• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মাত্ৰ ২৬ ছেকেণ্ডতে ইস্তাহাৰ মুকলি মঞ্চ ত্যাগ নীতিশৰ; নতুন ‘জুমলা’ক লৈ কটাক্ষ বিৰোধীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 1, 2025 11:24 am
20
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মাত্ৰ ২৬ ছেকেণ্ড! সম্ভৱতঃ স্বাধীন ভাৰতৰ ৰাজনৈতিক ইতিহাসৰ আটাইতকৈ চুটি নিৰ্বাচনী ইস্তাহাৰ মুকলিৰ অনুষ্ঠান। শুকুৰবাৰে পুৱা পাটনাত অবিৰত বৰষুণত এন ডি এৰ নিৰ্বাচনী ইস্তাহাৰ মুকলিৰ মঞ্চত উপস্থিত থাকে সকলো মিত্ৰজোঁটৰ অংশীদাৰৰ নেতা। জগত প্ৰকাশ নড্ডা, চিৰাগ পাছৱান, উপেন্দ্ৰ কুশৱাহা, জিতন ৰাম মাঝি আৰু ল্বয়ং নীতিশ কুমাৰ।

ইস্তাহাৰৰ পুস্তিকাখন হাতত লৈ ফটো ছেছনৰ চিৰাচৰিত পৰম্পৰাও পালন কৰা হৈছিল। সেই ফটোখনৰ জৰিয়তে মিত্ৰজোঁটৰ ঐক্যৰ বাৰ্তা প্ৰেৰণৰ এক আতুৰ প্ৰয়াস কৰা হৈছিল। কিন্তু ঐক্যটো দূৰৰ কথা! বৰঞ্চ দূৰত্বৰ আভাস দি মাত্ৰ ২৬ ছেকেণ্ডতে মঞ্চৰ পৰা নামি গ’ল নীতিশ কুমাৰ। কিছু বিমোৰত পৰা জগত প্ৰকাশ নড্ডা আৰু আন নেতাসকলেও তেওঁৰ পিছে পিছে যাবলৈ বাধ্য হ’ল।

Apply Now

সংবাদ মাধ্যমে স্তম্ভিত হৈ পৰাৰ বিপৰীতে বিৰোধী দলসমূহে প্ৰত্যাশিতভাৱে উল্লাসিত হৈ পৰিল।পৰিস্থিতি চম্ভালিবলৈ মঞ্চত কোনে আছিল? উপ-মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰী! তেওঁ সাংবাদিকসকলৰ প্ৰশ্নৰ উত্তৰ দিবলৈ চেষ্টা কৰিছিল। কিন্তু তেতিয়ালৈকে ইতিমধ্যে ক্ষতি হৈ গৈছিল। আচল খবৰটো হ’ল নীতিশ কুমাৰে স্পষ্টকৈ কৈছে যে তেওঁ একেবাৰেই সন্তুষ্ট নহয়। সহজ ভাষাত ক’বলৈ গ’লে এন ডি এত সকলো ঠিকেঠাকে চলা নাই!

নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশৰ মূল লক্ষ্য হ’ল হেডলাইন মেনেজমেণ্ট! অৰ্থাৎ আগন্তুক পাঁচ বছৰত যিবোৰ মনমোহা প্ৰতিশ্ৰুতি দিয়া হ’ব সেইবোৰ বিষয়ে সংবাদ মাধ্যম আৰু সাধাৰণ ৰাইজৰ মাজত চৰ্চা চলিব। ইস্তাহাৰখন সন্মুখত ৰাখিয়েই মিত্ৰজোঁটৰ অংশীদাৰৰ নেতাসকলে ভাষণ দিব। বিশেষকৈ যত উপস্থিত ২০ বছৰ ধৰি ক্ষমতাত থকা মুখ্যমন্ত্রী তথাকথিত ‘সুশাসন বাবু’! নীতিশ বাবু।

কিন্তু ৰাজনৈতিক মহলে কেতিয়াও দেখা নাই যে মাত্ৰ ২৬ ছেকেণ্ডতে এটা বাক্যও উচ্চাৰণ নকৰাকৈ ইস্তাহাৰ মুকলি কৰা হৈ গৈছে। এন ডি এৰ ইস্তাহাৰত কি আছে? এক কোটি চাকৰি, যাক বিৰোধীয়ে নতুন জুমলা বুলি অভিহিত কৰিছে। কাৰণ, ২০২০ চনত বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰত ১৯ লাখ চাকৰিৰ ব্যৱস্থা কৰা হ’ব বুলি কোৱা হৈছিল। ২০২৫ চনৰ ইস্তাহাৰতো কোৱা হৈছে, ১২৫ ইউনিট বিনামূলীয়া বিদ্যুৎ, ৫ লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসা। ৫০ লাখ নতুন আৱাসগৃহ। মহিলাসকলক আৰ্থিক সাহায্য।

কংগ্ৰেছৰ অশোক গেহলট বা আৰজেডিৰ তেজস্বী যাদৱ বা জন সূৰজৰ প্ৰশান্ত কিশোৰে এই ইস্তাহাৰক প্ৰায় একে সুৰতে বিহাৰৰ জনসাধাৰণৰ সৈতে কেৱল প্ৰতাৰণা বুলি অভিহিত কৰিছে। তেওঁলোকে কয়, ২০ বছৰ ক্ষমতাত থকা এজন মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনত কেৱল ইস্তাহাৰ প্ৰকাশ কৰিব কিয়? তেওঁ আৰু তেওঁৰ মিত্ৰজোঁটৰ চৰকাৰে বিগত ২০ বছৰত কি কৰা হৈছে তাক দেখুৱাই এখন ৰিপৰ্ট কাৰ্ড মুকলি কৰাৰহে কথা। যদি তেওঁলোকে এতিয়াও কি কৰা হ’ব তাকেই কৈ আছে, তেন্তে এইটো স্পষ্ট যে এই সকলোবোৰ প্ৰৱঞ্চনা। যদিও এই সকলোবোৰ ছপা হৈ গোটেই দিনটো বিহাৰত চৰ্চা হৈ আহিছে, তথাপিও নীতিশ কুমাৰে এটা শব্দও উচ্চাৰণ নকৰিলে কিয়? ২০২০ চনত যেতিয়া ইস্তাহাৰ প্ৰকাশ পাইছিল, তেতিয়া ঘোষণা কৰা হৈছিল যে আগন্তুক পাঁচ বছৰলৈ নীতিশ মুখ্যমন্ত্ৰী হ’ব। কিন্তু এইবাৰ তেনেকুৱা নহ’ল। এনে প্ৰশ্নৰ উত্থাপন হ’ব পাৰে বুলিয়েই এন ডি এৰ নেতাসকলে সংবাদ মাধ্যমৰ পৰা পলাই গ’ল নেকি? নে নিৰ্বাচন আৰম্ভ হোৱাৰ আগতেই নীতিশে খেল দেখুৱাবলৈ আৰম্ভ কৰিলে?

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“মোক আটক কৰা হোৱা নাছিল, অপহৰণ কৰিছিল আৰক্ষীয়ে!’’ মুকলি হৈ মোদী চৰকাৰৰ একনায়কত্বক লৈ সৰৱ ধ্ৰুৱ ৰাঠী

“মোক আটক কৰা হোৱা নাছিল, অপহৰণ কৰিছিল আৰক্ষীয়ে!’’ মুকলি হৈ মোদী চৰকাৰৰ একনায়কত্বক লৈ সৰৱ ধ্ৰুৱ ৰাঠী

October 11, 2026 2:19 pm
বেৰিকেড আঁতৰাওক, দিল্লীত মেট্ৰ’-ইণ্টাৰনেট আৰম্ভ কৰক; নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

বেৰিকেড আঁতৰাওক, দিল্লীত মেট্ৰ’-ইণ্টাৰনেট আৰম্ভ কৰক; নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

October 11, 2026 1:24 pm
কেন্দ্ৰীয় প্ৰশাসনত ডাঙৰ সালসলনি! দেশৰ নতুন উপ-নিৰ্বাচন আয়ুক্ত পদত প্ৰকাশ ৰাজপুৰোহিত

কেন্দ্ৰীয় প্ৰশাসনত ডাঙৰ সালসলনি! দেশৰ নতুন উপ-নিৰ্বাচন আয়ুক্ত পদত প্ৰকাশ ৰাজপুৰোহিত

October 11, 2026 12:30 pm
শ্ৰেণীকোঠাতে গানৰ আড্ডা! ছাত্ৰৰ তকলা মূৰত তবলা বজাই নিজৰ বিপদ মাতি আনিলে শিক্ষকে

শ্ৰেণীকোঠাতে গানৰ আড্ডা! ছাত্ৰৰ তকলা মূৰত তবলা বজাই নিজৰ বিপদ মাতি আনিলে শিক্ষকে

October 11, 2026 11:42 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“মোক আটক কৰা হোৱা নাছিল, অপহৰণ কৰিছিল আৰক্ষীয়ে!’’ মুকলি হৈ মোদী চৰকাৰৰ একনায়কত্বক লৈ সৰৱ ধ্ৰুৱ ৰাঠী

“মোক আটক কৰা হোৱা নাছিল, অপহৰণ কৰিছিল আৰক্ষীয়ে!’’ মুকলি হৈ মোদী চৰকাৰৰ একনায়কত্বক লৈ সৰৱ ধ্ৰুৱ ৰাঠী

October 11, 2026 2:19 pm
বেৰিকেড আঁতৰাওক, দিল্লীত মেট্ৰ’-ইণ্টাৰনেট আৰম্ভ কৰক; নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

বেৰিকেড আঁতৰাওক, দিল্লীত মেট্ৰ’-ইণ্টাৰনেট আৰম্ভ কৰক; নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

October 11, 2026 1:24 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd