পুনৰ নিৰ্বাচনী বণ্ড অনাৰ পৰিকল্পনা কৰিছে মোদী চৰকাৰে; ন-ৰূপ দিয়াৰ পোষকতা নিৰ্মলা সীতাৰমণৰ

পুনৰ প্ৰেক্ষাপটত নিৰ্বাচনী বণ্ডৰ প্ৰসংগ৷কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে শুকুৰবাৰে (১৯ এপ্ৰিল) কয় যে ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনত যদি ভাৰতীয় জনতা পাৰ্টি পুনৰ ক্ষমতালৈ আহে, তেন্তে সকলো অংশীদাৰৰ সৈতে আলোচনাৰ অন্তত যিকোনো ৰূপতে নিৰ্বাচনী বণ্ড আঁচনিৰ কথা বিবেচনা কৰা হ’ব। কোনো ৰূপত ঘূৰাই অনা নহ’ব।

হিন্দুস্তান টাইমছৰ প্ৰতিবেদন অনুসৰি, ফেব্ৰুৱাৰী মাহত উচ্চতম ন্যায়ালয়ে বাতিল কৰা এই বিতৰ্কিত ৰাজনৈতিক পুঁজিৰ আঁচনিখনৰ ওপৰত নিৰ্মলা সীতাৰমণে আস্থা প্ৰকাশ কৰিছিল। অৱশ্যে এই পৰিকল্পনাত কিছু পৰিৱৰ্তন আৱশ্যক বুলি তেওঁ স্বীকাৰ কৰে।

খবৰ অনুসৰি, এক সাক্ষাৎকাৰত সীতাৰমণে অৰ্থনীতিৰ অৱস্থা ২০২৪ চনৰ নিৰ্বাচনৰ বাবে অতি উপযোগী, মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণত ৰখাৰ কৃতিত্ব লৈ, দুৰ্নীতি আৰু উত্তৰ-দক্ষিণ বিভাজনৰ প্ৰচাৰৰ বাবে বিৰোধীক আক্ৰমণ কৰে, আৰু কয় যে স্থিতিশীলতা বজাই ৰাখিবলৈয়ো উপস্থাপন কৰা হৈছিল।

উল্লেখ্য যে ২০১৮ চনত প্ৰৱৰ্তন কৰা এই আঁচনিৰ অধীনত ভাৰতীয় ষ্টেট বেংকৰ যিকোনো শাখাৰ পৰা নিৰ্বাচনী বণ্ড ক্ৰয় কৰিব পৰা যাব। ভাৰতীয় সহযোগী কোম্পানীসমূহৰ জৰিয়তে কৰ্পৰেট আনকি বিদেশী সত্তাসমূহেও দিয়া অনুদানৰ ওপৰতো এই আঁচনিখনত ১০০ শতাংশ কৰ ৰেহাই দিয়াৰ বিপৰীতে বণ্ড লাভ কৰা বেংক আৰু ৰাজনৈতিক দলসমূহে দানকাৰীসকলৰ পৰিচয় গোপনীয় কৰি ৰাখিছিল।

১৫ ফেব্ৰুৱাৰীত উচ্চতম ন্যায়ালয়ৰ পাঁচজনীয়া সংবিধান বিচাৰপীঠে এই আঁচনি ‘অসাংবিধানিক’ বুলি নাকচ কৰিছিল কাৰণ ৰাজনৈতিক দলসমূহক দিয়া অনুদান সম্পূৰ্ণ গোপন কৰি ৰখা হৈছিল।

সীতাৰমণে স্বীকাৰ কৰে যে আঁচনিখনৰ কিছুমান দিশৰ উন্নতিৰ প্ৰয়োজন – উদাহৰণস্বৰূপে, ভাৰতীয় নিৰ্বাচন আয়োগ আৰু ভাৰতীয় ষ্টেট বেংকে ৰাজহুৱা কৰা তথ্যই দেখুৱাইছে যে শ্বেল কোম্পানী আৰু লোকচানৰ সন্মুখীন হোৱা কোম্পানীয়ে ৰাজনৈতিক দলসমূহক দান দিছে – কিন্তু তেওঁ কয় যে ‘উচিত পৰামৰ্শ’ৰ পাছত আঁচনিখন আন কোনো ৰূপত ঘূৰাই আনিব পৰা যাব।