NORTHEAST NOW (Assamese)

ৰাজ্যত প্ৰশ্নকাকত ফাদিলৰ অভিযোগত নিলম্বিত ৯ গৰাকী অধ্যক্ষসহ এগৰাকী শিক্ষয়িত্ৰী

May 5, 2025 3:44 pm · এন ই নাও নিউজ, গুৱাহাটী

পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ দৰে গুৰুতৰ অভিযোগত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৰাজ্যৰ শিক্ষা বিভাগে। মাধ্যমিক শিক্ষা সঞ্চালক মমতা হোজাইৰ নিৰ্দেশত একেলগে ৯গৰাকী অধ্যক্ষ আৰু এগৰাকী বিষয় শিক্ষয়িত্ৰীক নিলম্বন কৰিছে। নিলম্বিতসকলৰ ভিতৰত আছে শোণিতপুৰৰ নাৰেংকাটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ডঃ ৰোহিত চন্দ্ৰ ৰাভা, নগাঁৱৰ পিএম শ্ৰী কঠিয়াতলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা সন্ধ্যা বেজবৰুৱা, গোৱালপাৰাৰ বগুৱান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী হিমানী দত্ত আৰু ধেমাজি, মাজুলী, ধুবুৰী, ৰঙিয়াৰ বিভিন্ন বিদ্যালয়ৰ অধ্যক্ষসকল। তৎকালীনভাবে এই নিলম্বন কাৰ্যকৰী কৰা হৈছে বুলি সদৰী কৰিছে শিক্ষাবিভাগে।

উল্লেখ্য যে শিক্ষা বিভাগে পূৰ্বে এই অভিযুক্তসকলক কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছিল যদিও নিলম্বিত অধ্যক্ষকেইগৰাকী আৰু শিক্ষয়িত্ৰীগৰাকীয়ে সন্তোষজনক উত্তৰ দিব নোৱাৰিলে। ফলত শিক্ষা বিভাগে তেওঁলোকক নিলম্বনৰ নিৰ্দেশ দিয়ে। অভিযোগ অনুসৰি শিক্ষা বিষয়ৰ প্ৰশ্নকাকত ফাদিল, ঐচ্ছিক অসমীয়া বিষয়ৰ প্ৰশ্নকাকত ফাদিল আৰু একাদশ শ্ৰেণীৰ প্ৰশ্নকাকতৰ সৈতে জড়িত অনিয়ম সংঘটিত কৰিছিল।

এই ঘটনাই শিক্ষা ব্যৱস্থাৰ স্বচ্ছতা আৰু নিৰপেক্ষতাৰ প্ৰতি গুৰুত্ব দিয়াৰ কথা পুনৰ সোঁৱৰাই দিছে। লগতে শিক্ষা বিভাগৰ এই কঠোৰ পদক্ষেপে পৰীক্ষা পদ্ধতিৰ পবিত্ৰতা ৰক্ষাৰ লক্ষ্যৰে ভৱিষ্যতেও অনিয়মৰ বিৰুদ্ধে কঠিন ব্যৱস্থা গ্ৰহণৰ বাৰ্তা প্ৰেৰণ কৰিছে।

Related News