈক্ষিক অৰ্হতা লৈ গুৰুতৰ অভিযোগ অসম জাতীয় পৰিষদৰ

শিলচৰ পৌৰ নিৰ্বাচনৰ পূৰ্বে বিজেপি প্ৰাৰ্থীৰ শৈক্ষিক অৰ্হতা লৈ গুৰুতৰ অভিযোগ অসম জাতীয় পৰিষদৰ

October 1, 2026 3:54 pm
এছিয়ান গেমছত শ্ৰীলংকাক হৰুৱালে শ্ৰেয়াছ বাহিনীয়ে; ফাইনেলত স্বৰ্ণৰ যুঁজত ভাৰত-পাকিস্তান

এছিয়ান গেমছত শ্ৰীলংকাক হৰুৱালে শ্ৰেয়াছ বাহিনীয়ে; ফাইনেলত স্বৰ্ণৰ যুঁজত ভাৰত-পাকিস্তান

October 1, 2026 2:44 pm
ৰাম মন্দিৰৰ ট্ৰাষ্ট ভংগ কৰাৰ দাবী হিন্দু মহাসভাৰ! ২ নৱেম্বৰত উচ্চতম ন্যায়ালয়ত গুৰুত্বপূৰ্ণ শুনানি

ৰাম মন্দিৰৰ ট্ৰাষ্ট ভংগ কৰাৰ দাবী হিন্দু মহাসভাৰ! ২ নৱেম্বৰত উচ্চতম ন্যায়ালয়ত গুৰুত্বপূৰ্ণ শুনানি

October 1, 2026 1:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এইবাৰ গুজৰাটত শক্তি বৃদ্ধি কৰিছে কংগ্ৰেছে! দলত যোগদান কৰিব প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে

এইবাৰ গুজৰাটত শক্তি বৃদ্ধি কৰিছে কংগ্ৰেছে! দলত যোগদান কৰিব প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে

October 1, 2026 4:00 pm
শিলচৰ পৌৰ নিৰ্বাচনৰ পূৰ্বে বিজেপি প্ৰাৰ্থীৰ শৈক্ষিক অৰ্হতা লৈ গুৰুতৰ অভিযোগ অসম জাতীয় পৰিষদৰ

শিলচৰ পৌৰ নিৰ্বাচনৰ পূৰ্বে বিজেপি প্ৰাৰ্থীৰ শৈক্ষিক অৰ্হতা লৈ গুৰুতৰ অভিযোগ অসম জাতীয় পৰিষদৰ

October 1, 2026 3:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd