• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ডিটেনশ্যন কেম্পৰ পৰা মুকলি কৰি দিয়া হ’ল বিদেশী ঘোষিত ৯গৰাকী লোকক

ছফিকুল আহমেদ by ছফিকুল আহমেদ
August 27, 2019 7:02 am
Foreigners-Tribunal

গোৱালপাৰা বিদেশী ন্যায়াধীকৰণৰ কাৰ্যালয়। ফাইল ফটো : নৰ্থইষ্ট নাও

5.3k
VIEWS
Share on FacebookShare on Twitter

অসম চৰকাৰে চলিত আগষ্ট মাহত তিনিটা পৰ্যায়ত ৯ গৰাকী বিদেশী ঘোষিত লোকক মুকলি কৰি দিছে।

নামনি অসমৰ গোৱালপাৰাৰ ডিটেনশ্যন কেম্পৰ পৰা উচ্চতম ন্যায়ালয়ে বান্ধি দিয়া নিৰ্দেশনাৰ ভিত্তিত উক্ত লোককেইগৰাকীক মুকলি কৰি দিয়া হয়।

তিনি বছৰ বা ততোধিক সময়ৰ পাছত মুকলি আকাশৰ তললৈ অহা এই কাৰাবন্দী কেইগৰাকী হৈছে, মন্নত আলী, ছানাউল্লাহ শ্বেখ, সুজিত সৰকাৰ, নূৰ মহম্মদ, শ্যামল ঘোষ, ৰবি দে, সাধন সৰকাৰ আৰু ৰহিম আলী।

মন্নত আলীক যোৱা ৫ আগষ্টত, বাকী চাৰি গৰাকীক ৯ আগষ্টত আৰু শেহৰ ৪ গৰাকীক ১৯ আগষ্টত মুকলি কৰি দিয়া হৈছে।

মন্নত আলী চিৰাং জিলাৰ হোৱাৰ বিপৰীতে বাকী আটাইকেইগৰাকী গোৱালপাৰা জিলাত বসবাস কৰি থকা লোক।

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি, মুকলি কৰি দিয়া লোককেইগৰাকীৰ সকলো আইনী চৰ্ত ৰাজ্যৰ গৃহ তথা ৰাজনৈতিক বিভাগে সম্পূৰ্ণ কৰিছে।

ইয়াৰ ভিতৰত আছে ভাৰতীয় নাগৰিকৰ পৰা এক লাখ টকাৰ জামিন দলিলসহ এখন চুক্তিপত্ৰ (বণ্ড)ৰ লগতে মুকলি হোৱাৰ পাছত তেওঁলোকে থকা ঠিকনাৰ বিতং তথ্য আৰু এক সুৰক্ষিত তথ্যভাণ্ডাৰত বায়’মেট্ৰিক সৱিশেষ।

তেওঁলোকে লগতে মুকলি কৰি দিয়া সময়ত বান্ধি দিয়া নিৰ্দিষ্ট আৰক্ষী থানাত সপ্তাহত এবাৰ দেখা দিব লাগিব আৰু থকাৰ ঠিকনা সলনি হ’লে শীঘ্ৰেই জনাব লাগিব।

সৰ্বোচ্চ ন্যায়ালয়ে যোৱা মাহত ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ শুনানি গ্ৰহণ কৰি তিনি বছৰততকৈ অধিক কাল ডিটেনশ্যন কেম্পত থকা ঘোষিত বিদেশীৰ চৰ্ত সাপেক্ষ মুক্তিৰ ৰাজ্য চৰকাৰ প্ৰস্তাৱত অনুমোদন জনাইছিল।

গোৱাৰপাৰা, কোকৰাঝাৰ, শিলচৰ, তেজপুৰ, ডিব্ৰুগড় আৰু যোৰহাটৰ জিলা কাৰাগাৰৰ ভিতৰত ছয়টা ডিটেনশ্যন কেম্প স্থাপন কৰা হৈছে।

উচ্চতম ন্যায়ালয়ৰ নিৰীক্ষণত অসমত চলি থকা এন আৰ চি উন্নীতকৰণৰ প্ৰক্ৰিয়াৰ অন্তিম পৰ্যায়ত অহা ৩১ আগষ্টত চূড়ান্ত এন আৰ চি প্ৰকাশৰ দিন ধাৰ্য কৰা হৈছে।

Recent News

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd