বুধবাৰে বিয়লি পাটনাত অনুষ্ঠিত এন ডি এৰ বৈঠকত সৰ্বসন্মতিক্ৰমে নীতিশ কুমাৰক বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচন কৰা হয়।
দশম বাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব নীতিশ কুমাৰে।
বৃহস্পতিবাৰে পুৱা ১১:৩০ বজাত পাটনাৰ ঐতিহাসিক গান্ধী ময়দানত অনুষ্ঠিত হ’ব শপতগ্ৰহণ অনুষ্ঠান।
প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ লগতে কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় মন্ত্ৰীয়েও এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব।





