টকাৰ বাহাদুৰী! ৩ লাখ টকীয়া কাপত চাহ খায় নীতা আম্বানীয়ে! কিয় এই কাপটোৰ ইমান দাম?

ফটোন সংগ্ৰহীত।

তেওঁৰ স্বামী মুকেশ আম্বানী। কোৱা বাহুল্য যে তেওঁ দামী বস্তু ব্যৱহাৰ কৰিবই পাৰে। কিন্তু নীতা আম্বানীয়ে চাহ খোৱা কাপটোৰ দাম ৩ লাখ টকা। মাত্ৰ এটা কাপৰ দাম ইমান হোৱাটো সম্ভৱনে? সেই ৩ লাখ কাপত কি আছে? চাও আহক।

মাত্ৰ এটা চাহৰ কাপ, তাৰ দাম তিনি লাখ টকা। কোৱা বাহুল্য যে এনে কাপত কোনো সাধাৰণ মানুহে চাহ নাখায়। কিন্তু নীতা আম্বানীয়ে এই চাহকাপ খাই দিনটোৰ আৰম্ভণি কৰে। কেৱল সেয়াই নহয়, শুনা যায় যে তেওঁ খোৱা পানীৰ দামো লক্ষাধিক টকা।

লগতে পঢ়ক: মনত ৰাখিব! চতুৰ মানুহ তেৱেঁই যিয়ে এই তিনিটা কথা গোপনে ৰাখিব পাৰে

অৱশ্যে, যাৰ স্বামী মুকেশ আম্বানী, তেওঁৰ বাবে ইমান বিলাসীতা কিনো ডাঙৰ কথা! গোটেই আম্বানী পৰিয়ালটো গাড়ী, ঘৰ আৰু চৰম প্ৰাচুৰ্যৰ মাজত আৱদ্ধ হৈ আছে। অৱশ্যে বহুতে কল্পনা নকৰে যে তেওঁ খোৱা চাহকাপটোৰ দাম ইমান হ’ব পাৰে। কিন্তু সেই কাপটোত কি আছে, যাৰ বাবে আকাশলংঘী দাম?

দৰাচলতে এই কাপটো জাপানৰ এটা অতি পুৰণি কোম্পানীত তৈয়াৰ কৰা হয়। সেই দেশত নিৰ্মিত কাপ প্লেট ইতিমধ্যে সমগ্ৰ বিশ্বতে বিখ্যাত। তদুপৰি, এই কাপটো তাৰ আটাইতকৈ পুৰণি আৰু জনপ্ৰিয় কোম্পানীবোৰৰ ভিতৰত এটাই নিৰ্মাণ কৰিছে।

কেৱল সেয়াই নহয়, গোটেই কাপটো সোণৰ পাতেৰে ঢাকি থোৱা আছে। লগতে প্লেটিনাম তাঁৰৰ সৈতে মিহি কাৰুকাৰ্য্য খচিত। এনে বহুমূলীয়া ধাতুৰে নিৰ্মিত কাপৰ দাম ৩ লাখ হোৱাটো স্বাভাৱিক।

লগতে পঢ়ক:সংঘাতৰ মাজতে পুটিনৰ নতুন ডিক্রী; অধিকৃত ভূখণ্ডৰ পৰা ইউক্ৰেইনীয় নাগৰিকক কৰিব পাৰিব বহিষ্কাৰ

কিন্তু এই দাম মাত্ৰ এটা কাপৰ বাবে। কাপৰ চেট এটা কিনিব বিচাৰিলে ডেৰ কোটি টকা খৰচ কৰিব লাগিব। এই টকাৰে চাহ একাপ কিনাটো কোনো সাধাৰণ মানুহৰ বাবে অসম্ভৱ। কিন্তু আম্বানী পৰিয়ালে তেনে কথা সহজতেই ভাবিব পাৰে।

ইয়াতেই শেষ নহয়। শুনা যায় যে নীতা আম্বানীয়ে সাধাৰণ পানী নাখায়। তেওঁ পানীয় হিচাপে ব্যৱহাৰ কৰা পানীৰ দামো লক্ষাধিক টকা। লগতে কাপোৰ-কানি আৰু অলংকাৰ আদিতো আছেই।

কেইদিনমান আগতে পাৰিবাৰিক অনুষ্ঠানত নীতা আম্বানীক এসাজ জকমকীয়া পোছাক পিন্ধা দেখা গৈছিল। পিছত গম পোৱা গ’ল যে সেই পোছাকৰ দাম ৯০ কোটি টকা। সেই পোছাকৰ ওপৰত বহুতো বহুমূলীয়া ৰত্ন খচিত কৰা আছিল।

লগতে পঢ়ক:অৱশেষত ন্যায়! যৌন নিৰ্যাতনৰ অভিযোগত বিজেপি সাংসদৰ বিৰুদ্ধে FIR দিল্লী আৰক্ষীৰ

ইয়াৰ বাহিৰেও তেওঁ অলংকাৰ হিচাপে কি পিন্ধে সেয়া কোৱা নিস্প্ৰয়োজন। কোটি টকাতকৈও অধিক মূল্যৰ সকলোবোৰ। কিন্তু তেওঁৰ চাহৰ কাপটোও যে ইমান দামী, সেইটো গম পোৱাৰ পাছত বহুতেই আচৰিত হৈ পৰিছে।