বিৰোধীৰ সদন ত্যাগঃ আস্থা ভোটত জয় লাভ নীতিশ কুমাৰৰ

Bihar Floor Test Nitish Kumar

বিহাৰ বিধানসভাত আস্থা ভোটত জয়েৰে নিজৰ পথ মুকলি কৰিছে নীতিশ কুমাৰে। আকস্মিকভাৱে ‘মহাগথবন্ধন’ ত্যাগ কৰি পুনৰ এন ডি এৰ সংগলৈ উভতা নীতিশ কুমাৰে ১৩০ গৰাকী বিধায়কৰ সমৰ্থন লাভ কৰি আস্থা ভোটত জয়লাভ কৰে।

আনহাতে নীতিশ কুমাৰৰ পুৰণি চৰকাৰৰ সংগী দল আৰজেডি, কংগ্ৰেছ আৰু বাওঁপন্থী দলে সদন ত্যাগ কৰে। লক্ষণীয়ভাৱে প্ৰাক্তন উপ মুখ্যমন্ত্ৰী তেজস্বী যাদৱৰ দল আৰজেডিৰ পৰাও তিনিগৰাকী বিধায়কৰ পৰা সমৰ্থন লাভ কৰে।

ইফালে আস্থা ভোটৰ পূৰ্বে মুখ্যমন্ত্ৰী নীতিশ কুমাৰক তীক্ষ্ণ সমলোচনা কৰে তেজস্বী যাদৱে। নীতিশ কুমাৰক ব্যংগ কৰি যাদৱে লগতে প্ৰধানমন্ত্ৰী মোদীয়ে নীতিশ কুমাৰে যে পুনৰ লুটিবাগৰ নামাৰিব, তাৰ নিশ্চয়তা দিব পাৰিবনে বুলি মন্তব্য কৰে।

নীতিশ কুমাৰে পদত্যাগ কৰি ৰাজভৱনৰ পৰা ওলাই অহাৰ সময়ত ‘মহাগথবন্ধন’ত মন ভৰা নাছিল বুলি কৰা মন্তব্যকো তীব্ৰ ভাষাৰে নিন্দা কৰে তেজস্বী যাদৱে। কুমাৰৰ এই মন্তব্যৰ উত্তৰত যাদৱে ‘আমি নাচ-গান কৰিবলৈ আছো নেকি’ বুলি প্ৰশ্ন কৰে।

উল্লেখ্য যে আস্থা ভোটৰ পূৰ্বে অৱধ বিহাৰী চৌধুৰীক বিহাৰ বিধানসভাৰ অধ্যক্ষ পদৰ পৰা অপসাৰণ কৰা হৈছিল। শাসক পক্ষই অধ্যক্ষ চৌধুৰীৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ উত্থাপন কৰাৰ পিছত ১২৫ জন সদস্যই এই প্ৰস্তাৱৰ সমৰ্থনত ভোটদান কৰে।