NORTHEAST NOW (Assamese)

অসমত আৰু নগৰাকী ক’ভিড ৰোগীৰ মৃত্যু, মুঠ মৃতকৰ সংখ্যা ৮৮৪লৈ বৃদ্ধি

October 20, 2020 9:43 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ফটো।

আৰু নগৰাকী ক’ভিড১৯ ৰোগীয়ে মঙলবাৰে অসমত প্ৰাণ হেৰুৱাইছে, মুঠ মৃতকৰ সংখ্যা ৮৮৪লৈ বৃদ্ধি পাইছে।

অসমজুৰি কেইবাখনো জিলাৰ ৰোগীয়ে প্ৰাণ হেৰুৱাইছে।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।

সোমবাৰলৈকে অসমত ৮৭৫গৰাকী ক’ভিড ৰোগীয়ে প্ৰাণ হেৰুৱাইছিল।

বিপৰীতে ১,৭৩,২১০গৰাকী ব্যক্তিয়ে অসমত সোমবাৰলৈকে ক’ভিডৰ পৰা আৰোগ্য লাভ কৰিছে।

অসমত সোমবাৰে সক্ৰিয় ক’ভিড ৰোগীৰ সংখ্যা আছিল ২৭,৩১৯ (।)

মুঠ ২,০১,৪০৭গৰাকী ব্যক্তি অসমত সোমবাৰলৈকে ক’ভিড পজিটিভ চিনাক্ত হৈছে।

ইয়াৰে তিনিগৰাকী আন ঠাইলৈ স্থানান্তৰিত হৈছে।

Related News