বিহাৰৰ মন্ত্ৰী নীতিন নবীন বিজেপিৰ নতুন সৰ্বভাৰতীয় সভাপতি হিচাপে নিৰ্বাচিত হৈছে। কোনো প্ৰতিদ্বন্দ্বী নথকাৰ বাবে সোমবাৰে তেওঁ এই গুৰুত্বপূৰ্ণ পদটো সহজেই লাভ কৰে।
মাত্ৰ ৪৫ বছৰ বয়সতে দলৰ শীৰ্ষ নেতৃত্বৰ আসনত অধিষ্ঠিত নীতিনে ২০ জানুৱাৰী অৰ্থাৎ আজি (মঙলবাৰ)ৰ পৰা আনুষ্ঠানিকভাৱে কাৰ্যভাৰ গ্ৰহণ কৰিব। দিল্লীস্থিত বিজেপিৰ মুখ্য কাৰ্যালয়ত পুৱা ১১.৩০ বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ উপস্থিতিত শপত গ্ৰহণ কৰিব। খবৰ অনুসৰি এই অনুষ্ঠানত অমিত শ্বাহ আৰু ৰাজনাথ সিঙকে ধৰি দলৰ কেন্দ্ৰীয় নেতৃত্বও উপস্থিত থাকিব।
জে পি নাড্ডা বহু বছৰ ধৰি বিজেপিৰ সৰ্বভাৰতীয় সভাপতি হিচাপে কাম কৰি আহিছে। কাৰ্যকাল শেষ হোৱাৰ পূৰ্বে যোৱা ডিচেম্বৰ মাহত নীতিন নবীনক কাৰ্যকৰী সভাপতি হিচাপে নিযুক্তি দিয়া হৈছিল। তেতিয়াৰ পৰাই ৰাজনৈতিক মহলত তেওঁ পৰৱৰ্তী সভাপতি হ’ব বুলি তীব্ৰ জল্পনা-কল্পনাৰ সৃষ্টি হৈছে। সেই ধাৰণা অৱশেষত সঁচা হৈ পৰিল।
জানিব পৰা মতে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজেই নীতিনৰ নামটো দলটোৰ নেতৃত্বৰ বাবে পৰামৰ্শ দিছিল। পিছত ৰাজ্যিক সভাপতিসকলে দাখিল কৰা মনোনয়নৰ ভিত্তিত সোমবাৰে আনুষ্ঠানিকভাৱে তেওঁক বিজয়ী ঘোষণা কৰা হয়।
বিজেপিৰ ৰাষ্ট্ৰীয় ৰিটাৰ্নিং বিষয়া কে লক্ষ্মণে এক প্ৰেছ বিবৃতিত কয় যে ৩৬ খন ৰাজ্যৰ নিৰ্বাচিত সভাপতিৰ ভিতৰত ৩০ গৰাকীয়ে নীতিনৰ নাম সমৰ্থন কৰে। তেওঁৰ পক্ষত মুঠ ৩৭খন মনোনয়ন দাখিল কৰা হৈছিল, আৰু সেই সকলোবোৰ বৈধ বুলি ঘোষণা কৰা হৈছিল। মনোনয়ন প্ৰত্যাহাৰৰ সময়সীমা শেষ হোৱাৰ পিছতে নিশ্চিত হ’ল – নীতিন নবীন দলৰ সৰ্বভাৰতীয় সভাপতি হিচাপে বিনা প্ৰতিদ্বন্দ্বিতা নিৰ্বাচিত হৈছে।
বিহাৰৰ ৰাজনীতিত নীতিনৰ স্থিতি যথেষ্ট শক্তিশালী। দীৰ্ঘদিন ধৰি তেওঁ নীতিশ কুমাৰৰ মন্ত্ৰীসভাৰ গুৰুত্বপূৰ্ণ সদস্য হিচাপে কাম কৰি আহিছে। শেহতীয়া বিহাৰ বিধানসভা নিৰ্বাচনত তেওঁ পাটনাৰ বাংকিপুৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি আৰজেডি নেত্ৰী ৰেখা কুমাৰীক ৫১ হাজাৰৰো অধিক ভোটত পৰাস্ত কৰিছিল। বৰ্তমান তেওঁ বিহাৰত কেবিনেট মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।
বিশ্লেষকসকলৰ মতে নীতিন নবীনৰ ৰাজনৈতিক জীৱনৰ এই নতুন অধ্যায়টোৱে বিজেপিৰ ভৱিষ্যতৰ দিশত ডাঙৰ ভূমিকা পালন কৰিব। নাড্ডাৰ পিছত দলৰ নেতৃত্বই কোন দিশত আগবাঢ়িব সেয়া হ’ব লক্ষ্যণীয়।





