নির্বাচনৰ মাজতে নীতিশ কুমাৰৰ জেডিইউৰ নেতাক গুলীয়াই হত্যা! তদন্ত অব্যাহত আৰক্ষীৰ

মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ সৈতে জেডিইউ নেতা সৌৰভ কুমাৰ। ফটোঃ সংগ্ৰহীত।

বিহাৰৰ পাটনাত জনতা দল ইউনাইটেডৰ (ডেডিইউ) এজন নেতাক গুলীয়াই হত্যা কৰা হৈছে। লোকসভা নিৰ্বাচনৰ মাজতে এই ঘটনাই ৰাজ্যখনত আলোড়নৰ সৃষ্টি কৰিছে। আৰক্ষীয়ে সকলো দিশ চোৱাচিতা কৰি তদন্ত আৰম্ভ কৰিছে।

বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ দল জেডিইউৰ যুৱনেতা সৌৰভ কুমাৰে বুধবাৰে নিশা পাটনাত এক অনুষ্ঠানৰ পৰা ঘৰলৈ উভতি আহিছিল। বাইকত তেওঁৰ লগত আছিল এজন সংগী। হঠাৎ চাৰিজন আক্ৰমণকাৰীয়ে সৌৰভক ঘেৰি ধৰি গুলীচালনা আৰম্ভ কৰে।

সৌৰভৰ ওপৰত তিনিটা আৰু সংগীজনৰ ওপৰত দুটা গুলীচালনা কৰা হয়। ঘটনাস্থলীতে দুয়োজনে লুটি খাই পৰে। দুয়োকে চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে সৌৰভক মৃত বুলি ঘোষণা কৰে। আনজন ব্যক্তিৰ অৱস্থা সংকটজনক।

লগতে পঢ়কঃ অসমৰ কাৰাগাৰৰ পৰা পঞ্জাৱত লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব অমৃতপল সিঙে

আৰক্ষীৰ মতে, সৌৰভৰ মূৰ আৰু ডিঙিত গুলী লাগিছিল। অৱশ্যে তেওঁক কিয় হত্যা কৰা হ’ল সেয়া এতিয়াও স্পষ্ট হোৱা নাই। আৰক্ষীয়ে হত্যাকাণ্ডৰ আঁৰৰ ৰাজনৈতিক আৰু ব্যৱসায়িক দুয়োটা সম্পৰ্কৰ ওপৰত চকু ৰাখিছে।

স্থানীয় অঞ্চলটোৰ চিচিটিভি ফুটেজ তদন্ত কৰি বাইকখনত থকা চাৰি দুৰ্বৃত্তক বিচাৰি উলিয়াবলৈ অভিযান অব্যাহত আছে। এই প্ৰসংগত পাটনাৰ আৰক্ষী অধীক্ষক ভাৰত ছোনীয়ে কয় যে আমি সকলো দিশৰ ওপৰত চকু ৰাখি তদন্ত চলাই আছো।

বুধবাৰে নিশা এই ঘটনা পোহৰলৈ অহাৰ লগে লগে বিহাৰৰ বিভিন্ন অঞ্চলত জেডিইউৰ নেতা কৰ্মীসকলে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আৰম্ভ কৰে। নীতিশৰ দলৰ কৰ্মীসকলে হত্যাকাৰীক শীঘ্ৰে বিচাৰি উলিয়াই উপযুক্ত শাস্তি প্ৰদান কৰিবলৈ দাবী জনায়।

লগতে পঢ়কঃ কোটাক মহিন্দ্ৰা বেংকৰ ওপৰত ডাঙৰ নিষেধাজ্ঞা জাৰি কৰিলে আৰবিআইয়ে!

ইপিনে, লালুপ্ৰসাদ যাদৱৰ কন্যা মিছা ভাৰতী নিশাই নিহত জেডিইউ কৰ্মীজনৰ ঘৰলৈ যায়। তেওঁ শোকসন্তপ্ত পৰিয়ালটোক শোক প্ৰকাশ কৰি তেওঁলোকৰ কাষত থিয় দিয়াৰ আশ্বাস দিয়ে।