চতুৰ্থ বাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী হ’ব নীতিশ কুমাৰ, কাইলৈ শপতগ্ৰহণৰ সম্ভাৱনা

নীতিশ কুমাৰ

অৱশেষত সকলো জল্পনা-কল্পনাৰ অৱসান ঘটাই বিহাৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাবে এনডিএই নীতিশ কুমাৰকে নিৰ্বাচন কৰিছে।

আজি অনুষ্ঠিত এনডিএৰ বৈঠকত নীতিশ কুমাৰকে বিহাৰৰ মুখমন্ত্ৰী হিচাবে নিৰ্বাচিত কৰা হয়।

নীতিশ কুমাৰে কাইলৈ চতুৰ্থবাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী হিচাবে শপতগ্ৰহণ কৰাৰ সম্ভাৱনা থকা বুলি জনতা দল ইউনাইটেডৰ এগৰাকী মুখপাত্ৰই প্ৰকাশ কৰিছে।

বিহাৰ বিধান সভাৰ নিৰ্বাচনৰ পূৰ্বে এনডিএই ঘোষণা কৰিছিল যে বিহাৰত এনডিএৰ নেতৃত্বত গঠন হ’বলগীয়া চৰকাৰৰ পৰৱৰ্তী গৰাকী মুখ্যমন্ত্ৰী নীতিশ কুমাৰেই হ’ব ।

কিন্তু নীতিশ কুমাৰ পুনৰ বিহাৰৰ মুখ্যমন্ত্ৰী হোৱাৰ বিষয়টোকলৈ নামি আহিছিল জটিলতা।

এনে সময়তে কালি নীতিশ কুমাৰে এইবুলি ঘোষণা কৰিছিল যে বিহাৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ’ব সেয়া ১৫ নৱেম্বৰত এনডিএই নিশ্চিত কৰিব।

১৫ নৱেম্বৰৰ দিনা দিনৰ ১২.৩০ বজাত অনুষ্ঠিত হ’বলগীয়া এনডিএৰ বৈঠকতে বিহাৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ’ব সেই বিষয়ত সিদ্ধান্ত লোৱা হ’ব বুলি কুমাৰে প্ৰকাশ কৰিছিল।

উল্লেখ্য এইবাৰ বিহাৰ বিধানসভাৰ নিৰ্বাচনত এনডিএই লাভ কৰিছে মুঠ ১২৫ খন আসন। ইয়াৰে ৭৪ খন আসন লাভ কৰিছে বিজেপিয়ে আৰু ৪৩ খন আসন লাভ কৰিছে জনতা দল ইউনাইটেডে।

২৪৩ জনীয়া বিহাৰ বিধান সভাত চৰকাৰ গঠন কৰিব পৰাকৈ এনডিএৰ প্ৰয়োজনতকৈ ৩ খন আসন বেছি আছে।