• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাজ্যিক উদ্ভাৱনী আৰু ৰূপান্তৰ আয়োগৰ জাৰ্নেল উন্মোচন কৰিলে মুখ্যমন্ত্ৰীয়ে

ৰাজ্যখনৰ আৰ্থ-সামাজিক সৱলীকৰণৰ দিশত অগ্ৰণী ভূমিকা পালনৰ বাবে ৰাজ্যিক উদ্ভাৱনী আৰু ৰূপান্তৰ আয়োগক আহ্বান মুখ্যমন্ত্ৰীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
October 20, 2020 9:25 pm
Sarbananda-Sonowal-Assam-CM-750x375
390
VIEWS
Share on FacebookShare on Twitter

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি তেখেতৰ চৰকাৰী বাসভৱনত ৰাজ্যিক উদ্ভাৱনী আৰু ৰূপান্তৰ আয়োগৰ উপাধ্যক্ষ দীপক কুমাৰ বৰঠাকুৰ তথা আয়োগৰ দুগৰাকী উপদেষ্টা ভ্ৰমে ডঃ মৃদুল হাজৰিকা আৰু ডঃ কে এম বুজৰবৰুৱাৰ উপস্থিতিত আয়োগৰ দ্বাৰা প্রকাশ কৰা জাৰ্নেলৰ দ্বিতীয় খণ্ড উন্মোচন কৰে।

“থট্‌ প্রচেছ : পইণ্টছ্‌ টু প’ণ্ডাৰ” নামৰ আজি উন্মোচন কৰা জাৰ্নেলখনৰ জৰিয়তে পাঠকৰ মাজত সমাজৰ নিম্নস্তৰৰ জনসাধাৰণৰ আৰ্থ-সামাজিক উন্নয়ন তথা তেওঁলোকৰ জীৱনৰ মানদণ্ড উন্নীতকৰণৰ দিশত উদ্ভাৱনীমূলক চিন্তা-চৰ্চ্চা গঢ় দিয়াৰ প্রয়াস চলোৱা হৈছে।

ৰাজ্যিক উদ্ভাৱনী আৰু ৰূপান্তৰ আয়োগক তেওঁলোকৰ জাৰ্নেলৰ দ্বিতীয় খণ্ড মুকলি কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰি মুখ্যমন্ত্ৰীয়ে আয়োগৰ উপাধ্যক্ষগৰাকীক ৰাজ্যখনৰ অগ্ৰাধিকাৰৰ খণ্ডসমূহ চিনাক্ত কৰি উন্নয়নৰ ধাৰা ত্বৰান্বিত কৰাৰ দিশত ৰাজ্য চৰকাৰক পাৰদৰ্শী পৰামৰ্শ আগবঢ়োৱাৰ বাবে আহ্বান জনায়।

মুখ্যমন্ত্ৰীয়ে লগতে কয় যে সমগ্ৰ দেশৰ লগতে ৰাজ্যখনতো কোভিড-১৯ অতিমাৰীয়ে উন্নয়নৰ গতি কিছু মন্থৰ কৰিছে যদিও এই মন্থৰতাক গতিশীলতালৈ ৰূপান্তৰ কৰাৰ দিশত চৰকাৰক পথ নিৰ্দেশনা প্রদানৰ বাবে ৰাজ্যিক উদ্ভাৱনী আৰু ৰূপান্তৰ আয়োগে অগ্ৰণী ভূমিকা পালন কৰিব লাগিব।

মুখ্যমন্ত্ৰীয়ে ৰাজ্যিক উদ্ভাৱনী আৰু ৰূপান্তৰ আয়োগক ডিজিটেল সৱলীকৰণ বিশেষকৈ গ্ৰামাঞ্চলত ডিজিটেল সৱলীকৰণৰ পদক্ষেপ ল’বলৈও আহ্বান জনায়।

এই প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয় যে কোভিড-১৯এ সৃষ্টি কৰা এই জটিল সময়ত ছাত্ৰ-ছাত্ৰীসকলে পৰম্পৰাগত শিক্ষা ব্যৱস্থাৰ পৰা বঞ্চিত হোৱাৰ পৰিপ্ৰেক্ষিতত ডিজিটেল প্ৰযুক্তিগত শৈক্ষিক ব্যৱস্থাই এক বিকল্প হিচাপে পৰিগণিত হৈছে।

মুখ্যমন্ত্ৰীয়ে ৰাজ্যিক উদ্ভাৱনী আৰু ৰূপান্তৰ আয়োগক গ্ৰামাঞ্চলৰ শিক্ষানুষ্ঠানকসমূহক ডিজিটেল প্ৰযুক্তিৰে সৱলীকৰণৰ দিশত পদক্ষেপ লোৱাৰ বাবে আহান জনায়।

মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনৰ সকলো শ্ৰেণীৰ জনসাধাৰণৰ আৰ্থ-সামাজিক উন্নয়নৰ দিশত উদ্ভাৱনীমলুক পদক্ষেপ লোৱাৰ দিশত অগ্ৰণী ভূমিকা পালন কৰাৰ বাবেও ৰাজ্যিক উদ্ভাৱনী আৰু ৰূপান্তৰ আয়োগক আহ্বান জনায়।

Recent News

ভাৰ্চুৱেল শুনানিৰ সময়ত বিয়েৰত চুমুক! অধিবক্তাৰ বিৰুদ্ধে আদালত অৱমাননাৰ গোচৰ ৰুজু

ভাৰ্চুৱেল শুনানিৰ সময়ত বিয়েৰত চুমুক! অধিবক্তাৰ বিৰুদ্ধে আদালত অৱমাননাৰ গোচৰ ৰুজু

জলবায়ু পৰিৱৰ্তনৰ বাবে স্থানান্তৰিত হ’বলৈ বাধ্য হ’ল প্ৰাচীন হিমালয়ৰ গাঁও ছামজুং

জলবায়ু পৰিৱৰ্তনৰ বাবে স্থানান্তৰিত হ’বলৈ বাধ্য হ’ল প্ৰাচীন হিমালয়ৰ গাঁও ছামজুং

গুৱাহাটী বিশ্ববিদ্যালয়ত ‘পেছাৰ বাবে প্ৰস্তুতি’ শীৰ্ষক অনুষ্ঠানৰ সামৰণি

গুৱাহাটী বিশ্ববিদ্যালয়ত ‘পেছাৰ বাবে প্ৰস্তুতি’ শীৰ্ষক অনুষ্ঠানৰ সামৰণি

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে বিৰোধী দলবোৰক একত্ৰিত কৰিবলৈ উদ্যোগী ছোনিয়া গান্ধী

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে বিৰোধী দলবোৰক একত্ৰিত কৰিবলৈ উদ্যোগী ছোনিয়া গান্ধী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd