• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ছাত্ৰৰ আত্মহত্যাক লৈ এতিয়াও উত্তপ্ত শিলচৰ NIT: ৰাষ্ট্ৰপতিলৈ পত্ৰ শিক্ষাৰ্থীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 20, 2023 8:32 am
NIT Silchar
10.1k
VIEWS
Share on FacebookShare on Twitter

কেম্পাছত এগৰাকী ছাত্ৰৰ আত্মহত্যাৰ ঘটনাক লৈ উত্তেজনা অব্যাহত আছে শিলচৰস্থিত ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান (NIT)ত। এই উত্তেজনাৰ মাজতে কাৰিকৰী শিক্ষা প্ৰতিষ্ঠানটোৰ ছাত্ৰ-ছাত্ৰীসকলে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুলৈ এক পত্ৰ প্ৰেৰণ কৰিছে।

তৃতীয় ষান্মাসিকৰ ছাত্ৰগৰাকীৰ আত্মহত্যাৰ পিছতে প্ৰতিষ্ঠানটোত ক্ৰমশ: বৃদ্ধি পোৱা উত্তেজনা আৰু হতাশাবোধৰ ফলশ্ৰুতিত এই মুকলি পত্ৰখন লিখা হৈছে বুলি উল্লেখ কৰিছে শিক্ষাৰ্থীসকলে।

পত্ৰখনত কোৱা হৈছে যে শৈক্ষিক প্ৰতিষ্ঠানটোৰ ভিতৰৰ পৰিস্থিতি এক আতংকজনক স্তৰলৈ বৃদ্ধি পাইছে, যাৰ বাবে সম্ভাৱ্য অত্যধিক ক্ষতি ৰোধ কৰিবলৈ ৰাষ্ট্ৰপতিগৰাকীৰ তাৎক্ষণিক হস্তক্ষেপৰ প্ৰয়োজন হৈছে।

লগতে প্ৰতিষ্ঠানটোৰ প্ৰশাসনিক কাৰ্যকলাপ আৰু মনোভাৱে NIT কেম্পাছটোক এক বিশৃংখল অৱস্থাত পেলাইছে আৰু ইয়াৰ ফলত ছাত্ৰ-ছাত্ৰীৰ মাজত ব্যাপক ক্ষোভৰ সৃষ্টি হৈছে বুলিও পত্ৰখনত উল্লেখ কৰা হৈছে।

ইফালে পত্ৰখনত একাডেমিক ডিনগৰাকীয়ে কাৰ্যকালৰ আৰম্ভণিৰে পৰাই ছাত্ৰ-ছাত্ৰীক হাৰাশাস্তি কৰি আহিছে বুলিও অভিযোগ কৰা হৈছে। শিক্ষাৰ্থীসকলৰ দাবী, ইয়াৰ দ্বাৰা সঞ্চালক দিলীপ কুমাৰ বৈদ্য কাৰ্যত: দুৰ্ভাগ্যজনকভাৱে ব্যৰ্থ হৈছে বুলি স্পষ্ট হৈছে।

উল্লেখ্য যে, NIT-শিলচৰৰ বৈদ্যুতিক অভিযান্ত্ৰিক বিভাগৰ তৃতীয় ষান্মাসিকৰ ছাত্ৰ অৰুণাচল প্ৰদেশৰ কোজ বুকেৰৰ আত্মহত্যাক কেন্দ্ৰ কৰি প্ৰতিষ্ঠানটোত ব্যাপক প্ৰতিবাদৰ সূচনা হৈছিল।

পৰীক্ষাত উত্তীৰ্ণ হোৱাত বিফল হোৱাৰ লগতে বেক পেপাৰ ক্লিয়াৰ কৰিব নোৱাৰাৰ বাবে তেওঁ আত্মহত্যাৰ পথ বাচি লৈছিল।বুকেৰে কলেজ কৰ্তৃপক্ষক পৰৱৰ্তী ছেমিষ্টাৰৰ বাবে পঞ্জীয়নৰ অনুমতি দিবলৈ অনুৰোধ কৰিছিল যদিও তেওঁৰ অনুৰোধ নাকচ কৰা বুলি জানিব পৰা গৈছে।

বুকাৰৰ মৃত্যুৰ পিছতে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ব্যাপক ক্ষোভৰ সৃষ্টি হয়। বুকাৰৰ প্ৰতি কলেজ প্ৰশাসনে সংবেদনহীন আচৰণ কৰা আৰু তেওঁক প্ৰয়োজনীয় সহায় আগবঢ়োৱাত ব্যৰ্থ হৈছে বুলি দাবী কৰে শিক্ষাৰ্থীসকলে।

লগতে প্ৰশাসনে নতুন নীতি-নিৰ্দেশনা প্ৰৱৰ্তন কৰাৰ অভিযোগ উত্থাপন কৰি ছাত্ৰ-ছাত্ৰীসকলে ইয়াৰ বিৰুদ্ধে সৰৱ হৈ পৰে। তদুপৰি প্ৰতিষ্ঠানটোৰ ডীনৰ পদত্যাগৰ দাবী জনাইছে ছাত্ৰ-ছাত্ৰীসকলে।

আনহাতে নিহত কোজ বুকাৰৰ পৰিয়ালক আৰ্থিক সাহায্যৰ ৰূপতে হওক বা আইনী সাহায্যৰ ৰূপতে হওক, উপযুক্ত ক্ষতিপূৰণ প্ৰদান কৰিবলৈও শিক্ষাৰ্থীসকলে NIT প্ৰশাসনক দাবী জনাইছে।

তদুপৰি প্ৰতিবাদৰ সৈতে জড়িত কোনো ছাত্ৰ-ছাত্ৰীৰ বিপক্ষে যিকোনো শাস্তিমূলক ব্যৱস্থা গ্ৰহণ তথা কোনো ধৰণৰ আইনী প্ৰক্ৰিয়াৰ যাতে সন্মুখীন হ’ব নালাগে, তাৰ বাবেও শিক্ষাৰ্থীসকলে দাবী তুলিছে।

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd