পথৰ পৰা খাৱৈত বাগৰি পৰিল সেনাবাহিনীৰ গাড়ী; লাডাখত ভয়ংকৰ দুৰ্ঘটনাত ৯ জন জোৱানৰ মৃত্যু

লাডাখত ভাৰতীয় সেনাৰ এখন গাড়ী পথৰ দাঁতিৰ দ খাৱৈত বাগৰি পৰে। এই দুৰ্ঘটনাৰ ফলত ৯ জন সেনা জোৱানৰ মৃত্যু ঘটে। শনিবাৰে সন্ধিয়া লেহৰ পৰা প্ৰায় ১৫০ কিলোমিটাৰ নিলগৰ কিয়াৰীত সংঘটিত হয় এই দুৰ্ঘটনা। লেহৰ পৰা নাইমালৈ সেনাৰ কনভয় গৈ আছিল বুলি সেনাই জানিবলৈ দিছে।

সেনাৰ সূত্ৰই জনোৱা মতে, কনভয়ৰ এখন বাহন কিয়াৰীত প্ৰৱেশ কৰাৰ পূৰ্বে  পথৰ পৰা পিছলি ৭ কিলোমিটাৰ দ খাৱৈত পৰি যায়। সেনাবাহিনীৰ সেই গাড়ীখনত মুঠ ১০ জন জোৱান আছিল। ইয়াৰে ৯ জনৰ মৃত্যু হৈছে আৰু এজন গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন হৈ আছে।

ভাৰতীয় সেনাৰ এক বিবৃতিত এই ঘটনা সন্দৰ্ভত অৱগত কৰা হৈছে, “লেহৰ পৰা নাইমালৈ গৈ আছিল ভাৰতীয় সেনাৰ এটা কনভয়। কনভয়ৰ এখন বাহন পথৰ পৰা ছিটিকি খাৱৈত বাগৰি পৰে। শনিবাৰে পুৱা ৬:৩০ৰ পৰা ৬:০০ বজাৰ ভিতৰত কিয়াৰীৰ পৰা ৭ কিলোমিটাৰ দূৰত্বত সংঘটিত হয় এই দুৰ্ঘটনা। সেই গাড়ীখনত ১০ জন সেনা জোৱান আছিল। ইয়াৰে ৯ জনৰ মৃত্যু হৈছে। আহত হৈছে এজন জোৱান। তেওঁক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।”

লাডাখৰ এই মৰ্মান্তিক দুৰ্ঘটনাত সমগ্ৰ দেশবাসীকে শোকাহত কৰি তুলিছে। প্ৰধানমন্ত্ৰী মন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, কংগ্ৰেছ নেতা ৰাহুল গান্ধীকে ধৰি বিভিন্নজনে এই ঘটনাত শোক প্ৰকাশ কৰি সমবেদনা জনাইছে।