• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ইন্দোৰত দূষিত খোৱাপানীত নলাৰ বেক্টেৰিয়া! কমেও ৯ জনৰ মৃত্যু: তদন্তত আলোড়ন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 2, 2026 11:36 am
9
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

একেৰাহে আঠবাৰ ভাৰতৰ আটাইতকৈ পৰিষ্কাৰ চহৰৰ খিতাপ দখল কৰিছে। কিন্তু জনস্বাস্থ্য সেৱাৰ ক্ষেত্ৰত এক বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হৈছে মধ্যপ্ৰদেশৰ বাণিজ্যিক ৰাজধানী ইন্দোৰে। দূষিত খোৱাপানী খোৱাৰ ফলত সমগ্ৰ মহানগৰীত ডায়েৰিয়াৰ ভয়াৱহ প্ৰাদুৰ্ভাৱ ঘটিছে।

প্ৰশাসনে প্ৰদান কৰা তথ্য অনুসৰি এই সংক্ৰমণৰ বাবে এতিয়ালৈকে কমেও ৯ জন লোকৰ মৃত্যু হৈছে আৰু আক্ৰান্তৰ সংখ্যাই ১৪০০ অতিক্ৰম কৰিছে।

Apply Now

তদন্তত ইন্দোৰৰ ভাগীৰথপুৰা অঞ্চলৰ মূল খোৱাপানী যোগান পাইপলাইনত ফুটা বা লিক হোৱাৰ বাবে পানী দূষিত হোৱা বুলি জানিব পৰা গৈছে। চাঞ্চল্যকৰ তথ্যটো হ’ল পাইপলাইন লিক হোৱা ঠাইখনৰ ঠিক ওপৰত এটা শৌচাগাৰ নিৰ্মাণ কৰা হৈছিল। ফলত শৌচাগাৰৰ পৰা ওলোৱা আৱৰ্জনাবোৰ খোৱাপানীৰ লগত পোনপটীয়াকৈ মিহলি হৈ এই ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হয়। পৰীক্ষাগাৰৰ প্ৰতিবেদনতো এই পানী দূষিত হোৱাটো নিশ্চিত কৰা হৈছে।

যোৱা আঠ দিনত মুঠ ১৪১৪ জন লোক আক্ৰান্ত হৈছে। বৰ্তমান ২০১ জন ৰোগী চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে, ইয়াৰে ৩২ জনৰ অৱস্থা সংকটজনক আৰু আই চি ইউত আছে। অঞ্চলটোৰ ১৭১৪টা ঘৰত স্বাস্থ্য বিভাগে এক সমীক্ষা চলাইছে। ৩৩৮ জন লোকৰ মৃদু লক্ষণ থকাৰ বাবে ঘৰতে প্ৰাথমিক চিকিৎসা প্ৰদান কৰা হৈছে।

মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন যাদৱে পৰিস্থিতিক ‘জৰুৰীকালীন’ বুলি অভিহিত কৰিছে। তেওঁ ব্যক্তিগতভাৱে চিকিৎসালয়সমূহ পৰিদৰ্শন কৰি ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ সৈতে বাৰ্তালাপ কৰে। তেওঁ কয় যে এই ঘটনাৰ বাবে দায়ীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

ৰাজ্যৰ অতিৰিক্ত মুখ্য সচিব সঞ্জয় ডুবেই কয় যে ভাগীৰথপুৰাৰ সমগ্ৰ পাইপলাইন নেটৱৰ্ক পৰীক্ষা কৰা হৈছে। যদিও অঞ্চলটোত বিশুদ্ধ পানী যোগান আৰম্ভ হৈছে, তথাপিও সতৰ্কতামূলক ব্যৱস্থা হিচাপে বাসিন্দাসকলক পানী উতলাবলৈ পৰামৰ্শ দিয়া হৈছে। এই ঘটনাৰ পৰা শিক্ষা লৈ সমগ্ৰ ৰাজ্যখনৰ বাবে এক নতুন ‘ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ’ (SOP) প্ৰস্তুত কৰা হৈছে।

ইপিনে, এই মৰ্মান্তিক ঘটনাক লৈ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে মধ্যপ্ৰদেশ চৰকাৰলৈ জাননী প্ৰেৰণ কৰিছে। অভিযোগ উত্থাপন হৈছে যে কেইবাদিনো ধৰি ভগীৰথপুৰাৰ ৰাইজে দূষিত পানী যোগানৰ অভিযোগ উত্থাপন কৰি আহিছিল যদিও প্ৰশাসনে কোনো গুৰুত্ব দিয়া নাছিল। এই গাফিলতিৰ ফলত ইমানবোৰ লোকৰ প্ৰাণ হেৰুৱাইছে নেকি সেই বিষয়ে আয়োগে তদন্ত কৰি আছে।

‘স্মাৰ্ট চিটি’ আৰু ইন্দোৰৰ দৰে পৰিষ্কাৰ চহৰৰ এনে ঘটনাই নগৰ উন্নয়ন আৰু আন্তঃগাঁথনি ৰক্ষণাবেক্ষণৰ ওপৰত ডাঙৰ প্ৰশ্নৰ উত্থাপন কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আলী খামেনেইৰ শেষকৃত্যলৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আমন্ত্ৰণ জনালে ইৰানৰ ৰাষ্ট্ৰপতিয়ে

আলী খামেনেইৰ শেষকৃত্যলৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আমন্ত্ৰণ জনালে ইৰানৰ ৰাষ্ট্ৰপতিয়ে

June 24, 2026 4:26 pm
অৰুণাচলত ভয়ংকৰ বান : নিপকো প্ৰকল্পৰ ১৫টাতকৈয়ো অধিক আৱাসিক গৃহ ধ্বংস; এগৰাকী মহিলা নিৰুদ্দেশ

অৰুণাচলত ভয়ংকৰ বান : নিপকো প্ৰকল্পৰ ১৫টাতকৈয়ো অধিক আৱাসিক গৃহ ধ্বংস; এগৰাকী মহিলা নিৰুদ্দেশ

June 24, 2026 2:53 pm
২০ মিনিটত এখন দুৱাৰ মেৰামতিৰ বাবে ৯৫০০ টকা! আমেৰিকাত থকা এগৰাকী ভাৰতীয় মহিলাই কি ক’লে জানেনে?

২০ মিনিটত এখন দুৱাৰ মেৰামতিৰ বাবে ৯৫০০ টকা! আমেৰিকাত থকা এগৰাকী ভাৰতীয় মহিলাই কি ক’লে জানেনে?

June 24, 2026 1:45 pm
আমেৰিকাত গোচৰ উঠাই লোৱাৰ পূৰ্বে ডনাল্ড ট্ৰাম্পৰ পুত্ৰৰ সৈতে গৌতম আদানিৰ গোপন বৈঠক, শ্বেয়াৰ বজাৰত আদানি গোটৰ উত্থান

আমেৰিকাত গোচৰ উঠাই লোৱাৰ পূৰ্বে ডনাল্ড ট্ৰাম্পৰ পুত্ৰৰ সৈতে গৌতম আদানিৰ গোপন বৈঠক, শ্বেয়াৰ বজাৰত আদানি গোটৰ উত্থান

June 24, 2026 12:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আলী খামেনেইৰ শেষকৃত্যলৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আমন্ত্ৰণ জনালে ইৰানৰ ৰাষ্ট্ৰপতিয়ে

আলী খামেনেইৰ শেষকৃত্যলৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আমন্ত্ৰণ জনালে ইৰানৰ ৰাষ্ট্ৰপতিয়ে

June 24, 2026 4:26 pm
অৰুণাচলত ভয়ংকৰ বান : নিপকো প্ৰকল্পৰ ১৫টাতকৈয়ো অধিক আৱাসিক গৃহ ধ্বংস; এগৰাকী মহিলা নিৰুদ্দেশ

অৰুণাচলত ভয়ংকৰ বান : নিপকো প্ৰকল্পৰ ১৫টাতকৈয়ো অধিক আৱাসিক গৃহ ধ্বংস; এগৰাকী মহিলা নিৰুদ্দেশ

June 24, 2026 2:53 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd