• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ছাত্ৰৰ আত্মহত্যাক লৈ এতিয়াও উত্তপ্ত শিলচৰ NIT: ৰাষ্ট্ৰপতিলৈ পত্ৰ শিক্ষাৰ্থীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 20, 2023 8:32 am
NIT Silchar
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেম্পাছত এগৰাকী ছাত্ৰৰ আত্মহত্যাৰ ঘটনাক লৈ উত্তেজনা অব্যাহত আছে শিলচৰস্থিত ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান (NIT)ত। এই উত্তেজনাৰ মাজতে কাৰিকৰী শিক্ষা প্ৰতিষ্ঠানটোৰ ছাত্ৰ-ছাত্ৰীসকলে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুলৈ এক পত্ৰ প্ৰেৰণ কৰিছে।

তৃতীয় ষান্মাসিকৰ ছাত্ৰগৰাকীৰ আত্মহত্যাৰ পিছতে প্ৰতিষ্ঠানটোত ক্ৰমশ: বৃদ্ধি পোৱা উত্তেজনা আৰু হতাশাবোধৰ ফলশ্ৰুতিত এই মুকলি পত্ৰখন লিখা হৈছে বুলি উল্লেখ কৰিছে শিক্ষাৰ্থীসকলে।

Apply Now

পত্ৰখনত কোৱা হৈছে যে শৈক্ষিক প্ৰতিষ্ঠানটোৰ ভিতৰৰ পৰিস্থিতি এক আতংকজনক স্তৰলৈ বৃদ্ধি পাইছে, যাৰ বাবে সম্ভাৱ্য অত্যধিক ক্ষতি ৰোধ কৰিবলৈ ৰাষ্ট্ৰপতিগৰাকীৰ তাৎক্ষণিক হস্তক্ষেপৰ প্ৰয়োজন হৈছে।

লগতে প্ৰতিষ্ঠানটোৰ প্ৰশাসনিক কাৰ্যকলাপ আৰু মনোভাৱে NIT কেম্পাছটোক এক বিশৃংখল অৱস্থাত পেলাইছে আৰু ইয়াৰ ফলত ছাত্ৰ-ছাত্ৰীৰ মাজত ব্যাপক ক্ষোভৰ সৃষ্টি হৈছে বুলিও পত্ৰখনত উল্লেখ কৰা হৈছে।

ইফালে পত্ৰখনত একাডেমিক ডিনগৰাকীয়ে কাৰ্যকালৰ আৰম্ভণিৰে পৰাই ছাত্ৰ-ছাত্ৰীক হাৰাশাস্তি কৰি আহিছে বুলিও অভিযোগ কৰা হৈছে। শিক্ষাৰ্থীসকলৰ দাবী, ইয়াৰ দ্বাৰা সঞ্চালক দিলীপ কুমাৰ বৈদ্য কাৰ্যত: দুৰ্ভাগ্যজনকভাৱে ব্যৰ্থ হৈছে বুলি স্পষ্ট হৈছে।

উল্লেখ্য যে, NIT-শিলচৰৰ বৈদ্যুতিক অভিযান্ত্ৰিক বিভাগৰ তৃতীয় ষান্মাসিকৰ ছাত্ৰ অৰুণাচল প্ৰদেশৰ কোজ বুকেৰৰ আত্মহত্যাক কেন্দ্ৰ কৰি প্ৰতিষ্ঠানটোত ব্যাপক প্ৰতিবাদৰ সূচনা হৈছিল।

পৰীক্ষাত উত্তীৰ্ণ হোৱাত বিফল হোৱাৰ লগতে বেক পেপাৰ ক্লিয়াৰ কৰিব নোৱাৰাৰ বাবে তেওঁ আত্মহত্যাৰ পথ বাচি লৈছিল।বুকেৰে কলেজ কৰ্তৃপক্ষক পৰৱৰ্তী ছেমিষ্টাৰৰ বাবে পঞ্জীয়নৰ অনুমতি দিবলৈ অনুৰোধ কৰিছিল যদিও তেওঁৰ অনুৰোধ নাকচ কৰা বুলি জানিব পৰা গৈছে।

বুকাৰৰ মৃত্যুৰ পিছতে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ব্যাপক ক্ষোভৰ সৃষ্টি হয়। বুকাৰৰ প্ৰতি কলেজ প্ৰশাসনে সংবেদনহীন আচৰণ কৰা আৰু তেওঁক প্ৰয়োজনীয় সহায় আগবঢ়োৱাত ব্যৰ্থ হৈছে বুলি দাবী কৰে শিক্ষাৰ্থীসকলে।

লগতে প্ৰশাসনে নতুন নীতি-নিৰ্দেশনা প্ৰৱৰ্তন কৰাৰ অভিযোগ উত্থাপন কৰি ছাত্ৰ-ছাত্ৰীসকলে ইয়াৰ বিৰুদ্ধে সৰৱ হৈ পৰে। তদুপৰি প্ৰতিষ্ঠানটোৰ ডীনৰ পদত্যাগৰ দাবী জনাইছে ছাত্ৰ-ছাত্ৰীসকলে।

আনহাতে নিহত কোজ বুকাৰৰ পৰিয়ালক আৰ্থিক সাহায্যৰ ৰূপতে হওক বা আইনী সাহায্যৰ ৰূপতে হওক, উপযুক্ত ক্ষতিপূৰণ প্ৰদান কৰিবলৈও শিক্ষাৰ্থীসকলে NIT প্ৰশাসনক দাবী জনাইছে।

তদুপৰি প্ৰতিবাদৰ সৈতে জড়িত কোনো ছাত্ৰ-ছাত্ৰীৰ বিপক্ষে যিকোনো শাস্তিমূলক ব্যৱস্থা গ্ৰহণ তথা কোনো ধৰণৰ আইনী প্ৰক্ৰিয়াৰ যাতে সন্মুখীন হ’ব নালাগে, তাৰ বাবেও শিক্ষাৰ্থীসকলে দাবী তুলিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ই ২০ পেট্ৰ’লে ৫ শতাংশ হ্ৰাস কৰে বাহনৰ মাইলেজ; অৱশেষত স্বীকাৰ কৰিলে পেট্ৰলিয়াম মন্ত্ৰালয়ে

ই ২০ পেট্ৰ’লে ৫ শতাংশ হ্ৰাস কৰে বাহনৰ মাইলেজ; অৱশেষত স্বীকাৰ কৰিলে পেট্ৰলিয়াম মন্ত্ৰালয়ে

July 11, 2026 9:44 am
অভিনেতা ৰাজপাল যাদৱক ৩ মাহৰ কাৰাদণ্ড; চেক বাউন্স গোচৰত দিল্লী উচ্চ ন্যায়ালয়ে দিলে ৰায়

অভিনেতা ৰাজপাল যাদৱক ৩ মাহৰ কাৰাদণ্ড; চেক বাউন্স গোচৰত দিল্লী উচ্চ ন্যায়ালয়ে দিলে ৰায়

July 11, 2026 8:52 am
শেষ মুহূৰ্তত মেৰিনোৰ নিৰ্ণায়ক গ’ল; বেলজিয়ামক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিলে স্পেইনে

শেষ মুহূৰ্তত মেৰিনোৰ নিৰ্ণায়ক গ’ল; বেলজিয়ামক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিলে স্পেইনে

July 11, 2026 7:39 am
১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ই ২০ পেট্ৰ’লে ৫ শতাংশ হ্ৰাস কৰে বাহনৰ মাইলেজ; অৱশেষত স্বীকাৰ কৰিলে পেট্ৰলিয়াম মন্ত্ৰালয়ে

ই ২০ পেট্ৰ’লে ৫ শতাংশ হ্ৰাস কৰে বাহনৰ মাইলেজ; অৱশেষত স্বীকাৰ কৰিলে পেট্ৰলিয়াম মন্ত্ৰালয়ে

July 11, 2026 9:44 am
অভিনেতা ৰাজপাল যাদৱক ৩ মাহৰ কাৰাদণ্ড; চেক বাউন্স গোচৰত দিল্লী উচ্চ ন্যায়ালয়ে দিলে ৰায়

অভিনেতা ৰাজপাল যাদৱক ৩ মাহৰ কাৰাদণ্ড; চেক বাউন্স গোচৰত দিল্লী উচ্চ ন্যায়ালয়ে দিলে ৰায়

July 11, 2026 8:52 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd