• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বৰঙ্গাজুলি সত্ৰত পোন প্ৰথমবাৰৰ বাবে সত্ৰাধিকাৰ হ’ব বড়ো সম্প্ৰদায়ৰ এগৰাকী ব্যক্তি

  চাজিদ খান by চাজিদ খান
August 2, 2021 8:19 pm
kka
290
VIEWS
Share on FacebookShare on Twitter

বৰঙ্গাজুলি সত্ৰৰ সত্ৰাধিকাৰ হৰেকৃষ্ণ মহন্ত আতাৰ মৃত্যুৰ পিছত পোন প্ৰথমবাৰৰ বাবে সত্ৰাধিকাৰ হ’ব বড়ো সম্প্ৰদায়ৰ নিৰঞ্জন বড়ো।

এই কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

১৮ জুলাইত ৯৭ বছৰ বয়সত বৰঙ্গাজুলি সত্ৰৰ সত্ৰাধিকাৰ ভকত শিৰোমণি হৰেকৃষ্ণ মহন্ত আতাই ইহলীলা সম্বৰণ কৰে।

ডিমাকুছিৰ বৰঙ্গাজুলি সত্ৰত সোমবাৰে উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ।

মুখ্যমন্ত্ৰী গৰাকীয়ে বৰঙ্গাজুলি সত্ৰত পদাৰ্পণ কৰাৰ লগে লগে হৰি নাম ধ্বনিৰে মুখৰিত হৈ পৰে সত্ৰৰ চৌহদ।

সত্ৰত উপস্থিত হৈয়ে হৰেকৃষ্ণ মহন্ত আতাৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে মুখ্যমন্ত্ৰীয়ে।

শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিয়ে সত্ৰৰ মূল নামঘৰত চাকি বন্তি জ্বলাই ভক্তসকলৰ সৈতে নাম কীৰ্তনত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

নাম কীৰ্তনত ভাগ লৈ পোনে পোনে গৈ হৰেকৃষ্ণ মহন্ত আতাৰ সমাধিস্থলীত মাল্যাৰ্পণ কৰে ।

হৰেকৃষ্ণ মহন্ত আতাৰ মৃত্যু হ’লেও তেখেতক কেনেকৈ শ্ৰদ্ধা নিবেদন কৰিব পৰা যায় তথা তেখেতৰ আদৰ্শ, অনুপ্ৰেৰণাক নৱ প্ৰজন্মৰ মাজত কিদৰে জীয়াই ৰাখিব পাৰি সেই বিষয়েও চিন্তা চৰ্চা কৰা হ’ব বুলি তেওঁ জনায়।

সত্ৰ উন্নয়ন কৰাৰ ক্ষেত্ৰতো বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ লগতে সত্ৰ  পৰিচালনা সমিতিৰ লগত আলোচনা কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে কয়।

সত্ৰখন ৰক্ষণাবেক্ষণ কৰা তথা সংৰক্ষণ কৰাৰ ক্ষেত্ৰত চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব বুলি তেওঁ আশ্বাস দিয়ে ।

তেওঁ লগতে কয় যে ৩৩ খন সত্ৰৰ প্ৰতিষ্ঠাপক তথা সকলো জাতি-জনগোষ্ঠীক একতাৰ দোলেৰে বান্ধি ৰখা ভকত শিৰোমণি হৰেকৃষ্ণ মহন্ত আতাৰ আদৰ্শৰে অনুপ্ৰাণিত নিৰঞ্জন বড়োক সত্ৰখনৰ সত্ৰাধিকাৰৰ দায়িত্ব অৰ্পণ কৰা হ’ব ।

নিৰঞ্জন বড়োৱে হৰেকৃষ্ণ মহন্ত আতাৰ আধৰুৱা কামসমূহ সুচাৰুৰূপে পৰিচালনা কৰিব  পাৰিব বুলি আশা প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd