নীতিশ-লালুৰ বন্ধুত্বৰ অৱসান? ভাঙোনৰ মুখত মহা জোঁটবন্ধন; নিজ নিজ বৈঠকত ব্যস্ত লালু-চিৰাগ

লোকসভা নিৰ্বাচনৰ আগমুহূৰ্তত ভাৰত মিত্ৰজোঁটৰ (INDIA Alliance) ডাঙৰ বিভাজনৰ সম্ভাৱনাই দেখা দিছে। পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে অকলে যুঁজ দিয়াৰ কথা কৈছে। আনহাতে, পঞ্জাৱৰ আপ চৰকাৰেও কংগ্ৰেছক আসন এৰি দিবলৈ অনিচ্ছুক। এই অস্থিৰ পৰিস্থিতিত আৰু এটা ডাঙৰ জোকাৰণিৰ দিশে আগবাঢ়িছে ইণ্ডিয়া মিত্ৰজোঁট।

ইণ্ডিয়া মিত্ৰজোঁট ভাঙি যাব পাৰে, কিয়নো মূল কাণ্ডাৰী নীতিশ কুমাৰে মিত্ৰতা এৰিব পাৰে। বিহাৰত যি মিত্ৰজোঁট চৰকাৰ চলি আছে, তাতো পুনৰ মিত্ৰতা সলনি কৰিব পাৰে বিহাৰৰ মুখ্যমন্ত্ৰীয়ে। এনে জল্পনা-কল্পনাই বিহাৰৰ ৰাজ্য ৰাজনীতি উত্তাল কৰি ৰাখিছে।

সূত্ৰসমূহৰ পৰা জানিব পৰা মতে, শেহতীয়াকৈ নীতিশে পৰিবাৰতন্ত্ৰক আক্ৰমণ কৰিছিল, তাৰ পিছত এই বিভাজন গভীৰ হৈ পৰিল।

নীতিশ কুমাৰ শিৱিৰ সলনিত বিশেষজ্ঞ। সময়ৰ লগে লগে মিত্ৰতা সলনি কৰাটো তেওঁৰ নীতিয়েই হৈ আহিছে। সেইবাবেই সমালোচকে তেওঁক কটুভাৱে ‘পাল্টিৰাম’ বুলিও কয়। বিহাৰৰ বিগত বিধানসভা নিৰ্বাচনত বিজেপিয়ে বাস্তৱিকতে মিত্ৰতাৰ পৰা জেডিইউক একাষৰীয়া কৰি পেলাইছিল।

মুখ্যমন্ত্ৰীৰ পদ পোৱাৰ পিছতো সুখী নাছিল নীতিশ কুমাৰ। ২০২২ চনত তেওঁ বিহাৰত এন ডি এৰ মিত্ৰজোঁট ত্যাগ কৰে। কংগ্ৰেছকে ধৰি ১৯টা দলৰ সৈতে RJD-য়ে মহাজোঁট গঠন কৰিছিল। কিন্তু এবছৰৰ ভিতৰতে মিত্ৰতাত ভাঙোন আহিল। মহাজোঁটবনধন এৰিবলৈ সাজু হৈছে নীতিশ কুমাৰ।

মিত্ৰতা ভংগৰ জল্পনা-কল্পনা আৰম্ভ হোৱাৰ পিছৰে পৰা মিত্ৰজোঁটৰ অংশীদাৰসকলৰ মাজত খৰখেদা আৰম্ভ হৈছে। বৃহস্পতিবাৰে আৰজেডি নেতা লালু প্ৰসাদ যাদৱে দলৰ শীৰ্ষ নেতাসকলৰ সৈতে জৰুৰী বৈঠক আহ্বান কৰে। লালুৱে বিহাৰ বিধানসভাৰ অধ্যক্ষ আৱধ বিহাৰী চৌধুৰীক ফোন কৰে। আনহাতে উপাধ্যক্ষ মহেশ্বৰ হাজৰিয়ে পূৰ্বতে নিৰ্ধাৰিত বিদেশ ভ্ৰমণৰ সময়সূচী বাতিল কৰে।

ইপিনে, নীতিশ কুমাৰেও বৃহস্পতিবাৰে জেডিইউৰ নেতাসকলৰ সৈতে বৈঠকত বহে। অৱশ্যে সেই বৈঠকত কি আলোচনা হৈছিল সেয়া জানিব পৰা হোৱা নাই। নিশা চিৰাগ পাছৱানে এলজেপি নেতাসকলৰ সৈতে জৰুৰী বৈঠকত মিলিত হয়।

সূত্ৰ অনুসৰি, সুশীল মোডীকো জৰুৰীভাৱে দিল্লীলৈ মাতি অনা হয়। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে তেওঁৰ সৈতে সাক্ষাৎ কৰে। এই বৈঠকৰ পাছতেই নীতিশৰ এন ডি এলৈ ঘূৰি অহাৰ জল্পনা-কল্পনা বৃদ্ধি পাইছে৷ লোকসভাৰ আগতে নীতিশে পুনৰ মিত্ৰতাৰ নাও সলনি কৰিব নে নাই সেয়া লক্ষণীয়  হৈ পৰিছে।